নিজকে কেনেদৰে সলনি কৰিব এই কাহিনীৰ জৰিয়তে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 21, 2022

নিজকে কেনেদৰে সলনি কৰিব এই কাহিনীৰ জৰিয়তে জানি লওঁক : Assamese Fact

Assamese Fact


কেতিয়াবা আপুনি নিজক সলনি কৰিবলৈ বহুত চেষ্টা কৰে কিন্তু আপুনি নিজক সলনি কৰিব নোৱাৰে। কেতিয়াবা আপুনি আনকো সলনি কৰিবলৈ চেষ্টা কৰে কিন্তু সেই চেষ্টা সফল নহয়। ( Assamese Fact )

 

ইয়াৰ অন্তৰালত কি কাৰণ লুকাই থাকিব পাৰে জানো আঁহক এটি কাহিনীৰ আধাৰত । 


এবাৰ এজন ৰজাৰ দৰবাৰত এজন ব্যক্তি উপস্থিত হল। আৰু কবলৈ ধৰিলে তেওঁক যিকোনো প্ৰকাৰে কাম দিবলৈ। ৰজাই কলে আপোনাৰ এনে কি গুণ আছে যাৰ কাৰণে মই মোৰ দৰবাৰত আপোনাক কাম দিব লাগে। তেতিয়া ব্যক্তিজনে কলে মই আপুনাৰ যিকোনো সমস্যা ততালিকে সমাধান কৰিব পাৰিম। মই যিকোনো জন্তু বা ব্যক্তিক চাই তেওঁৰ বিষয়ে সঁচা কব পাৰোঁ।


ৰজাৰ বিশ্বাস নহল যদিও তেওঁক কামত ৰাখিলে। তেওঁৰ কথাৰ প্ৰমাণ উলিয়াবলৈ ৰজাই ব্যক্তিজনক ঘোঁৰাহালৰ দায়িত্ব দিলে। কেইদিনমানৰ পিছত ৰজাই ভাবিলে ব্যক্তি জনৰ প্ৰমাণ লোৱা যায়। তাৰপিছত ৰজাই তেওঁৰ ঘোঁৰা হাললৈ গৈ তেওঁক কলে যে এইটো মোৰ আটাইতকৈ দামী ঘোঁৰা আৰু মই ইয়াক বহুত কষ্টৰে নিজৰ কৰিছো। তেতিয়া ব্যক্তিজনে কলে, "ক্ষমা কৰিব মহাৰাজ, আপুনি এই ঘোঁৰাটো কষ্টেৰে নিজৰ কৰিছে হয় কিন্তু ই এটা নকল ঘোঁৰা।

ই আপোনাৰ প্ৰজাতিৰ ঘোঁৰা নহয়।"


তাৰপিছত ৰজাই তেওঁৰ কথা শুনি চিন্তিত হৈ ভাবিলে যিটো ঘোঁৰাৰ কাৰণে মই ইমান টকা খৰচ কৰিলো সেই ঘোঁৰাটোকে নকল ঘোঁৰা কৈছে। ৰজাই যিজন ব্যক্তিৰ পৰা ঘোঁৰাটো কিনিছিল সেই ব্যক্তিজনৰ ওচৰলৈ গল আৰু ঘোঁৰাটোৰ বিষয়ে সুধিলে। ব্যক্তিজনে প্ৰথমে মান্তি হোৱা নাছিল যদিও পিছত ৰজাই ডিঙি কটা ভয় দেখুওৱালত ব্যক্তিজনে সঁচা কথা কবলৈ বাধ্য হল। তেওঁ কলে, "মহাৰাজ, মোক ক্ষমা কৰক। ঘোঁৰাটো ভাল প্ৰজাতিৰে আছিল কিন্তু ইয়াৰ মাঁকে ইয়াক জন্ম দিয়ে মৃত্যু হল আৰু মই এই ঘোঁৰাটো বচাবলৈ গৰুৰ লগত ৰাখি দিলো। গাইজনীৰ লগতে এই ঘোঁৰাটো লাহে লাহে ডাঙৰ হল আৰু যেতিয়াই আপুনি মোৰ ওচৰত ঘোঁৰা বিচাৰি আহিছিল মই ইয়াক আপোনাৰ হাতত দি দিলো। "ৰজাই এইকথা শুনি ক্ৰোধিত হল কিন্তু সুখীও হল তেওঁ প্ৰমাণ সত্যত পৰিনত হল। ঘূৰি আহি ৰজাই উৎফুল্লিত হৈ ব্যক্তিজনক বহু পুৰস্কাৰ দিলে। ( Assamese Fact )


কেইদিনমানৰ পিছত ৰজাই ভাবিলে ৰাণীৰ মনৰ ভাব জনা যায়। এই ভাবি তেওঁ পুনৰ ব্যক্তিজনৰ ওচৰলৈ গল আৰু কলে মোক ৰাণীৰ বিষয়ে কওক। ব্যক্তিজনে কলে মই সকলো কম কিন্তু আপুনি খং নকৰিব মহাৰাজ। ব্যক্তিজনে কলে আপোনাৰ ৰানী উচ্চ বংশৰ নহয়, তেওঁ একেবাৰে দৰিদ্ৰ ঘৰৰ। ৰজাই এইকথা শুনি ক্ৰোধিত হৈ ব্যক্তিজনক কলে আপুনি এনে কথা কেনেকৈ কব পাৰিলে মোৰ ৰাণীৰ বিষয়ে। ব্যক্তিজনে কলে যদি আপুনি ইয়াৰ সত্যতা বিচাৰিছে তেন্তে ৰাণীৰ মাকৰ ওচৰলৈ যাওঁক, কিজানি তেওঁৱেই আপোনাক সঁচা কয়। তাৰপিছত ৰজাই ৰাণীৰ মাকক ৰাজ দৰবাৰলৈ মাতি আনি সুধিলে ৰাণীৰ বিষয়ে সঁচা জানিব বিচাৰোঁ। ৰাণীৰ মাঁক ভয়ত কঁপিব ধৰিলে আৰু কলে মই আপোনাক সকলো কওঁ শুনক। আপোনৰ পিতৃ আৰু মোৰ স্বামী বহুত ভাল বন্ধু আছিল। তেওঁলোকে সেই সময়তে এটা নিৰ্ণয় লৈছিল যে তেওঁলোকৰ সন্তানে ইজনে আনজনৰ লগত বিবাহ পাশত আৱদ্ধ হব।


আমাৰ এজনী কণ্যা সন্তান জন্ম হৈছিল সঁচা কিন্তু তাই মৰি থাকিল কেঁচুৱাতে। তেওঁলোকৰ মাজত যি চুক্তি হৈছিল তাক অটুট ৰাখিবলৈ মই এজনী অনাথ বালিকাক নিজৰ কৰি ডাঙৰ দীঘল কৰিলো আৰু চুক্তি অনুসৰি তাইক আপুনাৰ সৈতে বিয়া কৰাই দিলোঁ।ৰজাৰ এই কথা শুনি খং উঠিল কিন্তু প্ৰসন্নও হল কিয়নো তেওঁ সঁচা কথা জানিব পাৰিলে। সেই ব্যক্তিজনৰ ওপৰত ৰজাৰ বিশ্বাস হবলৈ ধৰিলে।


ব্যক্তিজনক ৰজাই সুধিলে তুমি কেনেকৈ জানিলা ৰানীৰ সত্যতা। ব্যক্তি জনে কলে উচ্চ বংশৰ মহিলাই কেতিয়াও অহংকাৰ ভাৱ বা কথা পতাৰ ধৰণ বেয়া নহয়, গালি শপনি নাপাৰে, বেয়া ব্যৱহাৰ নকৰে । কিন্তু মই যেতিয়া ৰাণীক দেখিলো তেওঁ এই সকলো বোৰ গুণ বিপৰীত আছিল।


কেইদিনমানৰ পিছত ৰজাই ভাবিলে কিয়নো মই নিজৰ বিষয়ে জানি নলওঁ কিয়। এই ভাবি ব্যক্তিজনৰ ওচৰলৈ গল আৰু কলে, "মোক নিজৰ বিষয়ে কওক।মই নিজৰ বিষয়ে জ্ঞাত কিন্তু আপোনাৰ মুখেৰে জানিব বিচাৰোঁ। "তেতিয়া ব্যক্তিজনে ৰজাক কলে, "মই কম কিন্তু আপুনি খং নকৰিব।" ৰজাই তেওঁৰ চুক্তি মানি ললে। ব্যক্তিজনে কলে, "আপুনি ৰজাৰ সন্তান নহয় আৰু যদি আপোনাৰ মোৰ কথাত সন্দেহ আছে তেতিয়াহলে আপোনাৰ মাঁক সোধিব পাৰে। "


ৰজাৰ তেওঁৰ কথা শুনি বহুত খং উঠিল আৰু লগে লগে মাকক সুধিলে যে ব্যক্তিজনে যি কলে সেইয়া সত্য নেকি।তেতিয়া ৰজাৰ মাঁকে কলে যে, "হয় সত্য। বিয়াৰ পিছত বহু বছৰ ধৰি আমাৰ কোনো সন্তান জন্ম হোৱা নাছিল। ৰাজ্য চলাবলৈ আমাক এজন উত্তৰাধিকাৰীৰ বহুত প্ৰয়োজন হৈছিল আৰু তেনে সময়ত ওচৰৰে এজন সাধাৰণ মানুহৰ পৰিয়ালত এটি সন্তান জন্ম হৈছিল। আমি তাক নিজৰ কৰি তুলি লৈছিলো আৰু সেই সন্তানটো আজি ৰজা হৈ ৰাজ্য ভাৰ চম্ভালি আছে। সেই সন্তানটি আপুনিয়ে আছিল পুত্ৰ। "


ৰজাৰ খং উঠিছিল যদিও সুখীও হল। ৰজা পুনৰ ব্যক্তিজনৰ ওচৰত গৈ তেওঁক সুধিলে যে তেওঁ এইটো সত্য কেনেকৈ জানিলে যি কথা আজিলৈকে তেওঁৱেই জনা নাছিল। ব্যক্তিজনে কলে যে মহাৰাজ যেতিয়া এজন ৰজা সুখী হয় তেতিয়া তেওঁ পুৰস্কাৰ প্ৰদান কৰিলে ধন-সোণ, হীৰা-মুকুতা দান কৰে কিন্তু আপুনি যেতিয়া মোক পুৰস্কাৰ দিছিল তেতিয়া ছাগলী, কুকুৰা, গৰু, ভেৰা দান কৰিছিল তেতিয়াই মই জানিলো যে আপুনি এজন ৰজাৰ সন্তান হবই নোৱাৰে।


এই কাহিনীটোৰ পৰা এটা কথা জানিব পাৰিলে নিশ্চয় যে ব্যক্তিৰ ব্যৱহাৰেই ব্যক্তিৰ পৰিচয়। তেওঁ কেনেকুৱা বা তেওঁৰ গুণ কেনেকুৱা। তেওঁ কি কি কৰিব পাৰে বা কি কি কৰিব নোৱাৰে।


কেতিয়াবা কাৰোবাক এনেকৈ কোৱা শুনিছে চাগে এইটো কাম মোৰ কাৰণেই সম্ভৱ হল। কিন্তু কোনো ব্যক্তিয়ে এটা কাম নিজেই কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁৰ গুণ পৰিলক্ষিত নহয় । আমাৰ যেনেকুৱা প্ৰকৃতি  যেনেকুৱা গুণ তেনেকৈ আমি যিকোনো কাম কৰো।


ব্যক্তিৰ প্ৰকৃতি সাধাৰণতে তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে হাতসিক, দ্বিতীয় ৰাজসিক আৰু তৃতীয় তামসিক ।হাতসিক ব্যক্তিসকল সেই সকল যি এই কথা ভালদৰে জানে যে আমি যিমান কৰ্ম ফল পাইছো সকলো নিজৰ গুণৰ ফলত পাইছো। আমি যিমানেই নিজৰ ভাল গুণ বহাই যাম সিমানেই আমাৰ প্ৰকৃতি আমাক ভাল গুণ অধিকাৰী কৰি তুলিব। কিন্তু ৰাজসিক ব্যক্তিয়ে ভাবে যে এই পৃথিৱীত যিমান কাম হৈছে সকলো মোৰ কাৰণে সম্ভৱ হৈছে।তেওঁলোক অহংকাৰীও হয়। আৰু তামসিক লোক সকল বহুত এলেহুৱা স্বাভৱৰ। কোনো কাম ভালদৰে নকৰে। 


যদি আপুনি কাৰোবাক সলনি কৰিবলৈ চেষ্টা কৰে তেতিয়া এই কথা নিশ্চয় মন কৰিব আপুনি কোনবিধ প্ৰকৃতিৰ ভিতৰত পৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages