এবাৰ এজন ভিক্ষাৰীয়ে নিজৰ জীৱনটোক লৈ চিন্তাত পৰিছিল কিয়নো সি নিজৰ জীৱনটোক চলাবলৈ ভিক্ষা খুজিব লগা হৈছিল সি প্ৰত্যকটো বস্তুৰ বাবে ভিক্ষা খুজিব লগা হৈছিল । ( Religious Studies )
সেইবাব সি সদায় দুখত থাকিছিল আৰু গোটেই দিনটো এইটোৱেই ভাবি থাকিছিল যে কেনেকৈ তাৰ জীৱনত পৰিৱৰ্তন আহিব , এইবোৰ ভাবিয়েই সি হতাশ হৈ পৰে । সি সদায় দেখে যে বহুত হতাশাত থকা ব্যক্তি , চকুত চকুপানী লৈ থকা ব্যক্তি আৰু বিভিন্ন চিন্তাত থকা ব্যক্তি গৌতম বুদ্ধৰ ওচৰলৈ যায় আৰু ঘূৰি অহাৰ সময়ত সেইসকল বহুতো সুখী হৈ আহে । সেই ভিক্ষাৰী জনে এইটো বুজি পোৱা নাছিল যে গৌতম বুদ্ধি সেইসকলৰ লগত এনেকুৱা কি কৰে যে তেওঁলোকে অত্যন্ত সুখী হৈ পৰে ।
ঘূৰি অহাৰ সময়ত সেইসকলৰ হাতত বহুত ধনো নাথাকে আৰু সোণ ৰূপো নাথাকে ,তেতিয়া এনেকুৱা কি হয় যে মানুহে বুদ্ধৰ ওচৰৰ পৰা ঘূৰি অহাৰ সময়ত ইমান সুখী হৈ আহে । এইবিলাক ভাবি ভিক্ষাৰীয়ে নিৰ্ণয় লয় যে সি নিজেই মহাত্মা বুদ্ধৰ ওচৰলৈ যাব আৰু চাব তাত এনেকুৱা কি হৈ আছে যে দুখী ব্যক্তি তেওঁৰ ওচৰলৈ গৈ কেনেকৈ ইমান সুখী হৈ পৰে ।
সি বুদ্ধদেৱক লগ কৰিবলৈ তেওঁৰ ওচৰলৈ গল যত বুদ্ধদেৱ আছিল তাত বহুতো মানুহৰ দীঘলীয়া লাইন লাগি আছিল সেই ভিক্ষাৰীজনেও লাইনত লাগি গল । চাওঁতে চাওঁতে তাৰ পাল আহিল আৰু সি বুদ্ধদেৱক কলে যে, " বুদ্ধদেৱ মই বহুত দৰিদ্ৰ হয় মোৰ ওচৰত একোৱেই নাই মই জীয়াই থাকিবলৈও আনৰ ওচৰত ভিক্ষা খুজিব লগা হয় । এতিয়া আপুনিয়েই মোক কোৱকচোন মই মোৰ জীৱনটোক কেনেদৰে উন্নত কৰিব পাৰিম।" এইবিলাক শুনি বুদ্ধদেৱে কলে , "তুমি দুখীয়া নহয় তোমাক মাথোঁ এনেকুৱা লাগেহে কিয়নো তুমি আজিলৈকে কাৰো বাবে একোৱেই কৰা নাই । তুমি কাৰোবাক দানো দিয়া নাই লগতে অন্যৰ বাবে একো এটা কৰাও নাই । " ( Religious Studies )
এইবিলাক শুনি ভিক্ষাৰীজনৰ মনত আকাংক্ষা জাগ্ৰত হল । নিজৰ আকাংক্ষাক দূৰ কৰিবলৈ ভিক্ষাৰীজনৰ শুধিলে, " মইতো এজন ভিক্ষাৰীয়ে হয় মই আনক দান কেনেদৰে দিব পাৰো আৰু কেনেদৰে সহায় কৰিব পাৰো । মইতো নিজৰ জীৱন চলাবলৈ আনৰ পৰা দান খুজো ।" এইবিলাক শুনাৰ পিছত গৌতম বুদ্ধই অলপ সময়ৰ বাবে মনে মনে থাকিলে আৰু কলে, " তোমাৰ ওচৰত হাত আছে যিটোক তুমি আনৰ সেৱাত লগাব পাৰা আৰু অন্য ব্যক্তিৰ ভাল কৰিব পাৰা ।ইয়াৰ ওপৰিও তোমাৰ ওচৰত মুখ আছে যাৰ জৰিয়তে তুমি আনৰ লগত ভাল ভাল কথা পাতিব পাৰা আৰু অন্য ব্যক্তিৰ উৎসাহ বঢ়াব পাৰা । এইবিলাক কৰি তুমি অন্য ব্যক্তিৰ সহায় কৰিব পাৰা ।জৰুৰী নহয় যে দান কেৱল পইচাৰ জৰিয়তে কৰিব পাৰি , আমি শিক্ষাৰো দান কৰিব পাৰো , অন্তৰে দান কৰিব পাৰো । ভগৱানে যদি কাৰোবাক সম্পূৰ্ণ ভাল শৰীৰ এটা দিয়ে তেতিয়া সেইজন দৰিদ্ৰ নহয় । মাথোঁ তেওঁ চিন্তা ধাৰা দুখীয়া , সি মাথোঁ এই চিন্তা ধাৰাৰ পৰা আঁতৰি অন্য ব্যক্তিৰ সহায় কৰিব লাগে ।"
বুদ্ধদেৱৰ এই কথাবোৰ শুনি সেই ভিক্ষাৰীজন বহুতো সুখী হৈ পৰিল আৰু এতিয়া তাৰ মন সন্তুষ্ট আছিল । সেইজনে বুদ্ধদেৱৰ সন্মুখতে নিৰ্ণয় ললে যে সি আজিৰ পৰা ভিক্ষা খোজা এৰি দিব আৰু কিবা নহয় কিবা ভাল কাম কৰিব ।
বন্ধুসকল আমি সকলোৱে নিজকে দুখীয়া বুলি চিন্তা কৰি সময় নষ্ট কৰো কিন্তু এইটো সত্য নহয় । সত্য এইটো যে যেতিয়ালৈকে আমাৰ শৰীৰ সম্পূৰ্ণৰূপে সুস্থ তেতিয়ালৈকে আমি শৰীৰক ব্যৱহাৰ কৰি আগুৱাই যাব পাৰো । আৰু জীৱনত উন্নতি কৰিব পাৰো । যদি কোনোবা ব্যক্তিয়ে কেৱল নিজৰ দুখীয়া অৱস্থাৰ কথা ভাবিয়েই সময় নষ্ট কৰে আৰু তাক সলনি কৰাৰ চেষ্টাও নকৰে তেতিয়া সেই ব্যক্তিজন মূৰ্খ হয় । ইয়াৰ ওপৰিও এই কাহিনীৰ পৰা আমি এইটো শিক্ষা পাওঁ যে দান কেৱল ধনৰেই নহয় শিক্ষা , খাদ্য, ভাল চিন্তাধাৰা আদিৰো কৰিব পাৰি । যদি আপনাৰ ওচৰত ধন নাই তেতিয়া আপুনি শিক্ষাৰ দান কৰিব পাৰে বা অন্যক ভাল চিন্তাধাৰাৰ জানো কৰিব পাৰে । এই দিনবোৰৰ জৰিয়তে অন্তত আমাৰ সমাজৰ ভাল হয় আৰু সমাজ ওপৰলৈ উঠি যায় । ( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment