সনাতন ধৰ্মত বিবাহক এক পবিত্ৰ সম্বন্ধ মনা হয় । ইয়াৰ যিয়েই কাৰণ হওঁক কিন্তু সকলোৱে এদিন নাই এদিন বিবাহ পাশক আবদ্ধ হব লগা হয় । ( Religious Studies )
কিন্তু আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তিও আছে যি এই সম্পৰ্কত সোমাবলৈ ভয় কৰে । সকলোৱে জানে যে বিবাহৰ পৰা ব্যক্তিৰ আৰু এটা প্ৰয়োজন জড়িত হৈ আছে আৰু সেইটো হল শাৰীৰিক সুখ । সেইবাবে বহুতে সেইটো উদ্দেশ্যে লৈ বিবাহ কৰে । কিন্তু সহজে শাৰিৰীক সম্পৰ্ক গঢ়িবলৈ বিবাহৰ দৰে পবিত্ৰ সম্পৰ্কৰ ব্যৱহাৰ কৰা ধাৰ্মিক দৃষ্টিকোণৰ পৰা কিমান উচিত আৰু শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ বিবাহ কৰাটো কিমান আৱশ্যক জানোঁ আহক ।
আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰ ভিতৰৰ চাৰিটা বেদৰ ভিতৰত ঋকবেদ আৰ অথৰ্ববেদ দুখনতেই বিবাহৰ পিছত কেৱল নিজৰ পত্নীৰ লগতহে শাৰিৰীক সম্পৰ্ক গঢ়াটো উচিত মনা হয় সামাজিক , নৈতিকতা ধৰ্ম গ্ৰন্থৰ দৃষ্টিৰ পৰা চালে বিবাহৰ অবিহনে শাৰীৰিক সম্পৰ্ক গঢ়াটো পাপ হয় কিন্তু আমি যদি নিজৰ ওচৰে পাঁজৰে চকু ঘূৰাই চাও আমি তেতিয়া বহুতো উদাহৰণ দেখিবলৈ পাওঁ ।ইয়াৰ বাবে কোনোবা এজনক দোষাৰূপ কৰাটো সঠিক নহয় কিয়নো এনে কৰাত পুৰুষ আৰু স্ত্ৰী দুয়োজনে সমান ৰূপত দোষী থাকে ।আৰু মহিলাৰ কথা আহিলে লাগিলে সনাতন কাল হওঁক বা বৈদিক কাল , পৌৰাণিক যুগ হওঁক বা দ্বাপৰ যুগ সকলো যুগতে মহিলাৰ দ্বাৰা নিজৰ পছন্দৰ পুৰুষৰ সৈতে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক গঢ়ি তোলাৰ ঐতিহাসিক প্ৰমাণ পাওঁ । উদাহৰণস্বৰূপো মেনকা, শকুন্তলা, উৰ্বশী, চিত্ৰলেখা, চিত্ৰাঙ্গদা, কুন্তী, সুভদ্ৰা, ৰুক্মিণী আদিয়ে বিবাহৰ পূৰ্বে নিজৰ পছন্দ পুৰষৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ কথা আমাৰ ধাৰ্মিক গ্ৰন্থসমূহৰ জৰিয়তে আমাৰ সন্মুখলৈ আহিছে ।
যিসকলৰ শৰীৰ, মন আৰু ধনৰ পৰা শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ সামৰ্থ আছে সেইসকলে এতিয়াও যেতিয়াই একান্ত আৰু অনুৰাগ পায় ধৰ্ম গ্ৰন্থ আৰু নৈতিকতাৰ চিন্তা নকৰাকৈ, বিবাহ নকৰাকৈ পৰস্পৰে যৌন সম্পৰ্ক স্হাপন কৰি আছে । যদি প্ৰাচীন সময়ৰ অনুসৰি বিচাৰ কৰা হয় তেতিয়া এইটোক এক প্ৰকাৰে গন্ধৰ্ব্ব বিবাহ কোৱা হয় যত যুৱক যুৱতীয়ে স্ব-ইচ্ছাৰে প্ৰণয় সম্বন্ধত আবদ্ধ হৈ পৰে । ( Religious Studies )
আদিম যুগত মহিলাক বিবাহৰ পূৰ্বে এটাতকৈ অধিক পুৰুষৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ অধিকাৰ আছিল । আদিম যুগৰ পূৰ্বে যেতিয়া মানুহে প্ৰকৃতিৰ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবলৈ একেলগে থাকিবলৈ লৈছিল তেতিয়া মহিলাক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিবাহৰ দৰে নিয়ম বনালে কিন্তু তেওঁলোকে যৌন সম্পৰ্কৰ আনন্দৰ পৰা আঁতৰত নাছিল তেওঁলোকে শত্ৰুৰ মহিলাবোৰৰ লগত বিবাহ নকৰাকৈ শাৰীৰিক সম্পৰ্ক গঢ়িছিল আৰু সিহঁতৰ পৰা মন ভৰি গলে সিহঁতক অন্য ব্যক্তিৰ হাতত বিক্ৰি কৰি দিছিল ।কেৱল এয়াই নহয় ৰজা মহাৰাজৰ যুগত ৰাণীয়ে যথেষ্ট ধন বৈভৱ ,ঐশ্বৰ্য ভোগ কৰাৰ পাছতো ৰাজমহলৰ মাত্ৰ এক বস্তু হিচাপে ৰৈ গৈছিল ।পিছে সকলোৰে ক্ষেত্ৰত এনে হোৱা নাছিল ।তথাপিও ইতিহাসৰ পৃষ্ঠাত আপুনি এনেধৰণৰ বহুতো নায়িকা দেখিবলৈ পাব যাৰ ব্যৱহাৰ কেৱল যৌন সম্পৰ্ক গঢ়িবলৈহে কৰা হৈছিল । ইতিহাস নিজেই সাক্ষী যে যুদ্ধত জয় কৰি অনা স্ত্ৰীৰ সৈতে অবৈধ ৰূপত যৌন সম্পৰ্ক গঢ়ি তোলা হৈছিল ।
বন্ধুসকল কেৱল হিন্দু ধৰ্মতেই নহয় বাইবেলৰ অনুসৰিয়ো পৃথিৱীৰ প্ৰথম মনুষ্যই শাৰীৰিক সম্পৰ্কৰ বাবে স্বৰ্গৰ সুখো ত্যাগ কৰিছিল । প্ৰত্যেকটো লগতে এনে কাৰ্য হৈ আহিছে ।আৰু এতিয়াৰ যুগতে এনেকুৱা বহু ঘটনা ঘটিয়েই থাকে ।কিন্তু এনেকুৱা কৰিলে যেনেধৰণৰ শাৰীৰিক , মানসিক আৰু ভাৱনাত্মক ক্ষতিৰ মুখামুখি কৰিব লগা হয় সেই বিষয়ে অধিক সংখ্যক মানুহে বিচাৰ নকৰে । সেইবোৰৰে কিছুমান মুখ্য বিন্দু এনেধৰণৰ -
১) চৰিত্ৰ হীনতা
প্ৰথমটো হল চৰিত্ৰহীনতা ।আমাৰ দেশ ভাৰতবৰ্ষত যত বিবাহৰ পূৰ্বে শাৰীৰিক সম্বন্ধক ভাল চকুৰে চোৱা নহয় এনেকুৱাত যদি আপুনি শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে তেতিয়া পৰিমাণস্বৰূপে লৰা ছোৱালী দুয়োৱে কিছুমান পৰিস্থিতিৰ মুখামুখি কৰিব লগা হয় ,যেনে ঘৰৰ মানুহৰ সকলো সম্পৰ্ক এৰাই যোৱা আৰু ওচৰ পাৰে মানুহৰ হীন ভাৱনাৰ মুখামুখি কৰা । এনেকুৱা বহুতো সমস্যা তেওঁলোকৰ মুখৰ আগত বাধা ৰূপে থিয় দিয়ে ।
২) বিবাহৰ পূৰ্বে গৰ্ভৱতী
বিবাহৰ পূৰ্বে সম্বন্ধ গঢ়াটো এইবাবেই ক্ষতিকাৰক কিয়নো এই সময়ছোৱাত গৰ্ভৱতী হোৱাটো সম্পূৰ্ণ নিশ্চিত থাকে । যত এইটো স্বীকাৰ কৰা নহয় তত লৰা আৰু ছোৱালীৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হয় ।
৩) চিৰজীৱন পস্তোৱা
মানি লওঁক বিবাহৰ পূৰ্বে আপোনাৰ কাৰোবাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল আৰু সেই ব্যক্তিৰ সৈতে বিবাহ কৰিব নোৱাৰিলে এই ভুলটোৱে গোটেই জীৱন আপোনাক অশান্তি কৰিব আৰু লগতে এই কথাষাৰো ভয় থাকিব যে যদি এই কথাষাৰ জীৱন সংগীয়ে গম পায় তেতিয়া সুখীময় বিবাহিত জীৱন ধ্বংস হৈ যাব ।
বিবাহৰ পূৰ্বে আৰু বিবাহৰ পিছৰ শাৰিৰীক সম্পৰ্কৰ বিষয়ে সমাজৰ স্বীকাৰোক্তি, অস্বীকাৰ আদি এনেকুৱা বিষয় যিবোৰ তৰ্কাতৰ্কি বা বিবাদ কৰিও কোনো অন্ত নপৰে ।
ইয়াৰ উপৰিও আপোনাক জনাও যে এইটো আপোনাৰ যি শৰীৰ , যাক আপুনি নিজৰ বুলি কৈছে এইটো স্মৃতিৰ এটা বহুত ডাঙৰ সংগ্ৰহ হয় ।আপোনাৰ মগজুৰ স্মৃতিৰ তুলনাত আমাৰ শৰীৰৰ লগত জড়িত স্মৃতি অধিক আছে । যত আমাৰ ক্ৰমিক বিকাশৰ স্মৃতি , কৰ্মৰ স্মৃতি, ব্যক্ত আৰু অব্যক্ত স্তৰৰ স্মৃতি বহুতো সন্মিলিত আছে । যদি আপোনাৰ কাৰোবাক স্পৰ্শ কৰে তেতিয়া শৰীৰটোৱে সেইটো মনত ৰাখে । এইটো মগজুৰ নহয় শৰীৰৰ স্মৃতি হয় ।
যেতিয়া শাৰীৰিক সম্পৰ্ক গঢ়ে তেতিয়া বিচাৰ, ভাৱনা আদি জড়িত থাকে । শাৰিৰীক সম্পৰ্ক গঢ়াৰ পিছত যিবোৰ স্মৃতি থাকি যাই সেইবোৰ বেয়া স্মৃতি হৈ শৰীৰত থাকি যায় । এনেকুৱা যিমান বেয়া স্মৃতি আপুনি আপোনাৰ লগত জড়িত কৰি গৈ থাকিব আপোনাৰ বাবে শান্ত আৰু সুখী হৈ থকাটো সিমানেই কষ্ট হব । আপোনাৰ জীৱনত যিমান ভাল হলেও আপুনি সদায় সমস্যাতে সোমাই থাকিব । সেইবাবে শান্ত-সমৃদ্ধ জীৱন যাপন কৰিবলৈ নিজৰ জীৱনসংগীৰ লগতহে শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ কোৱা হৈছে । একো ভাল বা বেয়া নাথাকে সকলো নিৰ্ভৰ কৰে আপোনাৰ নিৰ্বাচনৰ ওপৰত , আপুনি যি বিচাৰে তাৰ ওপৰত । ( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
Nice
ReplyDelete