আজিকালি সকলো মানুহে ভোজনত মাছ-মাংসৰ সেৱন কৰে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যি ব্যক্তিয়ে মাংস খাই পূজা কৰে সেই ব্যক্তিৰ পূজা ভগৱানে স্বীকাৰ কৰি লয়নে ? ( Religious Studies )
যদি নাই ভবা তেতিয়া এই লেখাত আপুনি এই বিষয়ে জানিব পাৰিব । এই বিষয়ে স্কন্দ পুৰাণ , ভাগৱত গীতা আদিৰ দৰে হিন্দু ধৰ্মৰ গ্ৰন্থত বিস্তাৰকৈ কৈছে ।
স্কন্দ পুৰাণৰ কাশী খণ্ডৰ তৃতীয় অধ্যায়ত কৈছে যে " যি মনুষ্যই মাংস খাই সেই মনুষ্যৰ জীৱনৰ ওপৰত ধিক্কাৰ আছে । এনেকুৱা ব্যক্তিয়ে মৃত্যু জগততো সুখ নাপায় আৰু মৃত্যুৰ পিছতো সুখ নাপায় । " লগতে স্কন্দ পুৰাণত আৰু এটা প্ৰসংগ আছে যাৰ অনুসৰি এবাৰ সকলো দেৱগণে যেতিয়া কাশীলৈ গল তাত তেওঁলোকে দেখিলে যে বাঘৰ দৰে হিংসাত্মক জন্তুয়েও তাত ঘাহ খায় আছে । স্কন্দ পুৰাণত আৰু এটা কথা আছে যে যদি বোৰৰ বাবে তেওঁৰ মৃত্যুও যদি সন্মুখত আছে তেতিয়াও তেওঁ মাংস খাব নালাগে । কেৱল এয়াই নহয় ভগৱান শিৱই সেইসকলৰ পূজা কেতিয়াও স্বীকাৰ নকৰে যিসকলে মাছ-মাংস আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰে ।
স্কন্দ পুৰাণৰ উপৰিও বৰাহ পুৰাণতো এই কথাৰ বৰ্ণনা আছে । যাৰ অনুসৰি ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰক পৃথিৱী দেৱীয়ে সুধাত কৈছে যে "যি ব্যক্তিয়ে মাংস খায় মই তেওঁৰ পূজাও স্বীকাৰ নকৰো লগতে তেওঁক মোৰ ভক্ত বুলিও গণ্য নকৰো । লগত তেওঁ এইটোও কৈছে যে যি ব্যক্তিয়ে মাছ বা অন্য কোনো জীৱ-জন্তুৰ মাংস সেৱন কৰে মোৰ বাবে তেওঁতকৈ ডাঙৰ অপৰাধী আৰু কোনো নহয় । " ( Religious Studies )
ইয়াৰ উপৰিও গীতাত ভগৱান শ্ৰীকৃষ্ণয়ে মনুষ্যা কি খাব লাগে আৰু কি খাব নালাগে সেই বিষয়ে কৈছে । ভগৱান কৃষ্ণৰ অনুসৰি " মাংস এক তামসিক ভোজন যাৰ সেৱনে বুদ্ধি ক্ষীণ হৈ পৰে আৰু মনুষ্যই ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । তাৰ পিছত মনুষ্যই কৰিব নিবিচাৰিলেও বহুতো অপৰাধৰ অংশীদাৰ হৈ পৰে আৰু এনেকুৱা মনুষ্যই মোক পূজা কৰিলেও বা মোক স্মৰণ কৰিলেও মই তেওঁৰ কাষলৈ নাযাও । " লগতে গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে " মাংসৰ ভোজন কেৱল ৰাক্ষসৰ বাবেহে , মনুষ্যৰ বাবে নহয় ।" গীতাত ভগৱান শ্ৰীকৃষ্ণই আহাৰক তিনিটা বৰ্গক ভাগ কৰিছে - সত্ব, ৰজ, তম । যাৰ অনুসৰি স্বাস্তিক আহাৰে আয়ুস বৃদ্ধি কৰে, মনক শুদ্ধ কৰে , বল, বুদ্ধি, স্বাস্থ্য ,তৃপ্তি প্ৰদান কৰে ।
হিন্দু ধৰ্মত মাংস খাব লাগে নে নালাগে এই ক্ষেত্ৰত বহুতৰে মনত ভ্ৰম আছে । ইয়াৰ মুখ্য কাৰণ হল ব্যক্তিসকলৰ ধৰ্ম শাস্ত্ৰত বৰ্ণিত জ্ঞানৰ অভাৱ । কিছুমানে বেদৰ মতে মাংস ভক্ষণ কৰিব পাৰি বুলিও কয় । কিন্তু এইটো সত্য নহয় । সত্য এই যে বেদত স্পষ্ট ৰূপত কৱা হৈছে যে পশু হত্যা অৰ্থাৎ পশু বলি পাপৰ শ্ৰেণীত আহে ।
বেদৰ মূল উপনিষদ আৰু উপনিষদৰ মূল গীতা , যাৰ অনুসৰি যাৰ অনুসৰি বেদত মাংস খোৱাৰ সম্পৰ্কে স্পষ্টৰূপত নিষেধ আছে । বেদত কোৱা হৈছে "যি মনুষ্যই জীৱ জন্তুৰ মাংস সেৱন কৰি নিজৰ শৰীৰৰ ভাগ বনায় , গৰুৰ হত্যা কৰি অন্য ব্যক্তিক গাখীৰৰ পৰা বঞ্চিত কৰে তাতকৈ ডাঙৰ পাপী এই পৃথিৱীত অন্য কোনো নাই । "
যজুবেদত কৈছে যে " মনুষ্যই পৰমাত্মাৰ সকলো ৰচনাক নিজৰ আত্মাৰ তুল্য মানিব লাগে । অৰ্থাৎ তেওঁ লোকে যেনেদৰে নিজৰ ভাল হোৱাটো বিচাৰে ঠিক তেনেদৰে আনৰো ভাল কৰিব লাগে । "
অথৰ্ববেদত কৈছে যে " হে মনুষ্য তোমালোকে চাউল, দাইল , ঘেঁহু আদি আহাৰ ৰূপত গ্ৰহণ কৰা , এয়াই তোমালোকৰ বাবে আটাইতকৈ উত্তম আৰু ৰমণীয় খাদ্য পদাৰ্থৰ ভাগ হয় । কেতিয়াও জীৱ-জন্তুৰ হিংসা নকৰিবা । যিসকলে জীৱ জন্তুৰ পৰা পোৱা দিম , মাংস আদি কেঁচাই বা সিজাই খাই সেই সকলৰ বিৰোধ কৰিব লাগে । "
ঋকবেদত কৈছে যে "গৰু জগতৰ মাতা হয় । তেওঁৰ ৰক্ষাতেই সমাজৰ উন্নতি আছে । মনুষ্যক তেওঁৰ সমানেই চাৰিঠেঙীয়া জন্তুৰো ৰক্ষা কৰিব লাগে । "
গৰুড় পুৰাণত ভগৱান বিষ্ণুয়ে পক্ষীৰাজ গৰুড়ক এটা কথা শুনাই কয় যে " যি ব্যক্তিয়ে মাংসৰ ভক্ষণ কৰে বা নিচাজাতীয় দ্ৰব্য সেৱন কৰে সেইজনৰ ভক্তি বা পূজা কোনো দেৱতাই স্বীকাৰ নকৰে । আৰু এনেকুৱা মনুষ্যক কোনো দেৱতাই সহায় নকৰে । সেইবাবে মনুষ্যই নিৰামিষ ভোজন কৰিব লাগে যাতে তেওঁৰ জীৱনৰ সময়ছোৱাত আৰু মৃত্যুৰ পিছতো যাতে ঈশ্বৰৰ সান্নিধ্য লাভ কৰে । আৰু সুখী হৈ যাতে এই জগতৰ পৰা স্বৰ্গলৈ যাব পাৰে ।" লগতে ভগৱান বিষ্ণুৱে কৈছে যে যি মনুষ্যই স্বাৰ্থৰ বাবে অন্য পশুৰ হত্যা কৰে সেই ব্যক্তিয়ে মৃত্যুৰ পিছত সেই পশুৰ গৰ্ভতেই বহুবাৰ জন্ম লব লগা হয় আৰু ব্যক্তিজনৰ তেনেদৰেই মাতিলে হয় যেনেদৰে তেওঁ সেই পশুটোক খাবৰ বাবে হত্যা কৰিছিল ।
সেইবাবে বন্ধুসকল আপুনি যদি পূজা বা ঈশ্বৰৰ ভক্তিত বিস্বাস ৰাখে তেতিয়া তেতিয়া মাংস খোৱা বন্ধ কৰি দিয়ক । বৈজ্ঞানিক ভাৱেও মাছ-মাংস সেৱন কৰাটো উচিত মনা নহয় । ই মনুষ্যক বহুতো ৰোগৰ পৰা বেমাৰী কৰি তোলে । আৰু ধাৰ্মিক মান্যতাসূচক অনুসৰিতো আপুনি নিশ্চয় বুজি সকলো কথা বুজি পাইছে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment