ইছলামত ইমান, নামাজ, ৰোজা, হজ, আৰু জাকাত কি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 22, 2021

ইছলামত ইমান, নামাজ, ৰোজা, হজ, আৰু জাকাত কি : Religious Studies

Religious Studies

    ইমান, নামাজ, ৰোজা, হজ, আৰু জাকাত ৷ এই পাঁচটা ইছলাম ধৰ্মৰ বাধ্যতামূলক কাম ৷ ইছলাম ধৰ্মৰ লোকে এই পাঁচটা কাম কৰিবই লাগে ৷ তাৰে ভিতৰত হজ আৰু জাকাত সাধ্যৰ ভিতৰত থকা লোকসকলৰ বাবেহে। সকলোৰে বাবে জৰুৰী নহয় ৷( Religious Studies )


   এই পাঁচটা কামৰ ভিতৰত “ইমান” আৰু “জাকাতে” মোক বাৰে বাৰে মুগ্ধ কৰে ৷ কি সুন্দৰ নিয়ম ইছলামত ৷ যিটো আন কোনো ধৰ্মতে বাধ্যতামূলক নহয় ৷ ইছলাম ধৰ্মত “ইমান” কাক কয় ? 


সমাজৰ দুৰ্বল লোক এজনক সবল এজনে, বিভিন্ন ধৰণেৰে সহায় সাৰথি কৰি, জীৱনৰ মূল পথত উঠাই দি, জীৱনটোক এক গতি দিয়াত সহায় কৰি দিয়া কামটোতে, “ইমান” নামৰ শব্দটোৰ মহত্ব লুকাই আছে ৷ সিদিনা নাহৰণিৰ এজন সাঁচি ব্যৱসায়ীৰ ঘৰলৈ গ’লো ৷ দিলোৱাৰ হুছেইন ৷ নাহৰণিৰ “দাৱাত ও তবলীগ”ৰ কাম কৰা ৰাতুল হুছেইনো আমাৰ লগত আছিল ৷ অতিশয় অমায়িক ব্যৱসায়ী দিলোৱাৰ হুছেইনৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা, তেওঁৰ ঘৰটোৰ পদুলিৰ পৰা তেওঁৰ কাৰখানাৰ ডেগলৈকে প্ৰতিফলিত হৈ আছে ৷ 


        দিলোৱাৰ হুছেইনৰ আটক ধুনীয়া দ্ৰয়িং ৰূমটোত পকাৰ ৱালৰ ওপৰত কাঠৰ টাইলচৰ কাম ৷ কাঠৰ সৰু বাটচ’ৰা ৷ তেওঁৰ টেবুলখন সুন্দৰ কাঠৰ অতি অপূৰ্ব ডিজাইনৰ সমাহাৰ ৷ খোৱা ঘৰত কাঠৰ সুদৃশ্য সৰু আলয় ৷ মুঠতে দিলোৱাৰ হুছেইনৰ ঘৰত কাঠৰ কামৰ এক নিখুত কলাজ ৷ মই আচৰিত হ’লো ৷ কাঠনো হীৰাৰ দৰে জিলিকিব লাগেনে ? কাঠেও নো মিছিকিয়াইনে ? কাঠৰ টেবুলেও নো সোণৰ দৰে হালধীয়াকৈ হাঁহেনে ? সেই সকলোবোৰ তেওঁ নিজে বনাইছে ৷ চীনদেশৰ কাঠৰ আচবাব বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৷ হয়তো দিলোৱাৰ হুছেইনৰ কাঠৰ আচবাব, চীন দেশৰ লগত তক্কৰ মাৰিব পাৰিব ৷ ইমানেই সুন্দৰ ফিনিচিং, যিটো মই আজিলৈকে আন ক’তো দেখা নাই ৷ ইমান সফল ব্যৱসায়ী হৈয়ো, দিলৱাৰ হুছেইন এজন ইমানদাৰ ব্যক্তি ৷


 কেনেকৈ ? 


দিলোৱাৰ হুছেইনৰ ঘৰত এজন হিন্দু ল’ৰা দেখিলো। গম ল’লো ৷ দিলোৱাৰ হুছেইনৰ কামৰ সহযোগী ৷ হিন্দু ল’ৰাজনেই মোক দিলোৱাৰ হুছেইনৰ ডেগত তৈয়াৰী বিভিন্ন প্ৰকাৰৰ সাঁচি তেল আৰু আতৰ আনি দেখুৱালেহি ৷ ল’ৰাজন যথেষ্ট স-প্ৰতিভ ৷ বহুলোকে ক’লে, দিলোৱাৰ হুছেইন হেনো সঁচাকৈয়ে দিলদাৰ মানুহ ৷ সকলোকে সহায় কৰে ৷ নজনাজনক ব্যৱসায়টো শিকায়ো দিয়ে ৷ এই কামেৰেই মোৰ দৃষ্টিত দিলোৱাৰ হুছেইন এজন ইমান থকা মানুহ ৷ 


    এই শিক্ষা দিলোৱাৰক ইছলাম ধৰ্মই দিছে ৷ ইমানদাৰ হোৱাৰ শিক্ষা ৷ নিজৰ উপাৰ্জনৰ পথৰ অভিজ্ঞতা খিনি আনক বিলাই দি, তেওঁক উপাৰ্জনৰ বাট দেখুৱাৰ শিক্ষা ইছলাম ধৰ্মই দিছে ৷ ইছলাম ধৰ্মই আনক সহায় কৰাৰ শিক্ষা দিয়ে ৷ সেইবাবেই এজন হিন্দু যদি কেতিয়াবা বিপদত পৰে, তেওঁক যদি পৰিয়ালে, হিন্দু বন্ধু বান্ধৱে সহায় নকৰে, তেন্তে এজন মুছলমানে তেওঁক কিন্তু সহায় কৰিবই ৷ এইয়া গ্যাৰান্তি ৷ নকৰিলে মোৰ ডিঙিত চেন্দেলৰ মালা পিন্ধাব ৰাইজে ৷ মই কথা দিলো ৷ 


অসহায়জনক সহায় কৰা, নজনা জনক শিকাই বুজাই চলিবলৈ উপায় এটা উলিয়াই দিয়াতো মুছলমানৰ ধৰ্ম ৷ এই কামটো মুছলমানৰ ইমান ৷ আৰু প্ৰতি মুছলমানে এই ইমান ৰক্ষা কৰিবলৈ ধৰ্মীয়ভাবে বাধ্য ৷ 


জাকাত---


ইছলামৰ আন এক বাধ্যতামূলক কাম হ’ল জাকাত ৷ এই জাকাত কি ? ইছলাম ধৰ্মমতে এজন ব্যক্তিয়ে এবছৰত উপাৰ্জন কৰা টকাৰে, নিজৰ পৰিয়াল চলাই, বিয়া-বাৰু, সকাম-নিকাম, পঢ়া-শুনা, ঘৰ সজা, কাপোৰ-কানি কিনা আদিত সকলো খৰচ কৰি, বছৰটোত তেওঁৰ হাতত ৰাহি হোৱা টকাৰ 2.5% জাকাত বা দান দিব লাগিব ৷ এজন মানুহে লাখে পতি 2500 টকা জাকাত দিব লাগিব ৷ সেইদৰে বছৰি 10 হেজাৰ টকা ৰাহি কৰাজনে 250 টকা জাকাত দিব লাগিব ৷ 1000 টকা ৰাহি কৰাজনে 25 টকা জাকাত দিব লাগিব ৷ কিন্তু সক্ষমসকলৰ সকলোৱে দিবই লাগিব ৷ ( Religious Studies )


ৰোজা মাহত অতিকমেও ১৬৩৩ গ্ৰাম ঘেঁহুৰ দাম দান দিব লাগে ৷ সম্ভাৱীসকলে অভাৱীসকলক এই দান বা জাকাত দিয়াতো ধৰ্মীয়ভাবে বাধ্যতামূলক ৷ ইছলামে সমতাৰ কথা কয় ৷ খাবলৈ থকাসকলে, খাবলৈ বহাৰ সময়ত খাবলৈ নোপোৱাসকললৈ মনত পেলোৱাৰ শিক্ষা দিয়ে ইছলামে ৷ এই জাকাতৰ আভ্যন্তৰীণ অৰ্থ অনুধাৱন কৰিলে মোৰ বুকুখন বিষাই আহে ৷ চকুলৈ পানী আহে ৷ কিমান মহান হ’লে মুছলমানে যুগে যুগে এই ধৰ্মোপদেশ মানি আহিব পাৰে ৷ কিমান বিশাল হৃদয়ৰ গৰাকী হ’লে, নিজে ঈদ পতাৰ লগতে আনকো এসাঁজ খাবলৈ প্ৰতিবছৰে দান কৰিব পাৰে ৷ ইছলামত এই জাকাতৰ শিক্ষা কঠোৰ ভাবে পালন কৰাৰ হুকুম দিয়া হৈছে ৷ ইয়াক অমান্য কৰাজন হাৰাম হয় ৷ 


ডিব্ৰুগড় পূৱ মিলন নগৰৰ সমীপৰ  মানকটা ৰোডত (TV Centre ৰ ওচৰত) তিনিঘৰ অতি ধনী মুছলমান আছে ৷ আজিজুৰ, আনোৱাৰ আৰু বক্তিয়াৰ ৷ এই তিনিও ঘৰ মানুহে ৰোজা মাহত লাখে লাখে টকা দান কৰে ৷ প্ৰতি দিনে ৷ ৰোজা মাহত পুৱা ৬ বজাৰ পৰা নিশালৈকে এই তিনিওঘৰ মানুহৰ পদূলিত জাকাত লোৱা মানুহৰ ভিৰ লাগে ৷ সেই কাম আজিৰ পৰা ৩৫/৪০ বছৰৰ আগৰ পৰা চলি আহিছে ৷ মোক অসমৰ এজন এনে আন ধৰ্মৰ মানুহ দেখুৱাওক, যি এনেদৰে নিৰবিচ্চিন্ন ভাবে বছৰ বছৰ জুৰি, এমাহ ধৰি লাখ লাখ টকা দান দি আহিছে ৷ এতিয়া আজিজুৰ, আনোৱাৰ  আৰু বক্তিয়াৰ এতিয়া জীৱিত আছেনে নাই সেইকথা মই নাজানো ৷ আজিজুৰহঁতে সেয়া প্ৰচাৰৰ বাবে নকৰে ৷ কাৰণ ২০০৮ চনৰ পৰাহে অসমত নিউজ চেনেল আহিছে ৷ কিন্তু তেওঁলোকে এই কাম অতিকমেও ৪০ বছৰৰ পৰা কৰি আহিছে ৷ এইয়া ইছলাম ধৰ্মৰ ধৰ্মীয় বাধ্যবাধকতাৰ ফল ৷ 

 


     ইছলাম ধৰ্মত প্ৰতি শুকুৰবাৰে জুম্মাৰ নামাজ হয় ৷ এই জুম্মা বাৰতে মছজিদৰ জোনাবসকলে, সকলোকে ইছলাম ধৰ্মৰ এই বাধ্যতামূলক নিয়মবোৰৰ বিষয়ে বুজাই থাকে ৷ বছৰ বছৰ ধৰি প্ৰতি শুকুৰবাৰে একেবোৰ কথাকে বুজাওঁতে বুজাওঁতে, মানুহবোৰৰ অন্তঃকৰণত এই কামবোৰ পূন্য কাম হিচাপে থিতাপি লৈ লৈছে ৷ সেইবাবে প্ৰতিজন মুছলমানে জাকাত, ইমান, নামাজ, ৰোজা, হজ আদিক, তেওঁলোকৰ কৰ্তব্য বুলি মানি চলিবলৈ ধৰিছে ৷ অৱশ্যে আৰ্থিক আৰু শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰিহে, ইছলাম ধৰ্মত হজ, জাকাত আৰু ৰোজা বাধ্যতামূলক কৰা হৈছে ৷ সেইবাবে ৰোজা আৰু হজ নকৰিলেও, ইমান আৰু জাকাত বেছিভাগ মুছলমানে মানি আহিছে আৰু মানি থাকিব বুলি আমাৰ বিশ্বাস ৷ 


     এই জাকাতৰ বাবেই, কৰোনাৰ লকডাউনৰ সময়ছোৱাত বহুত অভাৱী মুছলমান লঘোণে থকাৰ পৰা বাচিল ৷ লকডাউনৰ সময়ছোৱাত জাকাতৰ পূৰ্ণ ব্যৱহাৰ হ’ল মুছলমান সমাজত ৷ যাৰ বাবেই হয়তো হিমন্ত বিশ্বৰ চৰকাৰী পক্ষপাতীতাৰ বলি হোৱা মছজিদৰ ইমাম সকলেও, চৰকাৰৰ সাহাৰ্য্যলৈ আশা নকৰাকৈ পাৰ কৰিব পাৰিলে লকডাউনৰ কঠিন সময় ৷  


      ইছলাম ধৰ্মৰ এই বাধ্যবাধকতা কোৰাণে নিৰ্দিষ্ট কৰিছে ৷ কোৰাণে সমাজৰ দুখীয়াসকলক এসাঁজ দিবলৈ, সমৰ্থবানসকলক বাধ্য কৰাইছে ৷ কোৰাণে মহিলাৰ স্বাধীনতাৰ কথা কৈছে ৷ যমৰ যন্ত্ৰণাত ভুগি থকা কোনো বিবাহৰ বান্ধোনৰ পৰা মুক্তি দি, নতুন জীৱন আদৰাৰ সু ব্যৱস্থাৰ কথা কৈছে ৷ যিটো এক অতি মানৱীয় আৰু সুন্দৰ ব্যৱস্থা ৷


         এই সকলোবোৰ মানৱকল্যাণমূলক ধৰ্মীয় উপদেশেৰে, ইছলাম ধৰ্মই মুছলমানক ইমানদাৰ কৰি তুলিছে ৷ আমি কেৱল মুছলমানৰ বেয়াতো আলোচনা কৰি, ভাল দিশটো এন্ধাৰ কৰি ৰাখো ৷ “ইমান আৰু জাকাত” সকলো ধৰ্মৰ লোকে পালন কৰা উচিত। আমি পৰাপক্ষত সাধ্যনুসাৰে সমাজৰ দুৰ্বল লোকসকলক উপাৰ্জনৰ বাট দেখুওৱা উচিত ৷ আমি আমাৰ উপাৰ্জনৰ কিছু অংশ আমাৰ কাষৰ দুখীয়াজনক দান কৰা উচিত ৷ আৰু সেয়া হিন্দু ধৰ্মতো বাধ্যতামূলক হোৱা উচিত, ঠিক মুছলমানৰ দৰেই ৷ নামঘৰ, মন্দিৰ আৰু সত্ৰবোৰত এই শিক্ষা দিয়া হওক ৷ ভাল কামক ধৰ্মৰ এক নতুন অংগ কৰি লোৱা হওক ৷ ( Religious Studies )


শিখা শৰ্মা

গুৱাহাটী

২২/১২/২০২১

1 comment:

Advertisement

Pages