মানুহে জীৱনত কি কৰিব নালাগে: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 21, 2021

মানুহে জীৱনত কি কৰিব নালাগে: Religious Studies

Religious Studies

সংসাৰত এনেকুৱা বহুত মানুহ পাব যিয়ে আপোনাক ক'ব কি কৰিব লাগে। কিন্তু তাতকৈও মহত্বপূৰ্ণ কথা হ'ল কি কৰিব নালাগে। আজি আমি আপোনালোকক এনেকুৱা তিনিটা কথা কম যিবোৰ আপোনালোকে জীৱনত কৰিব নালাগে।(Religious Studies)


১. আনন্দতে কেতিয়াও কাকো বচন নিদিব। আনন্দত থাকিলে আপোনালোকে একো নভবা নিচিন্তাকে কৈ দিয়ে আৰু এইবোৰেই পিছলৈ গৈ আপোনালোকৰ বিপদৰ কাৰণ হয় পৰে।


২. কেতিয়াও খঙত একো উত্তৰ নিদিব।খঙে আপোনালোকৰ বিবেক নাইকীয়া কৰি তুলে। ভৱিষ্যতে হ'ব লগা কথাবোৰ ভবাত বাধা প্ৰদান কৰে। অলপ সময়ৰ বাবে খঙ উঠোতে দিয়া এই উত্তৰ গোটেই জীৱনৰ বাবে প্ৰশ্ন হৈ পৰে।


৩. কেতিয়াও দুখত নিৰ্ণয় নল'ব। দুখে আপোনালোকৰ ভাবিব চিন্তিব পৰা শক্তিক সীমিত কৰি দিয়ে আৰু দুখ মনেৰে লোৱা নিৰ্ণয়ে সদায় দুখহে দিয়ে।


সঁচা কথা ক'বলৈ গ'লে বচন, উত্তৰ আৰু নিৰ্ণয় যেতিয়াই হ'ক ভাবি চিন্তি ল'ব বা দিব লাগে। ভাবি চিন্তি নিৰ্ণয় ল'লে এই সংসাৰত একো সমস্যাৰে সমাধান বিচাৰিব লগা নহয়।


আজি আমি আপোনালোকক তিনিটা প্ৰশ্ন সুধিম।

১. এনেকুৱা কোন আছে যাক একেৰাহে প্ৰহাৰ কৰা পাছতো সি হাঁহি থাকে আৰু আপোনালোকক সুখ দিয়ে। আপোনালোকৰ উত্তৰ হ'ব ধৰিত্ৰী বা বৃক্ষ।

Religious Studies)

২.  এনেকুৱা কোন আছে যিয়ে আপোনালোকে একো নোকোৱাকৈ সকলো বুজি পায় বা গম পায় আৰু 

নিঃস্বাৰ্থ ভাৱণাৰে আপোনালোকক সহায় কৰে? তেতিয়া আপোনালোকৰ উত্তৰ হ'ব ভাই বা মিত্ৰ।


৩. এনেকুৱা কোনজন ভগৱান আছে যিয়ে নিজেই বৃষ খাই আপোনালোকক জীৱনৰ অমৃত প্ৰদান কৰে। এতিয়া আপোনালোকৰ উত্তৰ হ'ব মহাদেৱ। 


যদি আপোনালোকৰ উত্তৰ এইটো তেতিয়া এইসকলোবোৰ ভুল কাৰণ এই সকলোবোৰ প্ৰশ্নৰ এটাই উত্তৰ আছে । সেইটো হ'ল মা। সৰুতে দুগ্ধপান  কৰোঁতে এটা কেঁচুৱাই মাকক কিমান গোৰ মাৰে। তাৰ পিছতো তেওঁ হাঁহি কেঁচুৱাটোক দুগ্ধপান কৰাই থাকে। আপোনালোকে একো ন'কলেও তেওঁ সকলোবোৰ গম  পায় বুজি পায় আৰু এই জীৱনটোৰ কঠিন বৃষসমূহ প্ৰাণ কৰি আপোনালোকক সুখৰ অমৃত প্ৰদান কৰে।এই জীৱনত আপোনালোকে যিয়ে নকৰক লাগিলে। কিন্তু নিজৰ মাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। যদি কিবা কৰিব পাৰে জীৱনৰ আনন্দত, উদ্ভৱত আৰু ধন্যবাদত নিজৰ মাৰ কথা স্মৰণ ৰাখক।


সকলোতকৈ ভাল যুদ্ধ সেইখন যিখন কেতিয়াও কৰা নহয়। অৰ্থাৎ বুজাবুজি বা সন্ধি। সকলো আৱশ্যকীয় পৰিস্থিতিতে নিজতকৈ শক্তিশালী জনৰ লগত  বুজাবুজি বা সন্ধি কৰা জনকে ভাল বুলি কোৱা হয়।   নিজৰ সমসাময়িক ব্যক্তিৰ লগত বুজাবুজি কৰা জনক বুদ্ধিমান বুলি কোৱা হয়। নিজতকৈ দূৰ্বল জনৰ লগত হাত মিলোৱাতো হৈছে গুণ। দয়া- এখন যুদ্ধয়ে আপোনালোকক বহুত শত্ৰু দিব অৰ্থাৎ এখন যুদ্ধৰ পৰা আপোনালোকৰ বহুত শত্ৰু উৎপন্ন হয়। কিন্তু এটা বুজাবুজিয়ে আপোনাক এটা মিত্ৰ দিব পাৰে অৰ্থাৎ বুজাবুজিৰ ফলত আপোনালোকে এজন মিত্ৰ লাভ কৰিব পৰে। সেই কাৰণে হাত মুঁঠি তেতিয়াহে মাৰক যেতিয়া যুদ্ধ ৰখাব পৰা নাযায়। নহ'লেবা সদায় হাত আগবঢ়ায় মিলাব লাগে। কাৰণ মিলনতহে সুখ আছে।কাজিয়া বা হিংসাত নহয়।


পৰাত কোনো আপত্তি নাই ।পৰক কিন্তু সেই টোপালটোৰ দৰে যিয়ে এই সংসাৰত এক নতুন জীৱন দিয়ে। আনহাতে সেই উঠাতো একো ভাল নহয় যি আনৰ কান্ধত ভৰ দি উঠিব লগা হয়। নিজৰ অস্তিত্ব হেৰুৱাটো একো বেয়া কথা নহয়। কিন্তু সেই গুটিটোৰ দৰে যিয়ে নতুন বৃক্ষক অস্তিত্বলে আনে। কিন্তু সেই অস্তিত্ব লৈ কি লাভ যি আনৰ সুখ ভাঙি গঢ়া হয়। খঙ কৰাতোঁ একো বেয়া কথা নহয় যদি সেই খঙে কোনোবা বেয়া মানুহক ভাল মাৰ্গলে লৈ আহিব পাৰে। কিন্তু সেই মৌনতা আৰু দয়াৰ কি লাভ যিয়ে আপোনাক দূৰ্বল কৰি তোলে। অৰ্থাৎ ভাল বা বেয়া কৰ্ম নহয়, খালি তাক কেতিয়া , ক'ত,কি স্থানত আৰু কেনেকে কৰা হয় সেই নিৰ্ণয়টোহে ভাল বা বেয়া হয়। যদি সঠিক সময়ত কৰে তেতিয়া সেইয়া গুণ। অন্যথা সেইয়া ঘূণ। যিয়ে আপোনাক ভিতৰৰ লৈকে খাই পেলাই।



মানুহে সদায় চিন্তা কৰে ফলৰ বিষয়ে । ভাবে মই যি কৰিব বিচাৰিছোঁ তাৰ ফল কি হ'ব বা মই তাৰ ফল বা পৰিণাম কি পাম। কিন্তু ইয়াৰ চিন্তা কিয়? যদি কৰ্ম ভাল তেতিয়া তাৰ পৰিমাণ বেয়া হ'বয়ে নোৱাৰে। শুভ চিন্তা কৰি কাম কৰা সকলৰ ফল বা পৰিমাণ চিন্তা কিয়? যিসকলে ফুল বিক্ৰী কৰে তেওঁলোকৰ হাতত কাঁইটে ফুঁটিব পাৰে । কিন্তু তেওঁলোকৰ হাতত সুগন্ধ ৰৈ যায়। হীৰা বিচাৰি যোৱা ব্যক্তিজনে কয়লা খনিত নামিলে ক'লা লাগিলেও কিন্তু হাতলৈ হীৰা আৱশ্যয় আহে। সেই কাৰণে শুভ ভাৱনাৰে কাৰ্ম কৰক পৰিণামো শুভয়ে হ'ব।



নিজৰ মনৰ ওচৰলৈ আহিবলৈ সকলোৰে পৰা দূৰলৈ যাব লাগিব। দূৰ সকলোৰে দৃষ্টিৰ পৰা।দূৰ সেই সকলো বন্ধনৰ পৰা যি আমাৰ মুক্ত হোৱাত বাধা দিয়ে। নিজৰ আত্মা লগত মিলিত হ'বলৈ হ'লে সকলোৰে পৰা দূৰলৈ যাবয়ে লাগিব। দূৰ সকলো ঠাট্টা , প্ৰসংশা , আলোচনাৰ পৰা । এইসকলোবোৰৰ কাৰণে এনেকুৱা এডখৰ  স্থান হ'ব লাগিব য'ত আমি সকলো সম্বন্ধৰ পৰা মুক্ত হৈ নিজৰ আত্মাত আনন্দৰ  জুনুকা বান্ধি মুক্ত হ'ব পাৰোঁ। আনন্দ মনে মুগ্ধ হৈ নাচিব পাৰোঁ।সকলোৰে পৰা দূৰ কিন্তু একেলাগে ইজনে সিজনৰ লগত। সকলোতকৈ মহত্বপূৰ্ণ কথা আমাৰ মনতো বহুত গোপনীয় সেই কাৰণে এই ঠাইখনো বহুত গোপনীয় আৰু এই স্থানলৈ অহা সকলো কন্যা ভগৱান কৃষ্ণৰ বাবে সখীতকৈও অধিক প্ৰিয় আৰু মহত্বপূৰ্ণ। অৰ্থাৎ ভগৱান কৃষ্ণৰ গোপনীয় সখী।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages