প্ৰেম হৈছে সংসাৰৰ আটাইতকৈ পবিত্ৰ বন্ধন। কিন্তু সঁচা অৰ্থত ই বন্ধনৰ পৰা মুক্তি হয়, স্বাধীনতা হয়। ( Religious Studies )
যদি কোনোবাই আপোনাৰ প্ৰেম প্ৰত্যাখ্যান কৰে , আপোনাৰ প্রেম বুজিয়েই নাপায় তেতিয়া আপুনি কি কৰিব? কিছু সময় উদাস হব নতুবা চল কপটেৰে প্ৰেম পাবলৈ বিচাৰিব। আৰু কিছুমানে বলপূৰ্বক ভাবে প্ৰেমৰ ওপৰত অধিকাৰ পাব বিচাৰিব। কিন্তু এইটো আৱশ্যক নহয় যে আপুনি যাক প্ৰেম কৰিব তেওঁ যে ওলোটাই আপোনাক প্ৰেম কৰিব লাগিব। কিয়নো প্ৰেম কোনো বস্তু নহয়। প্ৰেম কোনো ৰাজ্য নহয় ধন নহয় যাক আপুনি বলেৰে পাব পাৰিব।
প্ৰেম সেইটো শক্তি হয় যিয়ে আপোনাৰ বাবে সকলো বন্ধন ভাঙিব পাৰে কিন্তু নিজে কোনো বন্ধনত নফছে। আপুনি যাক প্ৰেম কৰে তেওঁক স্বাধীন ভাবে এৰি দিয়ক। কিয়নো স্বাধীনতাই হৈছে সেইটো ভাব যিটো জীৱৰ বাবে অধিক প্রিয়। প্ৰেম সঁচা হলে অৱশ্যে তেওঁ বুজি পাব। তেতিয়ালৈকে নিঃস্বাৰ্থ ভাবে প্ৰেম কৰি যাওক। স্বাৰ্থ আঁতৰি গলে প্ৰেম নিশ্চয় আহিব। আৰু মন প্ৰসন্ন হৈ উঠি কব " ৰাধা ৰাধা"
সেই মানুহজন স্বাৰ্থপৰ হয়, তেওঁ স্বাৰ্থৰ বাবে এই বেয়া কামটো কৰি দিলে। দেখা যায় যে সংসাৰত স্বাৰ্থক পাপৰ মূল বুলি মানিবলৈ ললে। কিন্তু সচাকৈ স্বাৰ্থ বেয়া নেকি? স্বাৰ্থ শব্দতো সৃষ্টি হৈছে স্ব আখৰেৰে অৰ্থাৎ নিজক লৈ। যিটো কামত কেৱল নিজৰ অৰ্থ থাকে। যত কেৱল নিজৰ লাভ হয় সেইয়া হৈছে স্বাৰ্থ। এতিয়া প্ৰশ্ন এইটো যে আপোনাৰ ' স্ব' কি হয়? যদি আপোনাৰ 'স্ব'ত কেৱল আপুনি নিজৰ কথা ভাবিছে তেন্তে আপুনি নিশ্চয় স্বৰ্থী। যদি আপোনাৰ স্বত পৰিয়াল সন্মিলিত তেন্তে আপুনি পৰিবাৰ্থি হয়। যদি অন্য লোকে সন্মিলিত আছে তেন্তে আপুনি পৰুপকাৰী হয় । যদি গোটেই সংসাৰ জড়িত আছে তেন্তে আপুনি পৰমাৰ্থি হয়। গতিকে নিজৰ স্বাৰ্থৰ পৰা দূৰ নহৈ তাৰ বিস্তাৰ কৰক। যদি নিজৰ অস্তিত্বৰ বিস্তাৰ কৰে তেতিয়া এই স্বাৰ্থ নিশ্চয়কৈ পৰমাৰ্থলৈ পৰিৱৰ্তন হব। ( Religious Studies )
মানুহৰ চিন্তা ধাৰা , কিবা এটা ঘটনা ঘটাৰ পাছত এই মনটোৱে কি কৈ উঠিব সেইটো কোৱাটো অসম্ভব। এই চিন্তাই কেতিয়াবা আমাৰ মনত হীনতাৰ ভাৱ লৈ আহে। আমি সদায় আমাতকৈ ওপৰৰ শ্ৰেণীৰ মানুহবোৰৰ বিষয়ে ভাবো , তেওঁলোকৰ জীৱনৰ বিষয়ে বিশ্লেষণ কৰোঁ। আৰু তাৰ পাছত তেওঁৰ লগত নিজক তুলনা কৰি নিজৰ বিষয়ে হীন বুলি ভাবি লওঁ। আমি ভাবি লওঁ যে তেওঁৰ ওচৰত কিমান টকা আছে, কিমান বল আছে আৰু মোৰ ওচৰত একোৱেই নাই। কিন্তু আমি নিজক লৈ হীনমন্যতাত ভুগিব নালাগে। আপোনাৰ ওচৰতো কৰিবলগীয়া বহুত কাম আছে এবাৰ ভাবি চাওক। ভোকত থকা ব্যক্তি এজনে যদি এখন শুকান ৰুটি খাবলৈ পায় সেইয়া হয়তো বেলেগৰ বাবে অন্নৰ এটা দানা হব কিন্তু সেই ভোকাটোৰ ব্যক্তিজনৰ বাবে সেইয়া কোনো ভোজতকৈ কম নহয়। গতিকে যেতিয়াই মনত হীন ভাৱনা জাগিব তেতিয়াই নিজৰ আপোন মানুহবোৰৰ প্ৰতি চাওক। আপোনাৰ বিশ্বাস হৈ যাব যে হয়তো আপুনি সংসাৰ খনৰ বাবে সামান্য কিন্তু আপোনাৰ কিছুমান আপোন মানুহৰ বাবে আপুনি সম্পূৰ্ণ সংসাৰ হয়। গতিকে নিজৰ সংসাৰত প্ৰসন্ন হবলৈ শিকক। ভুল আৰু মানুহৰ সম্বন্ধ প্ৰায় চৰাই আৰু পাখিৰ দৰে, ধাৰা আৰু নদীৰ দৰে। যদি ভুল মানুহৰ স্বভাৱৰ ইমানেই মহত্বপূৰ্ণ অংগ হয় তেন্তে ইয়াত লাজ কৰিবলগীয়া কি আছে? নিজৰ ভুলত লাজ কৰাটো উচিত নহয়। যদি দেখা যায় আমি কৰা ভুলবোৰে আমাক আৰু শ্ৰেষ্ঠ হোৱাৰ সুযোগ দিয়ে। আগতকৈ ভাল প্ৰদৰ্শন কৰাৰ প্ৰেৰণা দিয়ে। হয়তো বহুতে এই কথাটোত সহমত নহব পাৰে। কিয়নো বহুতৰে দৃষ্টিত ভুলে দোষৰ জন্ম দিয়ে আৰু দোষে অপৰাধৰ আৰু অপৰাধৰ কোনো ক্ষমা নাই। অপৰাধৰ বাবে দণ্ড পোৱা উচিত। কিন্তু এনে কিয় হয় আমি কেতিয়াবা ভাবি চাইছোঁ নে? ইয়াৰ কাৰণ হৈছে ভুল স্বীকাৰ কৰাৰ পৰা বাচিব বিচৰাতো। যদি আপুনি কিবা ভুল কৰে আৰু তাক স্বীকাৰ নকৰে তেতিয়া সেই ভুল দোষত পৰিণত হব আৰু সেই দোষ অপৰাধত পৰিণত হব। গতিকে নিজৰ ভুল স্বীকাৰ কৰাৰ সাহস কৰক। নিজৰ ভুল শুদ্ধ কৰাৰ প্ৰথম খোজ হৈছে ভুল স্বীকাৰ কৰাটো। নিজৰ ভুল স্বীকাৰ নকৰাটো হৈছে অপৰাধ।
মানুহৰ এক বিশেষ প্ৰবৃত্তি থাকে আৰু সেইটো হৈছে মানুহে কেতিয়াও নিজক লৈ সন্তুষ্ট হব নোৱাৰে, প্ৰসন্ন হব নোৱাৰে। মানুহে যি আছে তাতকৈ অধিক পাব বিচাৰে। যি পাইছে তাতকৈ অধিক আগুৱাই যাব বিচাৰে। নিজৰ জীৱনত পৰিৱৰ্তন আনিব বিচাৰে। এই প্ৰবৃত্তি সংসাৰত আটাইতকৈ মহান হয়। কিয়নো এই প্ৰবৃত্তিৰ বাবেই সংসাৰত বিকাশ হয় । এই পৰৱৰ্তনৰ মাজত মানুহে নিজৰ জীৱন সলাবলৈ চেষ্টা কৰে। তাৰ বাবে মানুহে সংসাৰত সেইটো বিচাৰে ফুৰে যিটো তেওঁৰ ওচৰত আছে। যদি কোনোবাই আপোনাৰ জীৱন সলাব পাৰে তেন্তে এবাৰ আইনাত চাওক। সেইয়া হৈছে আপুনি নিজেই যিয়ে আপোনাৰ জীৱন সলাব পাৰিব।
সেইবাবে নিজৰ ভিতৰৰ শক্তিক চিনি পাওঁক। নিজৰ ওপৰত বিশ্বাস ৰাখক এই সংসাৰত আপোনাতকৈ অধিক শক্তিশালী আৰু কোনো নাই। অন্ধবিশ্বাসৰ নহয় আত্মবিশ্বাসৰ লগত থিয় হওক নিশ্চয়কৈ আপোনাৰ জীৱন সলনি হৈ যাব। আপোনাৰ সমস্যাবোৰ নিজে নিজে দূৰ হৈ যাব।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment