এবাৰ গৌতম বুদ্ধই এখন গাঁওত মানুহবোৰক কিছু কথা কৈ আছিল । সকলো গাঁওবাসীয়ে তেওঁৰ কথাবোৰ বহুত প্ৰেমেৰে শুনি আছিল । ( Religious Studies )
সেইসকলৰ মাজতে বহি অন্য এখন গাঁওৰ ব্যক্তিয়েও বুদ্ধদেৱৰ কথাবোৰ শুনি আছিল । বুদ্ধদেৱৰ কথাকোৱা শেষ হোৱাৰ পিছত তেওঁ তাৰ পৰা যাবলৈ লওঁতেই সেই মানুহজনে দৌৰি বুদ্ধদেৱৰ ওচৰলৈ আহে আৰু বুদ্ধদেৱক ৰখায় আৰু হাতযোৰ কৰি বুদ্ধদেৱক সেই নিজৰ গাঁওলৈ আহিবলৈ মিনতি কৰে ।বুদ্ধদেৱে সেই ব্যক্তিজনক কয়, "তুমি চিন্তা কৰিব নালাগে মই তোমাৰ গাঁওলৈ নিশ্চয় আহিম ।"এইবুলি কৈ বুদ্ধদেৱ আৰু তেওঁৰ ভিক্ষু সকল তাৰ পৰা গুছি যায় ।
পিছদিনাই বুদ্ধদেৱৰ আৰু তেওঁৰ ভিক্ষু সকল সেই মানুহজনৰ গাঁওলৈ যায় । বুদ্ধদেৱক দেখি সকলো গাঁওবাসীয়ে বুদ্ধদেৱৰ ওচৰলৈ আহে নিজৰ নিজৰ প্ৰশ্ন বুদ্ধদেৱক কবলৈ ধৰে । বুদ্ধদেৱৰ ওচৰলৈ সকলো গাঁওৰ সকলো মানুহ আহে কিন্তু সেই মানুহজন আহিব নোৱাৰিলে কিয়নো সেইদিনাই সেই মানুহজনৰ দুটা গৰু হেৰাই গৈছিল যিটো তেওঁৰ ঘৰৰ অন্নৰ সাধন আছিল ।
মানুহজনে বহি ভাবে যে তেওঁ তেওঁৰ গৰু কেইটাক বিচাৰি যাব নে বুদ্ধৰ কথাবোৰ শুনিবলৈ যাব । সেই কৃষকজন বহুত ডাঙৰ সমস্যাত পৰি যায় । সেইজনৰ ওচৰত দুটাই বিকল্প আছিল প্ৰথমটো বুদ্ধদেৱৰ জ্ঞান শুনিবলৈ যাব আৰু দ্বিতীয়তে গৰু কেইটাক বিচাৰিব যাব । বহুত দেৰি ভবা পিছত তেওঁ এটা বিকল্প পালে আৰু প্ৰথমতে নিজৰ গৰু কেইটাক বিচাৰি গল । বুদ্ধদেৱে সেই মানুহজনৰ বাবে অপেক্ষা কৰি আছিল যিজনে তেওঁক মাতিছিলে । বহুত দেৰি অপেক্ষা কৰা পিছত তেওঁ আৰু তেওঁৰ শিষ্য তাৰ পৰা গুছি যায় । কৃষকজনে বহুত দেৰি বিচৰা পিছত নিজৰ গৰু কেইটাক বিচাৰি পালে । কৃষকজনে বহুত দুখী হয় , লগতে সুখীয়ো হয় যে তেওঁৰ গৰুকেইটা বিচাৰি পালে । কিন্তু তেওঁ দুখী এইবাবেই হয় যে তেওঁ বুদ্ধদেৱক নিজৰ গাঁওলৈ মাতিছিল আৰু নিজেই বুদ্ধদেৱৰ ওচৰলৈ যাব নোৱাৰিলে । ( Religious Studies )
পিছদিনা ব্যক্তিজনেই বুদ্ধদেৱক বিচাৰি তেওঁৰ ওচৰলৈ গল আৰু কান্দিবলৈ ধৰিলে । তেতিয়া বুদ্ধদেৱে সুধিলে তুমি কিয় কান্দিছা ? মানুহজনে কলে ," মইয়েই আপোনাক গাঁওলৈ মাতিছিলো আৰু মইয়েই আপোনাক লগ কৰিবলৈ আহিব নোৱাৰিলো । হে বুদ্ধদেৱ কালি মোৰ দুটা কৰিয়েই বনত হেৰাই গৈছিল ।আৰু তেতিয়া মোৰ ওচৰত মাত্ৰ দুটা বিকল্প হে আছিল প্ৰথমতে মই আপোনাৰ ওচৰলৈ অহা আৰু আনটো গৰু কেইটাক বিচৰা । গৰুকেইটা মোৰ অন্নৰ একমাত্ৰ সাধন আছিল আৰু সেইকেইটাক নোপোৱা হলে মই ভোকত মৰিব লগীয়া হলহেতেন । সেইবাবে মই সিহঁতক বিচাৰিবলৈ গুছি গলো । মোক ক্ষমা কৰিব বুদ্ধদেৱ ।মই আপোনাৰ অপমান কৰিলোঁ । "
বুদ্ধদেৱে সেই ব্যক্তিজনক কয়, "যদি তুমি সেই সময়ত মোক শুধিলা হয় তুমি কি লাগে বুলি তেতিয়া মই তুমি যি কৰিলা সেইটোৱেই কৰিব কলো হয় । যদি তুমি প্ৰথমে মোক শুনিবলৈ আহিলা হয় তেতিয়া তুমি মোৰ এটাও শব্দ নুশুনিলা হয় আৰু কেৱল নিজৰ গৰু কেইটাৰ বিষয়েহে ভাবি থাকিলা হয় । কিন্তু এতিয়া তোমাৰ গৰু কেইটা পালা, এতিয়া তুমি মোৰ কথাবোৰ ভালদৰে শুনিব পাৰিবা ।মই এইটো জানিবলৈ পায় বহুত সুখী যে তুমি প্ৰথমে কৰ্মক বাছি লৈছিলা । " বুদ্ধদেৱৰ কথা শুনি কৃষকজনৰ মনৰ পৰা বোজা আঁতৰি যায় ।আৰু বুদ্ধদেৱৰ কথাবোৰ আৰামত শুনে ।
এই কাহিনীৰ পৰা এটায়ে শিক্ষা পাওঁ যে কিছুমান গুৰুত্বপূৰ্ণ কাম জৰুৰী নোহোৱা আগতেই কৰি লব লাগে । ( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment