দীৰ্ঘদিনীয়া সম্পৰ্কত থকাৰ পিছতো, বহুতো পুৰুষে তেওঁলোকৰ প্ৰেমিকাক বিয়া কৰাব নোৱাৰে । ইয়াৰ আঁৰত তেওঁলোকৰ কিছুমান অভ্যাস আছে। ( Assamese Fact )
প্ৰেম এটা অত্যন্ত সুখী অনুভৱ কিন্তু সম্পৰ্ক এটাক আগুৱাই নিয়াটো সহজ কাম নহয়। প্ৰেম মুখেৰে কলেই হৈ নাযায় , ইয়াক অতি দৃঢ়তাৰে গোটেই জীৱন ইটোৱে সিটোৰ লগত সুখেৰে জীৱন অতিবাহিত কৰিব পাৰিব লাগিব । প্ৰেমৰ গন্তব্যস্থানত উপনীত হোৱাৰ পথ সহজ নহয়। প্ৰেমৰ পিছত যেতিয়া এই সম্পৰ্কটোক এটা নাম দিয়াৰ কথা আহে তেতিয়াই বহুতো সম্পৰ্ক শেষ হৈ যায় । পুৰুষসকলে প্ৰায়ে বিবাহৰ বিষয়ত অলপ দ্বিধা অনুভৱ কৰে। এয়া সকলো পুৰুষৰ ক্ষেত্ৰত নহয়, যিসকলে সম্পৰ্কত বহু বছৰ থকা পাছতো এগৰাকী প্ৰেমিকাক বিয়া কৰাব নোৱাৰে, সেইসকলৰ বিষয়ে আজি এই লেখাটোৰ জৰিয়তে জানিব পাৰিব ।
দীৰ্ঘদিনীয়া সম্পৰ্কত থকাৰ পাছতো অভিভাৱকক প্ৰেমিকাৰ লগত চিনাকী নকৰোৱা-
বহুত দিন সম্পৰ্কত থকাৰ পিছত, প্ৰেমিক-প্ৰেমিকাই তেওঁলোকৰ সম্পৰ্কক আগুৱাই নিব বিচাৰে নে নিবিচাৰে সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে । এটা সম্পৰ্কক আন এটা পৰ্যায়লৈ লৈ যোৱাৰ অৰ্থ হৈছে বিবাহৰ দিশে সম্পৰ্কটোক আগবঢ়োৱা। এনে পৰিস্থিতিত, দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ পিতৃ-মাতৃক (অভিভাৱক) ক'ব লাগে । যদি আপোনাৰ সঙ্গীয়ে বহু বছৰৰ পিছতো তেওঁৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্কক লুকুৱাই ৰাখে আৰু তেওঁলোকক সেইবোৰ জনাবলৈ অস্বীকাৰ কৰে, তেনেহ'লে বুজিব যে তেওঁ সম্পৰ্কটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আগ্ৰহী নহয় আৰু সম্পৰ্কটোক বিবাহৰ পৰ্যায়লৈ কেতিয়াও আগুৱাই লৈ নাযায় ।
ঘৰৰ পৰা চাই দিয়া ছোৱালীক বিবাহ কৰাটো উচিত বুলি ভাবে -
বহুতো পুৰুষে প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো ঘৰৰ পৰা চাই দিয়া ছোৱালীক বিবাহ কৰাটোক অধিক সফল হয় বুলি ভাবে । তেওঁলোক প্ৰেমত পৰে তথাপিও ঘৰৰ পৰা চাই দিয়া জনীক বিবাহ কৰাব বিচাৰে। এনে পুৰুষে কেতিয়াও আপোনাক বিবাহ কৰাবলৈ মান্তি নহয় , যি আপোনাৰ বাবে এক ডাঙৰ আঘাত হ'ব পাৰে। গতিকে আপুনি এনে চিন্তাধাৰা ৰখা পুৰুষৰ সৈতে তেওঁলোকৰ কথা বতৰাৰ জৰিয়তেই সকলো বুজি লব আৰু যিমান সম্ভৱ আতৰি তেনে পুৰুষৰ সৈতে সম্পৰ্কত নাহিবলৈ চেষ্টা কৰিব । ( Assamese Fact )
চাকৰি কৰা পত্নীৰ পৰিৱৰ্তে ঘৰৰ গৃহিণীকহে পত্নী ৰূপে স্বীকাৰ কৰা
যদি আপোনাৰ প্ৰেমিকে আপোনাৰ চাকৰিৰ বিষয়ে আপোনাৰ সৈতে কেইবাবাৰো কাজিয়া কৰিছে ,তেতিয়া আপুনি ইয়াৰ প্ৰতি মনোযোগ দিব লাগিব। বহুতো পুৰুষে কৰ্মৰত মহিলা ভাল নাপায়। আনকি তেওঁলোকে আপোনাক সম্পৰ্কৰ বাবে সহ্য কৰিলেও, বিয়াৰ কথা অহাৰ লগে লগে তেওঁলোকৰ গোটেই জীৱনৰ প্ৰশ্নটো তেওঁলোকৰ মনলৈ আহিবলৈ আৰম্ভ কৰে। বহুতো পুৰুষে অনুভৱ কৰে যে কৰ্মৰত মহিলাসকলে ঘৰত মনোযোগ দিব নোৱাৰে সেয়েহে তেওঁলোকে ঘৰৰ পৰা চাই দিয়া জনীক বিবাহ কৰাত অধিক গুৰুত্ব দিয়ে। গতিকে যদি আপোনাৰ প্ৰেমিক আপোনাৰ কামৰ সুখী নহয়, আপুনি মুকলিকৈ কথা পাতিব লাগে।
যিসকলে পৰিয়াল আৰু সমাজক ভয় কৰে -
প্ৰেমতকৈ অধিক, তেওঁলোকে ইয়াক পালন কৰাৰ সাহস থাকিব লাগে। যিসকল পুৰুষ ভয়াতুৰ হয় তেওঁলোকে প্ৰেম কৰি লয় , কিন্তু তেওঁলোকে বিয়া কৰোৱাৰ ক্ষেত্ৰত নিজৰ খোজ পিছুৱাই লয়। তেওঁলোকৰ পৰিয়াল আৰু মানুহৰ প্ৰতি ভয় থাকে। এনে পুৰুষে তেওঁলোকৰ পৰিয়ালৰ সন্মুখত ক'বলৈ সাহস নকৰে যে তেওঁলোকে আপোনাক ভাল পায় আৰু আপোনাৰ সৈতে সম্পৰ্ক ভাঙিবলৈ বাধ্যত পৰে ।
এইবোৰ কাৰণৰ ফলতেই কেতিয়াও এই অভ্যাস থকা পুৰুষৰ প্ৰেমৰ নপৰিব অন্যথা গোটেই জীৱন কেৱল মাথোঁ দুখতেই থাকিব লগা হব । কিয়নো তেওঁ আপোনাক ভাল পাব বহুত সপোনো দেখুৱাব কিন্তু কেতিয়াও বিবাহ নকৰায় ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment