এনেকুৱা মানুহৰ পৰা কোনো ব্যক্তি দূৰ হ'ব নোৱাৰে। যিয়ে আপোনাৰ বাবে তল পৰি দিয়ে সি অকল আপোনাক ভাল পোৱাই নহয় সন্মানো কৰে। ( Assamese Fact )
আপুনি কাৰোবাক ভাল পালে এইটো নিবিচাৰিব যে সিও আপোনাক ভাল পাব লাগে। সি নাপাবও পাৰে। চেষ্টা কৰক ইমান মৰম কৰিবলৈ যাতে সি আপোনাৰ সলনি বেলেগৰ মৰমেই ভাল নাপায়।
সকলো সময়তে কাৰোবাৰ কথা মনত পৰা তাৰ বিষয়ে ভবা তাৰ ধ্যান ৰখা এইবোৰ অকল বন্ধুত্ব নহয় প্ৰেম হয়।
প্ৰেম সেইয়াহে যি যিমান ব্যস্ত হ'লেও সময় উলিয়াব পাৰে।সময় থাকোঁতেই প্ৰেম বুজি পাব লাগে। অন্যথা বহু দেৰি হৈ যাব পাৰে আৰু তেতিয়ালৈ প্ৰেম নাথাকিব পাৰে। বহুত অভিযোগ থাকে জীৱনক লৈ কিন্তু কাৰোবাক লগ পোৱাৰ পাছত সেইবোৰ নাইকীয়া হৈ পৰে।
কোনোবাই যদি আপোনাক এৰি যায় তেতিয়া এনেকুৱা কিবা কৰক যাতে সি আকৌ আপোনাক দেখি ৰৈ যায়। জীৱনৰ হাত নাই। কিন্তু কেতিয়াবা কেতিয়াবা ই ইমান জোৰে থাপৰ মাৰে যে গোটেই জীৱন মনত ৰৈ যায়।
অহংকাৰ আৰু সংস্কাৰৰ মাজত বহুত পাৰ্থক্য আছে।অহংকাৰে আনক তল পেলাই সুখী হয় আৰু সংস্কাৰে নিজেই তল পৰি সুখী হয়।
দূৰ্বল ব্যক্তিৰ লগত কৰা শত্ৰুতা সকলোতকৈ ভয়ানক হয়। কাৰণ সি সেই সময়ত আঘাত কৰে যেতিয়া আমি নাভাবোয়ে।
কাৰোবাক দুখীয়া বুলি ভাবি সম্পৰ্ক নাভাঙিব । কাৰণ যিমান মান-সন্মান দুখীয়া মানুহৰ ঘৰত পোৱা যায়, সিমান ধনী মানুহৰ ঘৰত পোৱা নাযায়। আপোন মানুহ বাবে চিন্তা হৃদয়ত হয় ,শব্দত নহয়। ( Assamese Fact )
আপোন মানুহ বাবে খঙ শব্দত হয় ,হৃদয়ত নহয়।ভাগ্যত নাই বুলি কান্দি লাভ নাই । কৰ্ম কৰক, ভাগ্যৰ দুৱাৰ খোল খাই গৈ থাকিব।
সম্পৰ্ক জোৰ কৰি নহয় , প্ৰেম আৰু মৰমেৰে বান্ধি ৰখা হয়। পানীত পৰিলে মানুহৰ মৃত্যু নহয় । মৃত্যু তেতিয়াহে হয়, যেতিয়া সাঁতুৰিব নাজানে। পৰিস্থিতি কেতিয়াও সমস্যা হৈ নপৰে । সমস্যা তেতিয়াহে হয় যেতিয়া আমি তাক সমাধান কৰিব নোৱাৰোঁ।
তেওঁলোকৰ কথাত মন নিদিব যিয়ে আপোনাৰ কথা মনে মনে বেয়াকে পাতে। ইয়াৰ অৰ্থ এইটো যে আপুনি তেওঁলোকতকৈ দুখোজ আগবাঢ়ি আছে।
সফলতা আৰু অসফলতা দুয়োটা সময়তে মানুহে তোমাৰ কথা পাতিব ।সফল হ'লে প্ৰেৰণা ৰূপত আৰু অসফল হ'লে শিক্ষা ৰূপত...। পৃথিৱীত কিবা ভাল চিন্তা কৰিবলৈ হ'লে প্ৰথমতে আনৰ কথা বেয়াকৈ ভাবিবলৈ বন্ধ কৰিব লাগিব।
সকলোৱে ক'ব হাৰ মানি লোৱা। কিন্তু হৃদয়ে কয় আৰু এবাৰ চেষ্টা কৰা তুমি কৰিব পাৰিবা। জ্ঞান এনেকুৱা এটা বস্তু যিয়ে কেতিয়াও ,ক'তো মানুহৰ লগ নেৰে।
কিছুমান ব্যক্তিয়ে কয় মই তোমাক উপদেশ এই কাৰণে দিয়া নাই যে মই তোমাতকৈ বেছি বুজি পাওঁ।এই কাৰণে দিছোঁ কাৰণ মই তোমাতকৈ জীৱনত বেছি ভুল কৰিছোঁ।
এটা কথা মনত ৰাখক সুখত সকলোৱে লগ দিয়ে । কিন্তু দুখত অকল ভগৱানেহে লগ দিয়ে। অকল উশাহ লৈ থকাকে জীৱন বুলি নকয়। চকুত কিবা সপোন আৰু হৃদয়ত আশা থকাতোঁ ও জৰুৰী।
মানুহে যিমান সোনকালে বেয়া পায় ।কিন্তু সিমান সোনকালে কথা মানি নলয়।যদি আপুনি সেই সময়ত হাঁহিব পাৰে যেতিয়া আপুনি একেবাৰে ভাগি গৈছে। তেতিয়া এইটো জানি লওঁক যে পৃথিৱীৰ যিকোনো শক্তিয়ে এতিয়া আপোনাক আৰু ভাঙিব নোৱাৰে।
ভুল সেইজনে কৰে যিয়ে কষ্ট বা কৰ্ম কৰে । অকৰ্মী সকলৰতো সদায় আনৰ ভুল হিচাপ কৰোঁতেই যায়। নিজৰ জীৱনত সেইজন মানুহে সফল যিয়ে ভাগি যোৱাক বনাব আৰু অভিমান কৰাক মনাব পাৰে।
মোৰ কিবা ভুল হ'লে মোক ক'ব লাগে,আনক নহয়। কাৰণ শুধৰণি মই হ'ম বেলেগ নহয়।যিয়ে জীৱনত একো বস্তুয়ে লুভ নকৰে। সি জীৱনত সকলো কাম দায়িত্ব আৰু কৰ্তব্যৰে পালন কৰে।
সত্যয়ে বিচাৰে মোক সকলোৱে চিনি পাওঁক। কিন্তু মিছাই বিচাৰে মোক কোনেও চিনি নাপাওঁক।যেতিয়া প্ৰেম আৰু ঘৃণা দুয়োটায়ে নাথাকে। তেতিয়া সকলো বস্তু স্পষ্ট আৰু চফা হৈ পৰে।
আলোচনাৰ পৰা যিসকলে ভয় নকৰে , তেওঁলোকহে জীৱনত আগবাঢ়ি যাব পাৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
Nicely written
ReplyDelete