বন্ধুসকল আপোনালোকে শুনিবলৈ পাইছে যে শিৱ সত্য হয়, তেওঁ এক নিৰাকাৰ ৰূপ হয় যাৰ ৰহস্য বুজি পোৱা সকলোৰে বাবে সহজ নহয়। ( Religious Studies )
যিয়ে ভগবান শিৱৰ এই ৰহস্য বুজি পাই তেওঁ অখণ্ড শিৱ ভক্ত হৈ পৰে যাৰ বাবে ভগৱান শিৱৰ বিৰুদ্ধে কিবা বেয়াকৈ শুনাটো অসম্ভৱ। ৰাম চৰিত মানসত ভগবান ৰামে কৈছে যে শিৱৰ দ্ৰোহী সকল মই সপোনটো সহ্য নকৰো। ইয়াৰ উপৰিও আপুনি অনুমান কৰিব পাৰে যে ভগবান শিৱৰ সঁচা ভক্তৰ বাবে ভগবান শিৱৰ বিৰুদ্ধে কোৱা এটা শব্দও বিনাশকাৰি ৰূপ লব পাৰে। কিন্তু আপোনালোকে জানে নে যে বহুত মানুহৰ দ্বাৰা এনেকুৱা কিছুমান বিভ্ৰান্তি বিয়পাই পেলোৱা হল যে কৰবাত নহয় কৰবাত ভগবান শিৱৰ আচল ৰূপটো খণ্ডিত কৰা হৈছে। যদি আপুনিও এজন শিৱভক্ত হয় তেন্তে এই লেখাটো নিশ্চয় পঢ়ক।
শিৱ কোনো সাধাৰণ শব্দ নহয় বৰঞ্চ এই সৃষ্টিৰ নিৰ্মাতা হয় তেওঁ। যিয়ে নিজৰ সৃষ্টিৰে এই সংসাৰৰ পালনকৰ্তা ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ ৰচনা কৰিলে। শিৱৰ কোনো আৰম্ভণি নাই আৰু কোনো অন্ত নাই। আজিলৈকে শিৱৰ বিষয়ে পূৰ্ণ জ্ঞান ৰখা কোনো ব্যক্তি নাই যিয়ে শিৱৰ লগত জড়িত সকলো তথ্যৰ সত্যতা প্ৰমাণ কৰিব পাৰে। এনেকুৱা বহুতো ভ্ৰান্তি বিয়পি পৰিছে যি সত্য নহয় কিন্তু মানুহে তাক সত্য মানি ললে। সত্য মনাৰ লগতে ভগবান শিৱৰ পূজা অৰ্চনাৰ অংশও কৰি পেলালে। আমি সকলোৱে জানো যে শিৱক ভোলানাথ বুলিও কোৱা হয়। তেওঁ ভক্তৰ সকলো ভুল মাফ কৰি দিয়ে কিন্তু তেওঁৰ বিষয়ে বিয়পি পৰা এই ভ্ৰান্তিৰ বাবে ভৈৰব দেৱ আৰু শনি দেৱ নিশ্চয় ৰুষ্ট হব। আহকচোন প্ৰথমতে জানি লওঁ ভগবান শিৱৰ বিষয়ে বিয়পি পৰা প্ৰথম মিছা কথাষাৰৰ বিষয়ে যি বহুত বছৰ আগৰ পৰাই চলি আহিছে।
"শিৱ লিংগৰ অৰ্থ শিৱৰ শিক্ষ্ণ হয় নেকি?"
ভগবান শিৱৰ প্ৰতীক শিৱ লিংগক বহুত লোকে যোনি আৰু শিক্ষ্ণ বুলি আজিকালি কয় আৰু বিভিন্ন সামাজিক মাধ্যমত এই বিষয়ে ভিডিও শ্বেয়াৰ কৰে। যাৰ ফলত মানুহে শিৱ লিংগৰ ভুল প্ৰতিৰূপ দেখুৱাৰ লগতে বহুতো লোকে তাত বহুত বেয়া মন্তব্য প্ৰদান কৰে যাৰ ফলত শিৱ লিংগ অপমানিত হয় । এই অপমান পোনেই ভগবান শিৱৰ ওপৰত কৰা প্ৰহাৰ হয়। শিৱৰ অপমান কৰাসকলৰ কোনো ক্ষমা নাই লাগিলে তেওঁ পিছত যিমানেই ভাল কাম নকৰক কিয়। সেইবাবে আচলতে শিৱ লিংগ হয় কি সেই বিষয়ে সকলোৱে জানি লোৱাটো বহুত আৱশ্যক।
বাস্তৱত শিৱ লিংগৰ অৰ্থ হৈছে শিৱৰ আদি অনাদি স্বৰূপ। শূণ্য, আকাশ, অনন্ত, ব্ৰহ্মাণ্ড, নিৰাকাৰ আৰু পৰমপুৰুষৰ প্ৰতিক হোৱাৰ বাবে ইয়াক লিংগ বুলি কোৱা হৈছে। যিদৰে ভগবান বিষ্ণুৰ প্ৰতীক চিহ্ন চালিগ্ৰাম হয় সেইদৰে ভগবান ভোলানাথৰ প্ৰতীক শিৱ লিংগ বুলি কোৱা হয় । এই পিণ্ডৰ আকৃতি আমাৰ আত্মাৰ জ্যোতিৰ দৰে হয় । ভগবান শিৱৰ দুই প্ৰকাৰৰ কায়া আছে। এটা হৈছে যাক স্থূল ৰূপত ব্যাখ্যা কৰিব পাৰি আৰু দ্বিতীয়টো সুক্ষ্ম ৰূপত অব্যক্ত লিংগ ৰূপে জনা যায়। ভগবান শিৱৰ আটাইতকৈ বেছি পূজা লিংগ ৰূপী পাথৰৰ ওচৰতে কৰা হয়। লিংগ শব্দটো লৈ বহুত ভ্ৰম হয়। সংস্কৃতত লিংগৰ অৰ্থ হৈছে চিহ্ন। এই অৰ্থটোৱেই শিৱ লিংগত ব্যৱহাৰ হয়। শিৱলিংগৰ অৰ্থ হৈছে শিৱ অৰ্থাৎ পৰমপুৰুষৰ প্ৰকৃতিৰ লগত সমৰ্পিত চিহ্ন।
" ভগবান শিৱই ভাং আৰু গাঞ্জা সেৱন কৰে নেকি?"
ভগবান শিৱৰ এনেকুৱা বহুতো ফটো হয়তো আপোনালোকে দেখিবলৈ পাইছে যত তেওঁ ভাং অথবা গাঞ্জা সেৱন কৰি আছে। কিন্তু আপুনি জানে নে যে এনেকুৱা কোনো বেদ বা গ্ৰন্থ নাই যত এই কথাৰ বৰ্ণনা দিয়া আছে। কিন্তু সত্যতা নজনাকৈয়ে মানুহে ভাংক ভগবান শিৱই সেৱন কৰিবলৈ পছন্দ কৰা বস্তু বুলি মানিব ধৰিলে। ভাং ক ভগবান শিৱৰ প্ৰসাদ বুলি ভাবি শিৱৰাত্ৰিৰ সময়ত কিমান যে ভক্তই ইয়াক সেৱন কৰে। ভাং সেৱন কৰাটো ভুল নহয় কিন্তু ইয়াক ভগবান শিৱৰ লগত জড়িত থকা বুলি মানি লোৱাটোহে ভুল কথা। ভগবান শিৱৰ এনে ফটোবোৰৰ লগত জড়িত সকলো লোক পাপৰ ভাগিদাৰ হৈছে। কিয়নো তেওঁলোকে ভগবান শিৱৰ ফটোক ক্ষতি কৰাৰ লগতে তেওঁৰ অপমান কৰিছে। শিৱভক্ত সকলৰ দ্বাৰা কৰা এই ভুলে তেতিয়া বিশাল ৰূপ লৈ লয় যেতিয়া সাধাৰণ লোকৰ বাদেও পণ্ডিত সকলে এই ভুল কৰে। শিৱৰাত্ৰিত শিৱ লিংগত উৎসৰ্গা কৰা ভোগৰ ভিতৰত আটাইতকৈ বেছি উৎসৰ্গা কৰা ভোগ হৈছে ভাং। ভগবান শিৱৰ লিংগত ভাং উৎসৰ্গা কৰাটো শিৱৰ বাবে অপমান হয়। ভগবান শিৱৰ দ্বাৰা ভাং সেৱন কৰা এই মিছা কথাষাৰে আজি সত্য ৰূপ লৈ ললে।
যদি আপুনি কেতিয়াবা ধ্যান দিছে তেন্তে এনেকুৱা বহুতো ফটো সামাজিক মাধ্যমত প্ৰচাৰ হোৱা দেখা পাইছে যত ভগবান শিৱক ছিলিম টানি থকা দেখা গৈছে যাৰ কোনো আধাৰ নাই কোনো আশ্ৰয় নাই। তথাপিও বেছিকৈ এনে ফটোবোৰৰ ব্যৱহাৰ কৰা দেখা যায়। সেইবাবে মনত ৰাখিব যে ভাংৰ দৰে বস্তু ভগবান শিৱই সেৱন নকৰে। ইয়াৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই। ( Religious Studies )
" ভগবান শিৱই বাস্তৱত নাজানিচিল নেকি যে গণেশ পাৰ্বতীৰ পুত্ৰ আছিল?"
ভগবান শিৱৰ ওপৰত উত্থাপন হোৱা এই প্ৰশ্ন তেওঁৰ দিব্য শক্তিৰ ওপৰত হোৱা এটা প্ৰশ্ন হয় কিন্তু এনে এটা প্ৰশ্ন উত্থাপন কৰাৰ আগতে আমি ভগবান শিৱৰ চৰিত্ৰৰ বিষয়ে জানি লোৱাটো আৱশ্যক। ভগবান শিৱৰ জীৱনটো হৈছে এক লীলা। যত প্ৰতিটো ঘটনাৰ জ্ঞান আগৰ পৰাই থাকে। কিন্তু সকলো জনাৰ পাছতো তেওঁ একো নজনাৰ ভাও ধৰি তাত ভাগ লয়। যেতিয়াই পৃথিৱীত অধৰ্ম বাঢ়িছে তেতিয়া ধৰ্ম স্থাপন কৰাৰ উদ্দেশ্যৰে ত্ৰিদেৱে অৱতাৰ লৈছে আৰু এই পৃথিৱীত জন্ম লৈছে। ভৱিষ্যতৰ বিষয়ে সকলো জ্ঞাত হোৱাৰ পাছতো তেওঁ নিজৰ জীৱন সাধাৰণ মানুহৰ দৰেই জীয়াই থাকে। ইয়াকেই লীলা বুলি কোৱা হয়। লীলাৰ অৰ্থ কোনো প্ৰকাৰৰ নাটক নহয়। বৰঞ্চ ই এক এনেকুৱা ঘটনা ক্ৰম হয় যাক প্ৰভুৱে ৰচনা কৰিছে আৰু তাৰ পাছত প্ৰভু ইয়াৰ অংশীদাৰ হৈ পৰে। ভগবান শিৱই কি সঁচাকৈয়ে জনা নাছিল যে গণেশ পাৰ্বতীৰ পুত্ৰ হয়? যাৰ বাবে তেওঁ অজানিতে গণেশৰ ডিঙি কাটি দিছিল আৰু তাৰ পাছত যেতিয়া তেওঁ গম পালে তেতিয়া তাত হাতীৰ ডিঙি লগাই দিলে। যেতিয়া শিৱই এইটো জানিব নোৱাৰিলে যে এইজন মোৰ পুত্ৰ হয় তেন্তে তেওঁ কিদৰে ভগবান হব পাৰে? এইটো শিৱৰ দেৱ হোৱাৰ বাবে উত্থাপন হোৱা এনে এটা প্ৰশ্ন যাৰ বিষয়ে আপোনালোকে জানিব বিচাৰিব। আগতেই কোৱা হৈছে যে ভগবান শিৱৰ জীৱন এক লীলা হয়। সকলো জনাৰ পাছতো তেওঁ এই পদক্ষেপ এই কাৰণেই লবলগা হল কিয়নো এই ঘটনা ঘটটো নিশ্চিত আছিল। যদি এই ঘটনা সংঘটিত নহল হয় হয়তো আজি গণেশক ভগবান স্বৰূপ কোনেও পূজা নকৰিলে হয়।
প্ৰকৃতিত সংঘটিত হোৱা প্ৰত্যেক ঘটনাৰ পাছত এটা কাৰণ লুকাই আছে। এই সংসাৰৰ সৃষ্টিৰ পৰা সংহাৰ লৈকে এক লীলা হয় সেইবাবে প্ৰকৃতিৰ নিয়মৰ বিষয়ে নজনাকৈ ভগবান শিৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটো শুদ্ধ নহয়। যিটো বুজি পোৱাটো আমাৰ সকলোৰে বাবে দৰকাৰী।
" শিৱ আৰু পাৰ্বতীয়েই আদম আৰু ইব হয় নেকি?"
আদিদেৱ ৰূপেৰে জনাজাত ভগবান শিৱ আৰু তেওঁৰ পত্নী মাতা পাৰ্বতীৰ লগত জড়িত এই মিছা কথা যে শিৱ আৰু পাৰ্বতী আদম আৰু ইব হয় । এই কথাষাৰৰ সত্যতা আপোনালোকৰ বহুতেই হয়তো নাজানে। ভগবান শিৱ আৰু মা পাৰ্বতীৰ দুজন পুত্ৰ আছিল গণেশ আৰু কাৰ্তিক। যিদৰে কোৱা হৈছে যে আদমৰ দুজন পুত্র কেন আৰু হাবিল আছিল। কেন বেয়া আছিল আৰু হাবিল ভাল। কিছুমান বিদ্বানৰ মতে স্বয়ম্ভূ মুনি আৰু শতৰূপাই আদম আৰু ইব আছিল। ইয়াৰ বিষয়ে বিস্তাৰ ৰূপত বৰ্ণন কৰিলে গম পোৱা যায় শিৱৰ প্ৰথম বিবাহ দক্ষ ৰজাৰ পুত্ৰী সতীৰ সৈতে হৈছিল যাৰ মৃত্যু হৈছিল অগ্নি কুণ্ডত জঁপিয়াই দিয়াৰ ফলত। আৰু তেওঁৰ দ্বিতীয় বিবাহ হৈছিল দেৱী সতীৰ পুনৰজন্ম বুলি কোৱা পৰ্বত ৰাজ হিমালয়ৰ পুত্ৰি দেৱী উমাৰ সৈতে হল যাক পাৰ্বতী বুলি কোৱা হয়। পাৰ্বতীৰ এটা পুত্ৰ আছিল যাৰ নাম কাৰ্তিক । শিৱৰ দুজন পুত্ৰ কাৰ্তিক আৰু গণেশৰ ভিতৰত কাৰ্তিকৰ জন্ম শিৱ আৰু পাৰ্বতীৰ দ্বাৰা হল কিন্তু গণেশৰ উৎপত্তি মা পাৰ্বতীৰ শৰীৰৰ পৰা উলিযাই পঠোৱা উত্তনৰ দ্বাৰা হল। ইয়াৰ উপৰিও শিৱৰ আৰু এজন পুত্ৰৰ নাম আছিল বিদ্যুৎকেশ আছিল। তেওঁ শিৱৰ আচল পুত্ৰ নাছিল বৰঞ্চ তেওঁ অনাথ আছিল।
তেওঁৰ পালন পোষণ শিৱ আৰু পাৰ্বতীয়ে কৰিলে। শিৱৰ চতুৰ্থ পুত্ৰ জলন্ধৰৰ উত্পত্তি শিৱৰ ক্ৰোধৰ বাবে হৈছিল আৰু আগলৈ গৈ জলন্ধৰ শিৱৰ আটাইতকৈ ডাঙৰ শত্ৰু হল। এইদৰে শিৱৰ আৰু কেইবাজনো পুত্ৰ আছিল। যিদৰে অন্ধক, স্বাস্ত্ৰক, খোজা ইত্যাদি। শিৱ আৰু আদমৰ কথাত কোনো ধৰণৰ মিল নাই। ইয়াৰ দ্বাৰা জানিব পাৰি যে শিৱ আৰু পাৰ্বতী আদম আৰু ইব নহয়।
"ভগবান শিৱই শংকৰ , মহেশ, ৰুদ্ৰ, মহাকাল আৰু ভৈৰব হয় নেকি?"
প্ৰথমতে কৈ দিওঁ যে হিন্দু ধৰ্মৰ সম্বন্ধ বেদৰ লগত আছে পুৰাণৰ লগত নহয়। বেদত ৰুদ্ৰৰ বৰ্ণন কৰা হৈছে আৰু এই ৰুদ্ৰৰ লগত জড়িত বিস্তাৰিত ৰূপক পুৰাণ বুলি কোৱা হয়। আৰু এই কাহিনীক শিৱৰ লগত জড়িত কৰাৰ বাবে ভগবান শিৱৰ ৰূপৰ লগত জড়িত ভ্ৰান্তিৰ সৃষ্টি ইয়াৰ বাবেই হৈছে। তান্ত্ৰিক সকলৰ মতে শিৱ বা শংকৰৰ যি ৰূপৰ বৰ্ণন কৰা হৈছে সেইয়া শিৱৰ ভৈৰব ৰূপ হয় যাৰ কোনো প্ৰমাণ নাই। বাস্তৱত ভৈৰবো বহুত আছিল যাৰ মাজত কাল ভৈৰব আৰু বটোক ভৈৰব মুখ্য হয়। তেনেস্থলত শিৱক ভৈৰব ৰূপৰ লগত পোনেই জড়িত কৰাটো উচিত নহয়।
এনেকুৱাও হব পাৰে যে তন্ত্ৰক শুদ্ধ প্ৰমাণ কৰাৰ বাবে তেওঁৰ দ্বাৰা বিয়পোৱা মনৰ কোনো ব্যখ্যা হয়। এই মতক ৰাম চৰিত মানসত কুল মত বুলি কোৱা হয় কিয়নো ই বেদৰ বিৰুদ্ধে হয়। শিৱৰ লগত জড়িত এনেকুৱা বহুতো মিছা কথা আছে যাৰ কোনো প্ৰমাণ নাই। কালান্তৰত এনেকুৱা ও হল যে বহুত ঋষিক শিৱৰ ৰূপ বুলি মানি তেওঁৰ পূজা কৰা হল। আচৰিত কথা এইটো যে আজিকালিৰ পঢ়া লিখা লোকে এনে মিছা কথাত বিশ্বাস কৰে। এনেদৰে চাই বাবাক বৰ্তমান সময়ত শিৱৰ এটা ৰূপ বুলি কোৱা হয় যি এটা মিছা হয় কিন্তু ইয়াকো প্ৰায় সঁচা বুলিয়েই মনা হয়। যদি শিৱক শংকৰ বুলি কোৱা কথাষাৰলৈ মন দিওঁ তেন্তে শিৱ হৈছে এক নিৰাকাৰ সত্য আৰু শংকৰ এক সাকাৰ .। শিৱ এক শক্তি হয় যিয়ে সৃষ্টিৰ নিৰ্মাতা , পালনকৰ্তাৰ উৎপত্তি কৰিছে। এইদৰে শংকৰ হৈছে শিৱৰ এক ৰচনা আৰু শিৱ হৈছে ৰচনাকাৰ। ইয়াৰ পৰা জানিব পাৰি যে শিৱক ভোলানাথ, শংকৰ, মহেশ , ভৈৰব বুলি সম্বোধন কৰাটো পূৰ্ণ ৰূপত ভুল নহয়। আমি সকলোৱে জানো যে অল্পবিদ্যা ভয়ংকৰি। সেইবাবে যেতিয়ালৈকে আপুনি কাৰো বিষয়ে সম্পূৰ্ণ ৰূপে জ্ঞান লাভ নকৰে তেতিয়ালৈকে তাৰ ওপৰত বিশ্বাস নকৰিব আৰু বিয়পাই নিদিব। ( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment