সকলো মানুহেই বিচাৰে যাতে তেওঁৰ জীৱনত সুখেৰে ভৰি পৰে। কিন্তু যেতিয়া কোনো দুখ কষ্টই তেওঁক ঘেৰি লয় তেতিয়া তেওঁ বিচলিত হৈ পৰে। ( Religious Studies )
তাৰ পাছত এনেকুৱা কিয় হৈছে বুলি ভাবিব ধৰে। আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰসমূহত মানুহৰ কল্যাণৰ বাবে বহুতো নিয়মৰ বিষয়ে কৈছে যাক পালন কৰিলে জীৱনত সুখ সমৃদ্ধি আৰু শান্তি বৰ্তি থাকে। যাৰ অন্তৰ্গত ব্যক্তিৰ খোৱা বোৱাৰ পৰা আদি কৰি তেওঁৰ পিন্ধা উৰা লৈকে বহুতো নিয়মৰ বিষয়ে কোৱা হৈছে। ইয়াৰ মাজতে এটা জৰুৰী কথা কোৱা হৈছে যে আমি নগ্ন অৱস্থাত যিকোনো জৰুৰী কাম কৰিব নালাগে। কিয়নো ইয়াৰ ফলত আমাৰ জীৱনত বহুত বেয়া প্ৰভাৱ পৰে। আহকচোন জানি লও কোনবোৰ কাম আমি নগ্ন অৱস্থাত কৰিবলৈ বৰ্জন কৰিব লাগে।
বিষ্ণু পুৰাণত মানুহৰ জীৱন সম্বন্ধীয় বহুত নিয়মৰ বিষয়ে কোৱা হৈছে । ইয়াত খোৱা বোৱাৰ পৰা আদি কৰি কাপোৰ কিদৰে পৰিধান কৰিব লাগে সেই বিষয়েও কোৱা হৈছে। লগতে নিৰবস্ত্ৰ হৈ কিছুমান কাম কৰাটো ধাৰ্মিক দৃষ্টিকোণৰ পৰা ভুল বুলি মানি লোৱা হৈছে। এনে কৰি আপুনিও পাপৰ ভাগী হব পাৰে।
নিৰ্বস্ত্ৰ হৈ স্নান কৰিব নালাগে।
বিষ্ণু পুৰাণৰ মতে মানুহে কেতিয়াও নিৰবস্ত্ৰ হৈ স্নান কৰিব নালাগে। আপুনি যেতিয়াই স্নান কৰিব এখন সৰু কাপোৰ আপোনাৰ শৰীৰত থাকিব লাগে। কিয়নো জলক দেৱতাৰ সংজ্ঞা দিয়া হৈছে। সম্পূৰ্ণ ৰূপে নিৰবস্ত্ৰ হৈ স্নান কৰাটো জল দেৱতাৰ অপমান বুলি মানি লোৱা হৈছে। আমি সকলোৱে জানো যে জল আমাৰ জীৱনৰ বাবে কিমান মহত্বপূৰ্ণ । মানুহে পানীৰ অবিহনে জীৱনৰ কথা ভবাটো অসম্ভৱ। জল থাকিলেহে জীৱন থাকিব। যদি আপুনি জল দেৱতাক প্ৰসন্ন কৰিব বিচাৰে তেন্তে ভুলটো নিৰবস্ত্ৰ হৈ স্নান নকৰিব। ( Religious Studies )
নিৰ্বস্ত্ৰ হৈ শুব নালাগে।
বহুতো লোকে নিৰ্বস্ত্ৰ হৈ শুবলৈ পছন্দ কৰে। এনেকৈ শুলে তেওঁলোকে আৰাম অনুভৱ কৰে। কিন্তু বিষ্ণু পুৰাণৰ মতে কেতিয়াও নিৰবস্ত্ৰ হৈ শুব নালাগে। কিয়নো এনে কৰাৰ ফলত চন্দ্ৰ দেৱতা ৰুষ্ট হয়। ৰাতিৰ সময়ত পিত্ৰগনে নিজৰ পৰিজন সকলক চাবলৈ আহে আৰু যেতিয়া তেওঁ আপোনাক সম্পূৰ্ণ ভাবে নিৰবস্ত্ৰ অৱস্থাত দেখা পাব তেতিয়া তেওঁ বহুত দুখ পাব। তেওঁ আশীৰ্বাদ নিদিয়াকৈয়ে তেতিয়া আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। ইয়াৰ লগত জড়িত মহত্বপূৰ্ণ কথা আৰু এটা আছে যে ৰাতি নগ্ন অৱস্থাত শুলে আপোনাৰ ওপৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে।
ইয়াৰ উপৰিও এনে কিছু কাম আছে যিবোৰ আমি নিৰবস্ত্ৰ হৈ কৰিব নালাগে । পূজা অৰ্চনা কৰাৰ সময়ত কিছুমান মানুহে নিৰবস্ত্ৰ হৈয়ে কৰে কিয়নো তেওঁলোকে ভাবে যে কাপোৰে তেওঁক অশুভ আৰু অপবিত্ৰ কৰি তোলে আৰু কাপোৰ পিন্ধিলে তেওঁৰ পূজা সফল নহয়। কিন্তু বিনা বস্ত্ৰে পূজা কৰিলে আপুনি কোনো সুফল নাপায় বৰঞ্চ পাপৰ ভাগিদাৰ হব। এইটো সত্য যে পূজাৰ সময়ত ছিলোৱা বস্ত্ৰ পিন্ধিব নালাগে কিয়নো চিলাই হৈছে সাংসাৰিক মায়া মোহৰ প্ৰতীক।
ভগৱানৰ পূজা অৰ্চনা প্ৰতিটো বন্ধনৰ পৰা মুক্ত হৈ কৰা হয়। ইয়াত আৰু এটা বিশেষ কথাৰ ধ্যান ৰাখিব লাগে যে কেতিয়াও চামৰাৰ সৈতে জড়িত বস্তু ধাৰণ কৰিব নালাগে। অসমনৰ সময়ত নিৰবস্ত্ৰ হব নালাগে। পূজাৰ আগত শুদ্ধকৰণৰ মন্ত্ৰ মৰাৰ সময়ত জল গ্ৰহণ কৰাটো হৈছে অসমন। যেতিয়া আমি হাতত জল লৈ অসমন কৰোঁ সেইয়া আমাৰ ডিঙিৰে মুখলৈ যায়। এই পানী আমাৰ হৃদয়ৰ ওচৰত স্থিত জ্ঞানৰ কেন্দ্ৰলৈকেহে গৈ পায় আৰু ইয়াৰ গতি ধীৰ হয়। ইয়াৰ প্ৰতীক আইয়ে যে আমি বচন আৰু বিচাৰ দুয়োৰে সৈতে শুদ্ধ হৈছোঁ লগতে আমাৰ মনস্থিতি পূজাৰ যোগ্য হৈ পৰিছে। বিষ্ণু পুৰাণত কোৱা হৈছে যে কেতিয়াও নিৰবস্ত্ৰ হৈ অসমন কৰিব নালাগে। এনে কৰিলে ইয়াৰ মহত্ব নাইকিয়া হয়। কিয়নো ই আন্তৰিক ক্ৰিয়াৰ লগত জড়িত প্ৰক্ৰিয়া হয়। যদি আপুনিও এনে কৰে তেন্তে আপুনি এই অভ্যাস শুধৰাই দিয়ক। কিয়নো এনে কৰি থকাটো আপোনাৰ বাবে ধাৰ্মিক ৰূপত অহিতকাৰী হয়। ( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
কথা খিনি সম্পুৰ্ণ শুদ্ধ ।
ReplyDelete