এনেধৰণৰ লৰাৰ সৈতে বিবাহ হলে ছোৱালীৰ জীৱন ধ্বংস হৈ পৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 31, 2022

এনেধৰণৰ লৰাৰ সৈতে বিবাহ হলে ছোৱালীৰ জীৱন ধ্বংস হৈ পৰিব : Assamese Fact

Assamese Fact

 

এজন ব্যক্তিয়ে সাধু এজনক সুধিলে গুৰুদেৱ ছোৱালী জনীৰ বিয়া ক'ত কৰাব লাগে? ঘৰ আৰু বৰ অৰ্থাৎ ল'ৰাটো কেনেকুৱা হ'ব লাগে? ( Assamese Fact )


সাধুজনে ক'লে- ছোৱালীজনীৰ বিয়া তাত কৰাব লাগে য'ত আপোনাৰ বাবে অনুকূল। অধিক ধনী ব্যক্তিৰ লগত পাতি নিদিব। অৰ্থাৎ নিজৰ লেভেলৰ মানুহৰ লগত বিয়া পাতিব লাগে।


যদি আপোনালোকে ভালকৈ খাই আছে এখন গাড়ীও আছে তেনেকুৱাই অৰ্থাৎ আপোনাৰ ঘৰখনৰ নিচিনাই এখন ঘৰ চাওঁক। আপুনি যদি সামান্য ব্যক্তি আৰু ছোৱালীজনীৰ বিয়া ৰজা-মহাৰজাৰ দৰে ঘৰত কৰাই দিয়ে , তেতিয়া তাইটো গুচি যাব। কিন্তু গোটেই জীৱন তাই ঠাট্টা শুনি থাকিব লাগিব। 


কিছুমান কথাত ক'ব তোমাৰ দেউতাৰ ঘৰত এইবোৰ আছিলে নেকি? বেছি ধনী মানুহে ভাবে ইহঁতৰ আমাৰ লগত লেভেল মিলিব নেকি? সেই কাৰণে যাতে এনেকুৱা ঠাট্টা শুনিব  নালাগে তাৰ বাবে শাস্ত্ৰত পদ্মপুৰাণত লিখা আছে সমান অৰ্থাৎ নিজৰ সমসমান মানুহৰ ঘৰলেহে ছোৱালী দিব লাগে।


 আপুনি যদি ষ্টিলৰ কাঁহীত ভাত খাই তাত খোৱা মানুহৰ লগতে সংগ কৰক তাতকে বেছিলৈ নাযাব বা নাভাবিব। অ' অলপ ১৯ বা ২০ হ'ব পাৰে। মানে ধৰি লওঁক আপোনালোকতকৈ অলপ বেছি ইনকম কৰা বা অলপ বেছি ধনী। কিন্তু তাতকৈ বেছি অৰ্থাৎ  আপোনালোকতকৈ বহু গুণে ধনী হ'লে বেয়া।


এটা ল'ৰাৰ লগত নিজৰ ছোৱালীজনী বিয়া দিয়া আগত ল'ৰাটো কেনেকুৱা ছোৱালীজনীৰ মাক-দেউতাকে চাই ল'ব লাগে। তাৰ আচৰণ কেনেকুৱা, ব্যৱহাৰ কেনেকুৱা,মদ খাই নেকি, চৰিত্ৰ কেনেকুৱা, খোৱা বোৱা কেনেকুৱা আৰু কথা-বতৰা কেনেকুৱা আদি চাই ল'ব লাগে। ( Assamese Fact )


আজিকালি কিছুমান ছোৱালীৰ মাক-দেউতাকে এইবোৰ নাচায়।বিয়া পাছতহে গম পায় ল'ৰাটো মদাহী বা চৰিত্ৰ বেয়া আদি। সেই কাৰণে আগৰ মানুহবোৰ আজিকালি মানুহতকৈ বুদ্ধিয়ক আৰু বুজা আছিল। আগতে কিছুমান মানুহে যি ঘৰলৈ বিয়া দিয়ে তালে কেতিয়াও নাযায়। 


সামান্য মানুহ হৈ ওচৰৰ মানুহ ঘৰলৈ যায় আৰু সুধে এওঁলোক বা সি আৰু সেইঘৰখনৰ মানুহ কেনেকুৱা? ওচৰৰ মানুহেটো ক'বয়ে অ' ভাল বা সি মদ খাই আমোক টামোক। সেই কাৰণে সকলোকে সুধি পুচি ল'ব লাগে। আগতে বিয়া ঠিক কৰিবলৈ পণ্ডিত বা বামুণ‌হে যায়। 


এবাৰ পণ্ডিত আৰু বামুণ‌ এজন গ'ল ল'ৰা চাবলৈ কাৰণ ৰজাই ৰাজকুমাৰীৰ বাবে ভাল ল'ৰা এটা চাবলৈ কৈছিল । সেই কাৰণে তেওঁলোকে এজন ৰজাৰ ৰাজপ্ৰসাদলৈ গ'ল তেওঁৰ এজন পুতেক আছিল। এতিয়া পণ্ডিত আৰু বামুণ‌ সামান্য মানুহ আছিল তেওঁলোকটো সকলোৰে মাজতেই থাকে। কোনো নাজানে ক'ৰ পৰা আহিছে, কিয় আহিছে। তেওঁলোকে গুপ্ত ৰূপে সুধ পুচ বা তথ্য গ্ৰহণ কৰি আছিলে।


ৰজাৰ পুতেকৰ পিছে পিছেও যায় ,চাই ক'ত যায়,কি কৰে ,কি খাই আদি।  ৪ মাহৰ লৈকে চাই থাকিল। তেওঁলোকে তাতে থাকিল।৪ মাহৰ লৈকে যদি আপুনি কাৰোবাক চাই থাকে অনুসৰণ কৰি থাকে আপোনালোকেটো ইনেও গম পাব সি বা তাই কেনেকুৱা। কিন্তু আজিকালি বহুত মানুহে ল'ৰাটোৰ কথা নাজানেই আৰু ছোৱালীজনী বিয়া দি দিয়ে ।পাছত কান্দে ল'ৰাটো মদাহী। এইবোৰ নকৰিলেটো হ'বয়ে তেনেকুৱা। 


ছোৱালীজনী যদি আপোনালোকৰ বগা তেতিয়া ল'ৰাটো ও তেনেকুৱা হ'ব লাগে। অলপ তাইতকৈ ক'লা বা মাগুৰ বৰণীয়া হ'লেও হ'ব। এনেকুৱা নহয় যে  ছোৱালীজনী বহুত ধুনীয়া আৰু আপোনালোকে ল'ৰাটো দেখিবলৈ বেয়া আনি তাইক দেখুওৱাক। কিছুমান মাক-দেউতাকে সেইবোৰ নাচায় পইচা হ'লেই হ'ল। ল'ৰাটো পাহাৰৰ নিচিনা ওখ আৰু ছোৱালীজনী বহুত চাপৰ তেনেকুৱা সম্পৰ্ক দেখিবলৈ ভাল লাগে জানো। এনেকুৱা হ'ব নালাগে।


 ছোৱালীজনীৰ মাক-দেউতাকে অকল পইচা চাব নালাগে দেখিবলৈ ভাল হ'ব লাগে ।যাতে সিহঁতি থিয় হ'লে এনেকুৱা লাগে যেন লক্ষ্মী নাৰায়ণ থিয় হৈ আছে। ৰাম-সীতা বা ৰাধা-কৃষ্ণ থিয় হৈ আছে। এনেকুৱা ভাল নালাগে ন এটা চাপ এটা বহুত ওখ। জোৰা কেনেকুৱা হ'ব লাগে।লক্ষ্মী নাৰায়ণৰ দৰে,ৰাম-সীতা বা ৰাধা-কৃষ্ণ দৰে। এইবোৰ আপোনালোকে চাই ল'ব এইবোৰ আপোনালোকৰ কথা বা পচন্দ। কিন্তু ঠিক ঠাক হ'ব লাগে। সেই কাৰণে আপোনালোকে ল'ৰাটো চাওঁতে এইবোৰ কথা মনত ৰাখিব। 


অকল ল'ৰায়েই নহয় ছোৱালী চাওঁতে ও এইবোৰ কথা ধ্যান দিব লাগে। বংশ পৰিয়াল কেনেকুৱা চাব লাগে কাৰণ এইবোৰৰ প্ৰভাৱ ছোৱালীজনীৰ ওপৰত পৰে। ভাল বংশ পৰিয়াল ছোৱালী হ'লে তাই অলপ বুজি পাব । 


এবাৰ এজন মানুহে ভাবিলে আমাকতো পইচা নালাগে এজনী দুখীয়া ছোৱালীকে লৈ আহোঁ। তাৰ পাছত তেওঁ কিন্তু এজনী সামান্য পৰিয়ালৰ ছোৱালী লৈ আহিলে। কিন্তু তাই স্বভাৱ ইমান ভাল নাছিল বুজিও নাপাইছিল।তাই শহুৱেকৰ ঘৰলৈ গৈ দেখিলে বহুত পইছা আছে বহুত বস্তু আছে ভালো।


 সেই কাৰণে তাই দাবী কৰিবলৈ ধৰিলে যে মোক ৫ হাজাৰৰ লেহেঙ্গা লাগিব।তাইক আনি দিলে।আকৌ তাৰ পিছত দাবী কৰিলে মোক ১০ হাজাৰৰ শাৰী লাগে। কিছুমানে কয় ন কুকুৰে ঘিঁউ হজম কৰিব নোৱাৰে । সেই কাৰণে বিয়া পাতিব‌ সময়ত ল'ৰা ছোৱালী দুয়োটাৰে স্বভাৱ, চৰিত্ৰ , আচাৰ-ব্যৱহাৰ আদি চাই ল'ব লাগে।পাছত যাতে সমস্যা নহয়। সেই কাৰণে সকলো প্ৰকাৰে বিচাৰ কৰি চাব লাগে।


 ল'ৰা ছোৱালীয়ে দুয়োটায়েই বুজা হ'ব লাগে যাতে ঘৰ গৃহস্থী ভালকৈ চলাই নিব পাৰে। আগৰ দিনত ছোৱালীৰ মাক-দেউতাকে ল'ৰাটোক বহুত নিৰিক্ষণ কৰি চাই ছোৱালীজনী বিয়া দিয়া আগত। আজিকালি বহুতে এইবোৰ নকৰেই। সেই কাৰণে পাছত কষ্ট আৰু সমস্যা আহি পৰে। 



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages