মনটোক কেনেকৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 23, 2021

মনটোক কেনেকৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে : Religious Studies

Religious Studies

মন বহুত বিচিত্ৰ ধৰণৰ।শৰীৰৰ কোনটো অংশত থাকে কোনেও নাজানে। কিন্তু সম্পূৰ্ণ শৰীৰে এই মনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে। (Religious Studies)


যদি কিবা খাব মন যা‌য় তেতিয়া ব্যক্তিয়ে তাক পূৰণ কৰিবলৈ মাধ্যম বিচাৰি ফুৰে। আকৌ মনে যদি কাৰোবাক শত্ৰু বুলি ভাবি লয় তেতিয়া ব্যক্তিয়ে তাক শেষ বা আঘাত কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰি থাকে। যদি মনে কাৰোবাক ভাল পায় বা প্ৰেম কৰে তেতিয়া সেই ব্যক্তিৰ জনৰ প্ৰসংশা কৰিবলৈ সকলো সীমা পাৰ কৰি দিয়ে। কিন্তু জীৱনটো সুখী হ'বলৈ হ'লে মনটো খালী হ'ব লাগিব।



এটা বাঁহীৰ ভিতৰত নাইটো ৰাগ আছে নাইটো সুৰ তথাপিও বজালে তাৰ পৰা সুৰ উলাই। ঠিক তেনেদৰে মনটোকো ভাবনাৰ পৰা দূৰত ৰখাৰ জৰুৰী বা আৱশ্যকীয়। স্মৰণ ৰাখিব যদি মনত কিবা ভৰাই জীয়াই থাকে তেতিয়া মনভৰাই জীয়াই থাকিব নোৱাৰিব।


যেতিয়াৰে পৰা মানুহৰ অস্তিত্ব দেখা গৈছে। তেতিয়াৰে পৰা যুদ্ধও অস্তিত্বলৈ আহিছে। যুদ্ধ কেতিয়াবা ধনৰ কাৰণ হৈ সন্মুখলৈ আহে আৰু কেতিয়াবা সুৰক্ষাৰ অস্ত্ৰ হয়। কেতিয়াবা বিজয়ৰ ভুগত আৰু কেতিয়াবা পৰাজয় আতঁৰাবলৈ। কিন্তু বাস্তৱিকতাটো এইটো যে যদি আপোনালোকে আগবাঢ়ি যাব বিছাৰে তেতিয়া বাধাবোৰৰ লগত যুদ্ধতো কৰিবয়ে লাগিব। কিন্তু যুদ্ধৰ বাবে সাজু হৈ থকাতো ইমান মহত্বপূৰ্ণ নহয়। যিমান মহত্বপূৰ্ণ এইটো ভবাটো যে যুদ্ধখন নাইকীয়া কেনেকৈ কৰিব পাৰি বা কেতিয়া কৰিব পাৰি। কাৰণ সকলোতকৈ ভাল যুদ্ধ সেইখনহে যিখন কেতিয়াও কৰা নহয়। যুদ্ধ কৰি আপোনালোকে নিজৰ মানটো বঢ়াই ল'ব পাৰিব। কিন্তু নিজৰ বল নাইকীয়া কৰি ল'ব। সেই কাৰণে যিমান পৰে যুদ্ধখন ৰখাবলৈ চেষ্টা কৰক। নিজৰ শক্তিক সংগ্ৰহীত কৰি ৰাখা। যেতিয়া এই যুদ্ধ ধৰ্ম হৈ সন্মুখলৈ আহিব তেতিয়া যাতে আপোনালোকে তাক সম্পূৰ্ণ শক্তিৰে বা বলেৰে কৰিব পাৰে।


সংসাৰৰ সকলোতকৈ ডাঙৰ শক্তি কি? এতিয়া আপোনালোকৰে বহুতে ক'ব অস্ত্ৰৰ শক্তি আৰু কিছুমানে ক'ব শাস্ত্ৰৰ। কোনোবাই ক'ব বুদ্ধিৰ আৰু কোনোবাই ক'ব বলৰ। কিন্তু এই সকলোবোৰ আধৰুৱা।সংসাৰৰ সকলোতকৈ ডাঙৰ শক্তি হ'ল মিত্ৰতা।যদি সঁচা বন্ধু প্ৰাপ্ত হৈ যায় তেতিয়া সেইয়ায়ে সকলোতকৈ ডাঙৰ ধন।যেতিয়া আপোনালোক কষ্টত থাকিব তেতিয়া মিত্ৰতাই অস্ত্ৰ দৰে কাম কৰিব। মাৰ্গ হেৰাই গ'লে মিত্ৰতাই শাস্ত্ৰ হৈ আপোনাক সঠিক পথ দেখাব। সৰযন্তত সোমাই পৰিলে মিত্ৰতাই বুদ্ধি হৈ আপোনাক বাহিৰলৈ উলিয়াই আনিব। অকলশৰীয়া হৈ পৰিলে মমতা বা মা দৰে লগ দিব।যদি এই সংসাৰৰ পৰা কিবা সংগ্ৰহীত কৰিব বিচাৰে তেতিয়া ধন নহয় মিত্ৰতা স্থাপন কৰক। স্মৰণ ৰাখিব যদি এই সংসাৰত মিত্ৰতা স্থাপন কৰাতোঁ আপোনাৰ  সকলোতকৈ ডাঙৰ এটা অভ্যাস তেতিয়া আপুনি এই সংসাৰৰ সকলোতকৈ শক্তিশালী ব্যক্তি।(Religious Studies)


মানুহৰ স্বভাৱ হ'ল ইনকম কৰা সংগ্ৰহ কৰা।লাগিলে সেইয়া ধন হক, সম্বন্ধ বা প্ৰসন্নতা।কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে যে নিয়তিয়ে মানুহৰ মাজত এই সংগ্ৰহ কৰা গুণ কিয় দিলে? এটা গুটিৰ পৰা গছ হয় আৰু তাৰ পৰা ফল সংগ্ৰহীত হয়।কিয় গছজোপাই নিজেই খাবলে?নহয়। এইকাৰণে যাতে গছজোপায়ে ভোকত থকা সকলক দিব পাৰে। আপোনালোকে ভাবিছে চাগে ইয়াত গছজোপাৰ কি লাভ। লাভ আছে। যি আনক দিয়ে সি কেতিয়াও নমৰে।যি জীৱ-জন্তু বা মানুহে এই ফলমূল সমূহ খাই তেওঁলোকে সেইবোৰ য'তে ত'তে পেলাই দিয়ে। যাৰ ফলত উৎপন্ন হয় আকৌ নতুন গছৰ। তেওঁলোকৰ জাতি তেওঁলোকৰ গুণ,মিঠা গুণ অমৰ হৈ পৰে। সেই কাৰণে স্মৰণ ৰাখিব ধনী হ'বলৈ এটা এটা কণ সংগ্ৰহ কৰাতো বহুত জৰুৰী। কিন্তু অমৰ হ'বলৈ এটা এটা কণ ভগাই দিয়াটো বহুত জৰুৰী। 


ভয়।ভয় সকলোৰে লাগে লাগিলে সেইয়া পশু ,পক্ষী বা মানুহ হক। বাস্তৱিকতাত মানুহে ভয়ক লগত লৈয়ে জন্ম গ্ৰহণ কৰে। তেতিয়া হ'লে এই ভয়টোলে ভয় কিয়?যদি ভয় বেয়া ভাৱনা হয় তেতিয়া আমি ইয়াক লগত লৈ জন্ম ন'হলো হেঁতেন।বাস্তৱিকতাত ভয়ে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। এতিয়া চাওঁক জীৱনতো হেৰাই যোৱা ভয়ে আমাক নিজক সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰেৰণা দিয়ে। অপমানৰ ভয়ে সদায় ভাল দিশে আগবাঢ়ি যোৱাত সহায় কৰে। কোনোবা প্ৰিয় মানুহক হেৰুৱাৰ ভয়ে সেইজনৰ প্ৰতি কৰ্তব্য পালন কৰিবলৈ প্ৰেৰণা দিয়ে। কিন্তু এই ভয় বেয়া তেতিয়াহে হৈ পৰে যেতিয়া আপোনালোকে ইয়াক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ দিয়ে। সেই কাৰণে একো চেষ্টা কৰিব নোৱাৰা হয়।সেই কাৰণে যদি এই ভয়টোক নিজৰ প্ৰয়োগলৈ আনিব বিচাৰে তেতিয়া আপোনালোকে এই ভয়ৰ ওপৰত প্ৰভাৱ পেলাব লাগিব। সেই কাৰণে ভাঙি দিয়ক ভয়ৰ  সীমা।নিজৰ আত্মাৰ বাহিৰে আনৰ ওচৰত মূৰ তল নকৰিব। স্মৰণ ৰাখক যেতিয়া অন্ধকাৰলৈ  ভয় কৰিবলৈ এৰি দিব তেতিয়াহে দ্বীপক হৈ জ্বলিব পাৰিব।



প্ৰেম সংসাৰৰ সকলোতকৈ পবিত্ৰ সম্পৰ্ক। কিন্তু সঁচা ক'বলৈ গ'লে ই সম্পৰ্কৰ মুক্তি বা স্বাধীনতাহে। যদি কোনোবাই আপোনালোকৰ প্ৰেম মানি নলয় বা বুজি নাপায় তেতিয়া হ'লে কি হ'ব। কিছুমান উদাস হৈ পৰিব আৰু কিছুমানে চল কৰি প্ৰেম পাবলৈ চেষ্টা কৰিব।কিছুমানে বল বা জোৰ কৰি প্ৰেমত অধিকাৰ দেখাবলৈ চেষ্টা কৰিব। কিন্তু এইটো আৱশ্যক নহয় যে যাক আপুনি ভাল পায় সিওঁ আপোনাক  ভাল পাব। কাৰণ প্ৰেম কোনো বস্তু নহয়।নাইটো ৰাজ্য নাইটো ধন যাক আপোনালোকে জোৰ কৰি বল প্ৰয়োগ কৰি নিজৰ কৰিব পাৰিব। প্ৰেম সেই শক্তি যি আপোনাৰ কাৰণে সকলো বন্ধন ভাঙি দিব পাৰে। কিন্তু নিজেই কোনো বন্ধনত নোসোমাই । সেই কাৰণে যাক আপোনালোকে ভাল পায় তাক স্বাধীনভাৱে থাকিবলৈ দিয়ক। কাৰণ স্বাধীনতাই সেইটো ভাব যি সকলো জীৱৰে অতি প্ৰিয়। প্ৰেম সচাঁ হ'লে ব্যক্তিজনে ইনেও বুজি পাব। সেই কাৰণে নিস্বাৰ্থ ভাবনাৰে প্ৰেম কৰক। স্বাৰ্থ নাইকীয়া হৈ পৰিব আৰু মানুহে ইনেও বুজি পাব।


ভগৱান কৃষ্ণয়ে কৈছিল যে- কিমান সুন্দৰ প্ৰতিবিম্ব। মোৰ ৰূপ সুন্দৰ নে জল পৰিস্কাৰ।নহয় এই জলখিনি স্থিৰ আৰু শান্ত। অন্তৰ দেখিছে জানো আপুনি। সেই জল আৰু সেই ৰূপেই । কিন্তু এইয়া স্থিৰ নহয় আৰু শান্ত নহয় আৰু সেই কাৰণে মই ইয়াত মোৰ প্ৰতিবিম্ব দেখা নাই।ভয়ৰ লগতো একেই হয়।যদি আপুনি স্থিৰ আৰু শান্ত তেতিয়া আপুনি আপোনাৰ আত্মাক চাব ,শুনিব আৰু বুজিব পাৰিব। কিন্তু খঙে সেই আত্মাৰ চিঞৰবোৰক খাই পেলাই বা নাইকীয়া কৰি তোলে। সেই কাৰণে নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। কিন্তু পিছত গৈ এনেকুৱা নহয় যাতে আপোনাৰ মূৰ্খতাৰ ফলত জন্ম হোৱা এই খঙে আপোনাক প্ৰস্তাতাৱৰ অন্তিম সীমালৈ লৈ যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages