শ্ৰীকৃষ্ণই নিজৰ বাঁহী ভাঙি পেলোৱাৰ কাৰণ জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

শ্ৰীকৃষ্ণই নিজৰ বাঁহী ভাঙি পেলোৱাৰ কাৰণ জানোঁ আহক : Religious Studies

Religious Studies

যেতিয়া শ্ৰীকৃষ্ণই কংসক বধ কৰিবৰ বাবে বৃন্দাবন এৰি গুচি গৈছিল তেতিয়া ৰাধাৰ জীৱনটোৱে অন্য এক গতি লৈছিল ।  ( Religious Studies )


ৰাধাৰ বিবাহ হৈ গল কিন্তু শ্ৰীকৃষ্ণৰ বিৰত ৰাধাই মৰি যোৱাৰ দৰে হৈ পৰিছিল । কিন্তু ৰাধাই নিজৰ বিবাহিত জীৱনটো সততাৰে দায়িত্ব পালন কৰিলে । নিজৰ সকলো কৰ্তব্যৰ পৰা মুক্তি লাভ কৰি ৰাধাই নিজৰ অন্তিম সময়ছোৱাত প্ৰিয়তম কৃষ্ণক লগ কৰিবলৈ দ্বাৰকা নগৰলৈ গল । 


দ্বাৰকাত শ্ৰীকৃষ্ণৰ ১৬১০৮ গৰাকী পত্নীক দেখা পালে আৰু সকলোকে বহুত সুখী দেখি ৰাধা বহুত সুখী হৈছিল । যেতিয়া কৃষ্ণই ৰাধাক দ্বাৰকাত দেখা পালে তেতিয়া কৃষ্ণই ৰাধাক চাই বহুত দেৰি চাইয়েই থাকিল । ৰাধা-কৃষ্ণ দুয়োৱে মনৰ ভিতৰতে প্ৰেম ভৰা কথা পাতিবলৈ ললে । 


ৰাধাৰ অনুৰোধত কৃষ্ণই ৰাধাক এগৰাকী দেৱীকা পদত নিযুক্তি দিলে । ৰাধাই মহলৰ কাম কাজৰ চোৱা চিতা কৰিছিল আৰু সুবিধা পালেই নিজৰ প্ৰিয়তমৰ দৰ্শন কৰি লৈছিল ‌ । কিন্তু ৰাধাৰ মন দ্বাৰকাত অশান্ত হৈ পৰিছিল ভাবিলে যে দ্বাৰকাৰ পৰা আঁতৰত গৈ শ্ৰী কৃষ্ণৰ লগত আত্মীক সম্পৰ্ক গঢ়ি তোলাৰ কথা ভাবিলে আৰু দ্বাৰকা এৰি ওচৰৰ এখন হাবিত থাকিবলৈ ললে ‌।  ( Religious Studies )


লাহে লাহে সময় পাৰ হৈ গৈ থাকিল আৰু ৰাধা অকলশৰীয়া আৰু বহুত দুৰ্বল হৈ পৰিল । ৰাধা অন্তিম দিন কাষচাপি আহিছিল । পৃথিৱীত তেওঁৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল । তেওঁৰ অন্তিম ক্ষণত কৃষ্ণলৈ বহুত মনত পৰিবলৈ ধৰিলে । 


ৰাধাৰ অন্তিম সময়ত কৃষ্ণ ৰাধাৰ সন্মুখত আহি উপস্থিত হলহি আৰু নিজৰ দুবাহুৰ মাজত সোমোৱাই ললে আৰু মাটিত বহি ললে । কৃষ্ণই ৰাধাক তেওঁৰ অন্তিম ইচ্ছাৰ বিষয়ে সুধিলে আৰু নিজৰ পৰা কিবা বিচাৰিবলৈ কলে ‌‌। তেতিয়া ৰাধাই কৃষ্ণক কলে তেওঁ শেষবাৰৰ বাবে কৃষ্ণক বাঁহী বজোৱা শুনিব বিচাৰে আৰু চাব বিচাৰে । কৃষ্ণই তেতিয়া নিজৰ বাঁহী উলিয়াই লৈ ৰাধাৰ মুখত স্পৰ্শ কৰাই অত্যন্ত সুৰীয়া , প্ৰেম ৰসেৰে ভৰপূৰ ধ্বনি বজাবলৈ ললে । শ্ৰীকৃষ্ণই দিনে ৰাতিয়ে বাঁহী বজালে । 


বাঁহীৰ মধুৰ ধ্বনি শুনি শুনি এদিন ৰাধাই শ্ৰীকৃষ্ণৰ কোলাত নিজৰ শৰীৰ ত্যাগ কৰি দিলে । আৰু চিৰজীৱনৰ বাবে শ্ৰীকৃষ্ণত বিলীন হৈ গল । নিজৰ প্ৰেমিকাৰ মৃত্যু শ্ৰীকৃষ্ণই সহ্য কৰিব নোৱাৰিলে আৰু নিজৰ বাঁহী ভাঙি তাতেই বননিৰ মাজত পেলাই দিলে । আৰু ৰাধাৰ মৃত্যুক লৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে । সেইদিনটোৰ পৰা শ্ৰীকৃষ্ণই কেতিয়াও বাঁহী নবজালে ‌। ৰাধাই ১০০ বছৰ বিৰহৰ পিছত শ্ৰীকৃষ্ণৰ লগত বিলীন হৈ গল আৰু এনেকৈয়ে তেওঁলোকৰ প্ৰেম অমৰ হৈ  পৰিল । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages