দেৱাদিদেব মহাদেৱৰ পিতৃ-মাতৃৰ বিষয়ে আপুনি জানেনে : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, December 23, 2021

demo-image

দেৱাদিদেব মহাদেৱৰ পিতৃ-মাতৃৰ বিষয়ে আপুনি জানেনে : Religious Studies

.com/img/a/

 

এই লেখাত আপোনাক জনাম যে ভগৱান শিৱৰ মাতা পিতা কোন হয় । ভগৱান শিৱই যদি এই পৃথিৱীৰ আদি আৰু অন্ত হয়‌‌ তেতিয়া তেওঁৰ মাতা পিতা কোন ? ( Religious Studies )


ভগৱান শিৱই এই সৃষ্টিৰ আদি আৰু অন্ত হয় । অন্য প্ৰকাৰে কবলৈ গলে ভগৱান শিৱই এই সৃষ্টিৰ আৰম্ভ কৰিছিল আৰু ইয়াৰ অন্তও তেওঁৰ হাতৰ পৰাই হব । প্ৰশ্ন হয় যে ভগৱান শিৱৰ পৰাই যদি এই পৃথিৱীৰ আৰম্ভ হৈছে তেতিয়া তেওঁক কোনোবাই জন্ম দিছে নেকি ? ভগৱান শিৱৰ মাতা পিতা কোন হয় ? ভগৱান শিৱক যদি কোনোৱেই জন্মই দিয়া নাই তেতিয়া এই সৃষ্টিত জীৱনৰ আৰম্ভণি কেনেদৰে হল ?


পৌৰাণিক মান্যতা অনুসৰি ভগৱান শিৱৰ মাতা পিতাৰ লগত জড়িত ৰহস্যক জানিবলৈ ঋষি মুনিসকলে এবাৰ তেওঁক প্ৰশ্ন কৰিলে , " হে মহাদেৱ আপোনাক কোনে জন্ম দিলে ।" শিৱৰ মাতা পিতাৰ লগত জড়িত প্ৰশ্নৰ উত্তৰত ভগৱান শিৱই ঋষি সকলৰ এই জিজ্ঞাসাক শান্ত কৰি কলে যে, " মোক এই সৃষ্টিৰ নিৰ্মাণ কৰা ভগৱান ব্ৰক্ষ্মাই জন্ম দিছে । "
 

ঋষিসকলৰ জিজ্ঞাসা ইমানতে শান্ত নহল । তেওঁলোকে আকৌ এবাৰ ভগৱান শিৱক শুধিলে যে, " যদি আপোনাৰ পিতা ভগৱান ব্ৰক্ষ্মা হয় তেতিয়া আপোনাৰ দাদাজী কোন হয়" । তেতিয়া ভগৱান শিৱই কলে যে , "এই সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুয়েই মোৰ দাদাজী হয় ।" ( Religious Studies )


ভগৱানৰ এই লীলাৰ পৰা অপৰিচিত ঋষিয়ে আকৌ প্ৰশ্ন কৰে যে ," যদি আপোনাৰ পিতা যদি ব্ৰক্ষ্মা হয় আৰু দাদাজী যদি বিষ্ণু হয় তেতিয়া আপোনাৰ পৰদাদা কোন হয় ? " ঋষি সকলৰ এই প্ৰশ্ন শুনি ভগৱান শিৱই হাঁহি কলে যে, " ভগৱান শিৱ নিজেই মোৰ পৰদাদা হয় । "


'শ্ৰীমদ্দেৱী ভাগৱত মহাপুৰাণ' ত কোৱা হৈছে যে এবাৰ নাৰদে পিতা ব্ৰক্ষ্মাক প্ৰশ্ন কৰিছিল যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছিলে ? ভগৱান ব্ৰক্ষ্মা , বিষ্ণু , শিৱ তথা এই তিনিজনক কোনে জন্ম দিছিল অৰ্থাৎ আপোনালোকৰ মাতা পিতা কোন হয় । তেতিয়া পৰম পিতা ব্ৰক্ষ্মাই ত্ৰি দেৱৰ গাথা বৰ্ণনা কৰি কলে যে, " প্ৰকৃতি স্বৰূপ দুৰ্গা আৰু কাল সদাশিৱ স্বৰূপ ব্ৰক্ষ্মাৰ পৰা ব্ৰক্ষ্মা, বিষ্ণু, মহেশ্বৰ উৎপত্তি হৈছে । অৰ্থাৎ প্ৰকৃতি স্বৰূপ দুৰ্গাই মাতা হয়  আৰু ব্ৰক্ষ্মা অৰ্থাৎ কালেই সদাশিৱৰ পিতা হয় ।"


ভগৱান শিৱ আৰু আদি শক্তিৰ মহিমাৰ বিষয়ে বিভিন্ন ধৰণে উল্লেখ আছে ।কিন্তু ঈশ্বৰৰ লীলা ঈশ্বৰেহে জানে  । তেওঁৰ লীলা বুজি পোৱাটো আমাৰ মনুষ্যক বাবে সম্ভৱপৰ নহয় কিয়নো ভগৱান শিৱ দেৱৰো দেৱ আৰু তেওঁৱেই আদি হয় তেওঁৱেই অন্ত । ( Religious Studies )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 comment:

  1. blank

    মহাদেৱৰ মাতৃৰ নাম কি

    ReplyDelete

Advertisement

Pages