মানুহৰ মাজত বা ৰাস্তাত আপোনালোকে নিজৰ প্ৰেমিকাক চুমা খাব পাৰে নে? এনেকুৱা কৰিলে আপোনালোকক পুলিছে ধৰিব পাৰে নেকি? ( Assamese Article )
ৰাস্তাত যদি আপোনালোকে পুলিচৰ লগত তৰ্ক কৰে তেতিয়া আপোনালোক থানালে যাব লাগিব নেকি? বিয়াৰ আগত আজিকালি যি সম্পৰ্ক থাকে অৰ্থাৎ লিভ ইন ৰিলেয়চন চিপত থকাটো শুদ্ধ নে অশুদ্ধ?
প্ৰেমিকাৰ লগত যদি কোনোবা হোটেলত আপোনালোকক পোৱা যায়। তেতিয়া আপোনালোকৰ ওপৰত পুলিচে কেচ কৰিব বা আপোনালোকক শাস্তি দিব পাৰে নেকি?
এনেকুৱা পৰিস্থিতিৰ সন্মুখীন আজিকালি বহুত ল'ৰা ছোৱালী হয়।কোনবোৰ কাম শুদ্ধ আৰু কোনবোৰ অশুদ্ধ আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ।
সকলো ভাৰতীয় এইসমূহ কথা জানিব লাগে।
১. পুলিচৰ লগত কাজিয়া বা তৰ্ক কৰা- পুলিচৰ লগত কাজিয়া বা তৰ্ক কৰা বহুত ক্ষেত্ৰত দেখা পোৱা যায়। চচিয়েল মিডিয়াত এইসমূহ ভিডিঅ' বহুত দেখিবলৈ পোৱা যায়।
বহুবাৰ এনেকুৱা পৰিস্থিতি আহিছে চাগে যেতিয়া আপোনালোকে পুলিচৰ লগত কাজিয়া বা তৰ্ক কৰিব লগা হৈছে। সেই কাৰণে পুলিচৰ লগত কাজিয়া বা তৰ্ক কৰা আগত আইনৰ বিষয়েই জানিব লাগে।
আপোনালোকে কাৰ্যৰত অৰ্থাৎ ডিউটিত থাকোঁতে কোনো পুলিচৰ লগত কাজিয়া বা তৰ্ক কৰিব নালাগে। যদি আপোনালোকে এনেকুৱা কৰে তেতিয়া তেওঁ আপোনালোকৰ ওপৰত ৩৫৩ নং অনুচ্ছেদ মতে কেচ বা আপোনালোকক শাস্তিও দিব পাৰে।
৩৫৩ নং অনুচ্ছেদে কয় যে আপোনালোকে চৰকাৰী অফিচাৰক কাম কৰাত বাধা আৰোপ কৰিছে আৰু লগতে পুলিচৰ লগত বেয়া ব্যৱহাৰ কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ ২ বছৰ শাস্তি অৰ্থাৎ ২ বছৰ জেলত থাকিব লগা হ'ব পাৰে। ( Assamese Article )
নহ'লেবা এক বৃহৎ পৰিমাণৰ পইচা ল'ব ও পাৰে । সেই কাৰণে এনেকুৱা পৰিস্থিতিত পৰিলে কেতিয়াও পুলিচৰ লগত কাজিয়া বা তৰ্ক নকৰিব। তেওঁলোকক ভালকৈ ক'ব লাগে ।যদি পুলিচজন ভাল হয় ইনেও বুজি পাব।
২.মানুহৰ মাজত বা ৰাস্তাত প্ৰেম বা ৰোমাঞ্চ কৰা- আপোনালোকে যদি প্ৰেমিকাক পাৰ্ক বা মানুহৰ মাজত অৰ্থাৎ মানুহ থকা ঠাইলৈ লৈ যায় আৰু আপোনালোকৰ প্ৰেমিকাই যদি তেওঁক চুমা খাবলৈ কয় বা আপুনি যদি খাব বিচাৰে তেতিয়া খাব পাৰে।
ভয় কৰা একো কথা নাই ইয়াৰ বাবে এখন আইনা বনোৱা হৈছে যাক PPA বুলি কোৱা হয়।যাৰ ফলত আপোনালোকে নিজৰ প্ৰেমিকাক হাত ধৰিলে,সাবতি ধৰিলে বা চুমা খালেও আপোনালোকক পুলিছে গ্ৰেপ্তাৰ কৰিব নোৱাৰে।
যদি আপোনালোকে ইয়াতকৈ বেছি কৰে যিবোৰ আপোনালোকে বন্ধ ৰুমত কৰিব লাগে সেইবোৰ যদি কৰে তেতিয়া আপোনালোক বহুত ডাঙৰ সমস্যাত ফঁচিব পাৰে।
২৯৪ নং অনুচ্ছেদ মতে যদি আপোনালোকে সেইবোৰ কৰে তেতিয়া আপোনালোকৰ তিনিমাহ জেল হ'ব পাৰে আৰু শাস্তি হিচাপে আপোনালোকৰ পৰা পইচাও ল'ব পাৰে। প্ৰেমিকাৰ লগত ফুৰক কিন্তু অলপ ধ্যান ৰাখক।
৩. লিভ ইন ৰিলেয়চন চিপ- দেশৰ বিভিন্ন অংশত আজিকালি লিভ ইন ৰিলেয়চন চিপৰ মাত্ৰা বহুত বাঢ়ি গৈছে। মানুহে বিয়া নপতাকৈয়ে নিজৰ সংগীজনৰ লগত আজিকালি থাকিব লৈছে।
কিন্তু কিছুমান মানুহে ভয় কৰে যে এনেকে থাকিলে তেওঁলোকৰ ওপৰত কেচ হ'ব নেকি? ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ মতে আপোনালোকক এইটো অধিকাৰ দিয়া হয় যে আপোনালোকে বিয়া নাপাতিলেও পত্নী আৰু স্বামীৰ দৰে থাকিব পাৰে।
এনেকুৱা কৰিবলৈ আনে বাধা দিলে আপোনালোকে তেওঁৰ ওপৰত কেচ কৰিব পাৰে। এনেকে থাকোঁতে আপুনি যদি গৰ্ভৱতী হয় আৰু আপোনালোকৰ শিশুটো যদি এই পৃথিৱীলৈ আহে , তেতিয়া সি সকলো সা-সম্পত্তিৰে ভাগ পাব।
৪. গোপনীয়তা- যদি আপোনালোকে নিজৰ প্ৰেমিকাক লৈ হোটেললে যায় আৰু তেনেকুৱাত যদি আপোনালোকক পুলিছে পায় আৰু আপোনালোকক প্ৰশ্ন কৰে বা ঘৰৰ মানুহৰ নম্বৰ বিচাৰে তেতিয়া আপোনালোকে মনা কৰিব পাৰে । নিদিওঁ বুলি ক'ব পাৰে।
কিন্তু এটা কথা মনত ৰাখিব যে আপোনালোকৰ বয়স ১৮ বছৰতকৈ বেছি হ'ব লাগিব।সংবিধানৰ ২১ নং অনুচ্ছেদ মতে আপোনালোকে নিজৰ মৰ্জি হ'লেহে আপোনালোকৰ তথ্য বা ঘৰৰ মানুহৰ তথ্য দিব পাৰে । নহ'লেবা আপোনালোকৰ লগত কোনেও জোৰ কৰিব নোৱাৰে।
ইয়াৰ পিছতো যদি পুলিচৰ মানুহে আপোনালোকক অশান্তি কৰে , তেতিয়া আপোনালোকে তেওঁলোকৰ ওপৰত আদালতত কেচ কৰিব পৰে । সেই কাৰণে এনেকুৱা পৰিস্থিতিত ভয় নাখাব।
৫. মদ খোৱা- মদক লৈ আমাৰ বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ আইন আছে। পাঞ্জাব, হাৰিয়ানাত মদ খাবলৈ হ'লে আপোনালোকৰ বয়স ২৫ বছৰতকৈ বেছি হ'ব লাগিব।
বিহাৰ , মিজোৰাম বা গুজৰাটত আপোনালোকে যিমান বয়স হ'লেও মদ খাব নোৱাৰে। মদ খাই যদি আপোনালোকে গাড়ী চলাই আৰু আপোনালোকক যদি পুলিচে ধৰে তেতিয়া হয়তো আপোনালোক জেললে যাব লগা হ'ব পাৰে। মদ খাই গাড়ী চলালে আপোনালোকৰ দূৰ্ঘটনা হ'ব ও পাৰে লগতে এইবোৰ কাৰ্য পুলিচৰ চকুত বহুত বেয়া ।
৬. ফটো প্ৰেৰণ কৰা বা দিয়া- প্ৰেমিক বা প্ৰেমিকা যদি দূৰত থাকে আৰু আপোনালোকে যদি ইজনে সিজনক কিছুমান ব্যক্তিগত ফটো দিয়ে তেতিয়া এইবোৰ নিজৰ মাজতে ৰাখক ।
ভুলটো যদি এইসমূহ আপোনালোকে চচিয়েল মিডিয়া বা অনলাইন দিব বিচাৰে তেতিয়া ৬৭ আৰু ৬৭(A ) নং অনুচ্ছেদৰ মতে আপোনালোকৰ তিনিবছৰ শাস্তি হ'ব পাৰে।
এনেকুৱা বহুত কথা সন্মুখলৈ আহিছে যাৰ জৰিয়তে বহুত মানুহে কিছুমান ব্যক্তিগত ফটো দি দিম বুলি কৈ মানুহক ভয় খোৱাই বা কিবা কৰিবলে বাধ্য কৰে। সেই কাৰণে এইসমূহ ভুল নকৰিব।
যিসকলে ৯-৫ টা বজালৈকে চাকৰি কৰে তেওঁলোকৰ বাবেও কিছুমান আইন আছে । সেইবোৰ জানি লোৱাতো ও জৰুৰী।
৭.একেৰাহে কাম কৰোৱা ( Apprentice Act) - যদি আপোনালোকৰ উপৰলা জনে বা মালিক জনে আপোনালোকক একেৰাহে কাম কৰোৱাই আৰু এদিনো ছুটী নিদিয়ে, তেতিয়া আপোলোকে এইটো জানি লওঁক যে Apprentice Act ৰ মতে আপোনালোকে বছৰত ১২ টা বিভিন্ন সমস্যা বাবে ছুটী আৰু ১৫ টা বেমাৰৰ বাবে আৰু ১০ টা অনন্য ছুটী পাব লাগে।
এই আইনৰ মতে আপোনালোকে কিমান সময় কাম কৰিব লাগে তাকো কোৱা হৈছে। যদি আপোনালোকৰ মালিকে আপোনালোকক ছুটী নিদিয়ে আৰু ছুটী ল'লে পইচা কাটি দিয়ে ,তেতিয়া আপোনালোকে এই আইনৰ অনুসৰি কোম্পানীৰ ওপৰত কেচ কৰিব পাৰে।
এইয়া আছিল কিছুমান এনেকুৱা আইন যিবোৰ আপোনালোকে জানিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Article )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment