আপুনিও অন্য ব্যক্তিৰ প্ৰতি আকৰ্ষিত‌ হৈ পৰিছে‌ নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 2, 2022

আপুনিও অন্য ব্যক্তিৰ প্ৰতি আকৰ্ষিত‌ হৈ পৰিছে‌ নেকি : Assamese Fact

Assamese Fact

  

আজিৰ এই লেখাটো সেই সকল লোকৰ বাবে যিয়ে বিবাহিত লোকৰ প্ৰতি আকৰ্ষিত হৈছে অথবা বিবাহিত লোক যিয়ে অবিবাহিত লোকৰ প্ৰতি আকৰ্ষিত হৈছে। ( Assamese Fact )


 বিয়াৰ পাছতো বাৰু কিয় বেলেগৰ লগত প্ৰেম হৈ যায়? এনেকুৱা কেৱল Arrange marriageতেই নহয় প্ৰেম বিবাহটো এইতো হোৱা দেখা যায়। প্ৰেম বিবাহৰ পাছতো যিকোনো লৰা বা ছোৱালীৰ বেলেগৰ লগত প্ৰেম হৈ যায়। এনেকুৱা কিয় হয় বাৰু?  ইয়াক বুজি পোৱাৰ পাছতহে আপুনি সিদ্ধান্ত লব পাৰিব যে আপুনি আগবাঢ়িব নে নাবাঢ়ে? এতিয়া ইয়াত দুটা দৃষ্টিকোন আছে সেইয়া হৈছে বিয়া আৰু প্ৰেম। love marriage ত আপুনি আপোনাৰ জীৱনসঙ্গী জনক আগৰ পৰাই চিনি পায় তেওঁৰ বিষয়ে ভালদৰে জানে, তেওঁৰ পছন্দ অপচন্দ তেওঁৰ ব্যৱহাৰ এই সকলোখিনি আপুনি জানে। কিন্তু Arrange marriage ত তেনেকুৱা নহয় । বহুত কথা বিয়াৰ পিছতহে গম পোৱা যায়। ভালপোৱাতো দুটা aspect আছে। প্ৰথমতে হৈছে সঁচা ভালপোৱা আৰু দ্বিতীয়তে সম্পৰ্ক। বেছিভাগ মানুহে প্ৰেমৰ অৰ্থ সম্পৰ্ক বুলিয়েই ভাবে।


কিন্তু প্ৰেম আৰু সম্পৰ্ক দুয়োতাই পৃথক হয়।এনেকুৱা হব পাৰে যে আপুনি কাৰোবাৰ লগত সম্পৰ্ক এটাত বান্ধ খাই আছে কিন্তু তেওঁৰ লগত প্ৰেম নাই। বিবাহ এটা সম্পৰ্ক হয়। যদি বিয়াৰ পাছতো বেলেগৰ লগত প্ৰেম হৈছে তেন্তে আপোনাৰ সম্পৰ্ক আছে কিন্তু প্ৰেম নাই। প্ৰেম হৈছে এক পবিত্ৰ বন্ধন। প্ৰেম অন্তৰৰ পৰা হয় আৰু সম্পৰ্ক হয় মগজুৰ পৰা। কাৰোবাৰ লগত সম্পৰ্ক এটা গঢ়াৰ আগতে মগজুৰে এবাৰ ভাবি চাওক। প্ৰেম কৰা কোনো বেয়া কথা নহয় কিন্তু সম্পৰ্ক গঢ়াৰ আগতে তাৰ ভৱিষ্যতৰ বিষয়ে এবাৰ চিন্তা কৰক। বিয়াৰ পাছত কিয়   ভালপোৱা হয়?  


বিয়াৰ আগত বা বিয়াৰ পাছত ভালপোৱা হব পাৰে।এনেকুৱা বহুতবাৰ হয় যে যাৰ লগত arrange marriage হল তেওঁৰ লগত কোনোফালৰ পৰা adjust কৰিব নোৱাৰি , বহুত সমস্যাৰ সন্মুখীন হবলগা হয়, দুয়োৰে মাজত কোনো কোঠাৰ কোনো বস্তুৰ মিল নাথাকে তেতিয়া সেই সম্পৰ্কটোত থকা দুইজন ব্যক্তিৰ ভিতৰত এজনে হয়তো বেলেগৰ প্ৰতি আকৰ্ষিত হব পাৰে। যিজন ব্যক্তিয়ে তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাইছে , যিয়ে তেওঁক বুজিব চেষ্টা কৰিছে তেতিয়া সেই ব্যক্তিজনৰ প্ৰতি এক আকৰ্ষণ হয়। কিন্তু এই আকৰ্ষণক প্ৰেম বুলি কব নোৱাৰি। ইয়াক প্ৰেম বুলি কোৱাৰ আগতে আৰু কিছুমান বস্তু ইয়াৰ লগত জড়িত হৈ আছে। Love maariage ত এনে ঘটনা ঘটাৰ সম্ভাৱনা বেছি থাকে। কিয়নো প্ৰেমিক প্ৰেমিকাহালে একেলগে বহুত সপোন দেখে তেওঁলোকৰ বিয়াৰ পাছৰ জীৱনশৈলিটোৰ বিষয়ে। কিন্তু যেতিয়া সেই সপোনবোৰ বাস্তৱতাৰ লগত যুঁজে তেতিয়া সকলো সপোন ভাঙি শেষ হৈ যায়। আৰু এই সপোন ভাঙি যোৱাৰ যি দুখ সেই দুখে দুইজন সংগীৰ মাজৰ এজনক আনৰ প্ৰতি আকৰ্ষিত কৰায়। ( Assamese Fact )


প্ৰেমৰ অৰ্থ কি? 

  প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি আৰু সেই বিষয়ে আমি সকলোৱে জানো।  যিদৰে অভিমান আছে , সহানুভূতি আছে  , যিদৰে কাৰোবাৰ প্ৰতি অন্তৰত বহুত খং আছে এই সকলো বোৰ হৈছে এক অনুভূতি। মাতৃৰ পুত্ৰৰ প্ৰতি থকা মৰম হৈছে প্ৰেম , ভাই ককাইৰ মাজৰ মৰমবোৰো প্ৰেম হয় আৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মৰমো প্ৰেম হয়। সকলো ভালপোৱা একেই হয়। যদি আপুনি গভীৰভাৱে বিশ্লেষণ কৰে তেন্তে প্ৰেমৰ অৰ্থ হৈছে  সন্মুখৰ ব্যক্তিজনৰ সুখতেই আপোনাৰ সুখ। সন্মুখৰজনৰ দুখ আপোনাৰো দুখ হয়। প্ৰেমৰ অৰ্থ কেৱল লাভ কৰাই নহয় । প্ৰেম হৈ গলেই নাভাবিব যে তাক আপুনি লাভ কৰিছে।  যদি সেই প্ৰেম লাভ কৰিছে তেন্তে বহুত ভাল কথা কিন্তু যদি সেই প্ৰেম আপুনি লাভ কৰা নাই তেন্তে তাত গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যাক আপুনি ভাল পায় তেওঁ সুখী হয় নে নহয় ?  সম্পৰ্কটো আগবঢ়াই নিয়াত সন্মুখৰ ব্যক্তিজনৰ  কিবা লোকচান হব নেকি সেইটোত গুৰুত্ব দিয়াটো জৰুৰী। এই সম্পৰ্কৰ বাবে তেওঁৰ কেৰিয়াৰ ধংশ হব নেকি? তেওঁৰ বদনাম হব নেকি এই সকলোবোৰ কথা এবাৰ ভাবি চোৱাতো উচিত। যদি এনেকুৱা ধৰণৰ বিচাৰ আপোনাৰ প্ৰতি কোনোবাই ৰাখিছে তেন্তে তেওঁ আপোনাক বহুত ভাল পায়। মাক আৰু সন্তানৰ মাজৰ ভালপোৱাত সদায় সন্তানৰ সুখতেই মাকৰ সুখ থাকে।


মাকে নিজেই ভোকত থাকে কিন্তু নিজৰ সন্তানক ভোকত থাকিব নিদিয়ে। মাক দেউতাক দুয়োজনে যিকোনো পৰিস্থিতিতে নিজৰ সন্তানক সুখত ৰাখিব বিচাৰে। গাৰ্লফ্ৰেন বয়ফ্ৰেণ্ডৰ ভালপোৱাটো ঠিক এনেকুৱাই হয়।  সন্মুখৰ জনৰ সুখ আপোনাৰ Priority হয়, তেওঁৰ সন্মান আপোনাৰ সন্মান হয়। যদি কোনো বিবাহিত ব্যক্তিৰ প্ৰতি আপোনাৰ এনেকুৱা কিবা অনুভূতি জাগিছে  নতুবা আপুনি বিবাহিত হয় আৰু বেলগৰ প্ৰতি আপোনাৰ এনেকুৱা অনুভূতি হৈছে তেন্তে  আপুনি তেওঁক বহুত বেছি ভাল পায় পেলাইছে। কিন্তু সেই সময়ত আপুনি ভাবিব লাগিব যে যদি সেই সম্পৰ্কত আপুনি আগবাঢ়ি যায় তেন্তে সেই ব্যক্তিজনৰ কিবা হানি হব নেকি? তেওঁৰ সমাজত সন্মান হানি হব নেকি? তেওঁৰ পাৰিবাৰিক অশান্তি হব নেকি ? এই সকলোবোৰ কথাত কিন্তু গুৰুত্ব দিব লাগিব। যদিহে আপুনি এইবোৰ কথাত গুৰুত্ব দিয়ে তেতিয়াহে আপুনি ইয়াক প্ৰেম বুলি কব পাৰিব। অথবা ই কেৱল আকৰ্ষণ হৈ ৰব।  আপুনি আপোনাৰ বিবাহিত জীৱনত সুখী নহয় বাবেই কিছুসময় বা কিছুদিনৰ বাবে বেলেগৰ প্ৰতি আকৰ্ষিত হয়। ই প্ৰেম নহয়। যদি ই প্ৰেম হলহেঁতেন তেন্তে  সকলোতকৈ আগত তেওঁৰ কথা আহিল হয়। আপোনালোকে হয়তো সকলোৱে হিন্দী বোলছবি " ৱীৰ যাৰা" চাইছে। সেই চিনেমাখনত যাৰা যাতে বদনাম নহয় , সুখত থাকে তাৰ বাবে বীৰে মনে মনে ২৫ বছৰ জেলত থাকে আৰু ইয়াকে প্ৰেম বুলি কোৱা হয়। প্ৰেম মানেই সদায় লাভ কৰাটোৱেই নহয় হেৰুৱাতো ও কেতিয়াবা প্ৰেম হয়।


 প্ৰেমে কেতিয়াও সুন্দৰ চেহেৰা, দূৰত্ব এইবোৰ নামানে। Long Distance Relationship ত সমস্যা হোৱাৰ আচল কাৰণতো হৈছে তেওঁলোকৰ মাজত প্ৰেমৰ অভাৱ। ই কেৱল আকৰ্ষণ হৈয়ে ৰৈ যায়। যদি এটা সন্তান মাকৰ পৰা ১০ বছৰ আঁতৰি থাকে তেন্তে কি তাত মৰম ভালপোৱা কম হৈ যাব? কেতিয়াবা দেখা যায় যে সন্তানৰ সুখৰ বাবে মাকে আঁতৰি থাকিবলগীয়া হয়  আৰু ইয়াক প্ৰেম বুলি কোৱা হয়। যদি আপুনি সচাই কাৰোবাক ভাল পায় তেন্তে তাত দূৰত্বৰ কথা আহি নপৰে। প্ৰথমে আপোনাৰ মগজুলৈ  আহিব যে তেওঁ সুখী হয় নে নহয়?  


গতিকে যিসকলে বিয়াৰ পাছতো বেলেগৰ লগত প্ৰেম কৰিছে তেওঁলোকক এটাই অনুৰোধ যে এবাৰ ভালদৰে ভাবি চাওক সচাই এইয়া প্ৰেম হয় নে কেৱল আকৰ্ষণ?  যদি এনে সম্পৰ্কত আগবঢ়াৰ ফলত কাৰোবাৰ জীৱন ধংশ হৈ যায় তেন্তে আগনাবাঢ়িব। যদি প্ৰেম কৰিবলৈ শিকিছে তেন্তে ত্যাগ কৰিবলৈও শিকক। এগৰাকী মাতৃয়ে নিজৰ সন্তানক ৯ মাহ দিন গৰ্ভত ধাৰণ কৰাৰ ফলত তেওঁ সন্তানটিক প্ৰেম কৰে  সেইয়া মাতৃ গৰাকীৰ ভালপোৱা হয় সন্তানটিৰ প্ৰতি থকা । যদি আপোনাৰ কাৰোবাৰ সৈতে প্ৰেম হৈছে তেন্তে ১ দিন বা ২ দিনৰ ভিতৰত নহয় । সময় লাগিব সেই ভালপোৱা আৰু দৃঢ় হবলৈ। যদি দুদিন কাৰোবাক লগ পায় আপুনি ভাবিছে যে এইয়া প্ৰেম হয় তেন্তে ই একেবাৰেই ভুল। ই মাত্ৰ আকৰ্ষণ হয়। যদি আপুনিও কোনো অবৈধ প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীজনৰ ভৱিষ্যতৰ কথা ভাৱক, তেওঁৰ সমাজত থকা সন্মানৰ কথা ভাৱক । যদি এনে সম্পৰ্কত থকাৰ ফলত আপোনাৰ সংগীৰ হানি হৈছে তেন্তে সেই সম্পৰ্ক এতিয়াই ত্যাগ কৰক ।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


1 comment:

Advertisement

Pages