সকলোৰে মনত ইচ্ছা থাকে যে তেওঁৰ নতুন বছৰৰ আৰম্ভণি সুখ-সমৃদ্ধিৰে ভৰপূৰ হৈ পৰে । লক্ষ্মী-গণেশৰ আশীৰ্বাদে জীৱনটো সুখীময় কৰি তোলে। ( Religious Studies )
নৱবৰ্ষত ব্যক্তিসকলে তেওঁলোকৰ জীৱনৰ উন্নতিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। নতুন বছৰত সকলোৱে তেওঁলোকৰ ভাল হোৱাটো বিচাৰে । ২০২২ চনত আপুনি কিছু পৰিৱৰ্তন কৰি জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে ।এই পৰিৱৰ্তনবোৰ কি কি জানোঁ আহক ।
১) ঘৰৰ মূল দুৱাৰত গণেশৰ মূৰ্তি
নৱবৰ্ষৰ প্ৰথম দিনা আপোনাৰ ঘৰৰ মূল দুৱাৰত গণেশৰ এটা মূৰ্তি বা ছবি ৰাখক। গণেশে ভগৱানে আপোনাৰ সকলো কাম সিদ্ধি কৰিব লগতে আপুনি বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত গণেশৰ বাবাৰ আশীৰ্বাদে আপোনাক ভিক্ষাৰীৰ পৰা ৰজা কৰি তুলিব ।
এটা কথা মনত ৰাখিব গণেশ বাবা কৰ্ম ফলদাতা হয় , তেওঁ সদায় আপুনি কৰা কৰ্মৰ ফলহে আপোনাক দিব । আপুনি যদি হাতত হাত থৈ বহি থাকে তেতিয়া আপোনাৰ বেয়া পৰিস্হিতিৰ বাবে দায়ী আপুনি নিজৰ হব , অন্য কোনো দায়ী নহয় । ( Religious Studies )
২) ঘৰৰ বাহিৰৰ আবৰ্জনা
নতুন বছৰৰ প্ৰথমে ঘৰ বা দোকানৰ পৰা আৱৰ্জনা আঁতৰ কৰক, যেনে ভঙা মূৰ্তি, বন্ধ ঘড়ী, বেয়া কম্পিউটাৰ, ভঙা আয়না ইত্যাদি। এনে কৰিলে ঘৰত সাকাৰাত্মক শক্তিৰ সঞ্চালন হয়। লগতে জীৱনত প্ৰগতিৰ দুৱাৰ মুকলি হয়। এই আবৰ্জনাবোৰ ঘৰত থাকিলে নাকাৰত্মক শক্তিয়ে ঘৰত বাস লয় আৰু আপোনাৰ সকলো কামত বাধা পৰে ।
৩) ঘৰ বা দোকানত লক্ষ্মী-গণেশমূৰ্তি
নতুন বছৰত, ঘৰত আৰু দোকানত ভগৱান গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি বা ছবি স্থাপন কৰক। লক্ষ্মী আৰু গণেশৰ সৈতে মূৰ্তি বা ফটো লগোলে মনটো সুখী হৈ থাকে । লগতে কাম কৰিবলৈ মন যায় । এই মূৰ্তিয়ে ঘৰত সুখ-সমৃদ্ধি ঘটায় ।
৪) ঘৰ বা দোকানত পিৰামিড ৰাখিব
বাস্তুত পিৰামিডৰ বিশেষ গুৰুত্ব আছে। পিৰামিডটো ঘৰত বা দোকানত ৰাখিলে জীৱনত সাকাৰাত্মকতা আহে। লগতে ব্যৱসায়ত উন্নতি হয় । বাস্তুৰ মতে, পিৰামিডৰ প্ৰভাৱে ইয়াৰ চাৰিওফালৰ বস্তুবোৰৰ ওপৰত সাকাৰাত্মক প্ৰভাৱ পেলায়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment