গণেশক প্ৰসন্ন কৰিবলৈ কৰক বিনায়ক চতুৰ্থী ব্ৰত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 8, 2021

গণেশক প্ৰসন্ন কৰিবলৈ কৰক বিনায়ক চতুৰ্থী ব্ৰত : Religious Studies

Religious Studies

শিৱ পুৰাণৰ অনুসৰি শুক্লপক্ষৰ চতুৰ্থী দিনা গণেশৰ জন্ম হৈছিল। সেই কাৰণে ভগৱান ব্ৰহ্মায়ে এই ব্ৰতটোক সকলোতকৈ ভাল ব্ৰত বুলি কৈছে।

Religious Studies)


প্ৰত্যেক মাহৰ গণেশ চতুৰ্থী দিনা গণেশক প্ৰসন্ন কৰিবলৈ বিনায়ক চতুৰ্থী ব্ৰত ৰখা হয়।যদি বিনায়ক চতুৰ্থী মঙ্গলবাৰৰ দিনা পৰে তেতিয়া তাক অংগাৰক চতুৰ্থী বুলি কোৱা হয়।অংগাৰক চতুৰ্থীৰ শুভ সুযোগ ৭ ডিচেম্বত আছিল আৰু এনেকুৱা শুভ সুযোগ ৫ এপ্ৰিল ২০২২ চনত আহিব।২০২২ চনত এই শুভ সুযোগ মাত্ৰ এবাৰেই আহিব।


ভগৱান ব্ৰহ্মায়ে এই ব্ৰতটোক সকলোতকৈ ভাল ব্ৰত বুলি কৈছে- 


চতুৰ্থী দিনা ভগৱান গণেশৰ পূজা কৰা হয়।শিৱ পুৰাণৰ অনুসৰি শুক্লপক্ষৰ চতুৰ্থী দিনা দুপৰীয়া গণেশৰ জন্ম হৈছিল।গণেশৰ জন্মৰ ফলত সংসাৰলৈ শুভ বৰ্তা আহিল। সেই কাৰণে ভগৱান ব্ৰহ্মায়ে এই ব্ৰতটোক সকলোতকৈ ভাল ব্ৰত বুলি কৈছে।অংগাৰক চতুৰ্থী ঋণৰ পৰা সকাহ পাবলৈ কৰিলেও বহুত ভাল। মান্যতাৰ অনুসৰি এই দিনটোত গণেশৰ পূজা কৰিলে ঋণ আৰু সমস্যাৰ পৰা সকাহ পাব পাৰি।

Religious Studies)


শিৱলিঙ্গৰ ৰূপত কৰা হয় মংগলৰ পূজা-

জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগল গ্ৰহক গ্ৰহবোৰৰ সেনাপতি বুলি কোৱা হয়।ই মেষ আৰু বৃশ্চিক ৰাশিৰ স্বামী।অংগাৰক চতুৰ্থী দিনা গণেশ পূজা কৰিব লাগে। তাৰ পাছত মংগল গ্ৰহত ৰঙা ৰঙৰ ফুল অৰ্পণ কৰিব লাগে।শিৱলিঙ্গৰ ৰূপত কৰা হয় মংগলৰ পূজা।শিৱলিঙ্গৰ ৰূপে মংগলক জলত সেন্দুৰ মিলাই অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰিও শিৱলিঙ্গত সিজাঁ চাউল অৰ্পণ কৰিব লাগে। ইয়াৰ পিছত' ওম অং অংগাৰকায় নমঃ এই মন্ত্ৰটো ১০৮ বাৰ জাপ কৰিব লাগে।


বিনায়ক চতুৰ্থী দিনা কৰক এই উপায়টো-

বিনায়ক চতুৰ্থী দিনা হালধীৰে বনাব লাগে গণেশৰ মূৰ্তি।এই মূৰ্তিৰ পূজা কৰি ঘৰত ৰাখিব লাগে। এনেকুৱা কৰা ফলত ঘৰত সুখ বিৰাজমান হৈ থাকে। ইয়াৰ দ্বাৰা ঘৰৰ মানুহৰ মাজত ভাল সম্পৰ্ক স্থাপন হৈ থাকে। ইয়াৰ উপৰিও বিনায়ক চতুৰ্থী দিনা গৰুৰ গোৱৰেদি গণেশৰ মূৰ্তি বনাই বিধিমতে পূজা কৰিব লাগে। পূজা কৰা পাছত  মূৰ্তিটো ঘৰত থৈ দিব লাগে। ইয়াৰ ফলত ঘৰ-পৰিয়ালৰ স্বাস্থ্য ভাল হৈ থাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages