মহিলাই গায়ত্ৰী মন্ত্ৰৰ জাপ কৰিব লাগে নে নালাগে জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

মহিলাই গায়ত্ৰী মন্ত্ৰৰ জাপ কৰিব লাগে নে নালাগে জানোঁ আহক : Religious Studies

Religious Studies


মহিলাই গায়ত্ৰী মন্ত্ৰৰ জাপ কৰিব লাগে নে নালাগে ? মহিলাই গায়ত্ৰী মন্ত্ৰ জাপ কৰিব নালাগে । এতিয়া প্ৰশ্ন উদয় হয় কিয় জাপ কৰিব নালাগে ? কাৰণ আছে । গায়ত্ৰী মন্ত্ৰ বহুত শক্তিশালী মন্ত্ৰ হয় । গায়ত্ৰী মন্ত্ৰত প্ৰথমতে আহে ওম । ( Religious Studies )


যিটো আপোনালোকক জনাবলৈ গৈ আছো সেইটো  বিজ্ঞানসন্মত কাৰণ হয় । স্ত্ৰীয়ে যেতিয়া ওম উচ্চাৰণ কৰে তেতিয়া নাভিত জোৰ পৰে । যেতিয়া ওম উচ্চাৰণ কৰে তেতিয়া নাভিত জোৰ পৰা বাবে স্ত্ৰীৰ গৰ্ভাশয় বেয়া হোৱাৰ সম্ভাৱনা থাকে । আপোনাৰ যি গৰ্ভাশয় থাকে অধিক ওমৰ উচচাৰণৰ ফলত নষ্ট হৈ পৰিব পাৰে । সেইবাবে নাৰীক ওমৰ উচচাৰণ কৰোৱা নহয় । আপুনি এইটো নাভাবিব যে আপোনাক ওমৰ উচচাৰণ কৰিবলৈ দিয়া নাই । কিয়নো ওমৰ উচচাৰণে পোনপটীয়াকৈ নাভিত খুন্দা মাৰে । 


দ্বিতীয়টো বৈজ্ঞানিক কাৰণ হল এই মন্ত্ৰটো বহুত শক্তিশালী হয় । এই গায়ত্ৰী মন্ত্ৰটো সেইটো মন্ত্ৰ হয় যিটোৰ মন্ত্ৰৰ জৰিয়তে পৰশুৰামে মাতৃক পুনৰ ঘূৰাই পাইছিল । পৰশুৰামৰ পিতৃয়ে পৰশুৰামক মাতৃক মৰি পেলাবলৈ কোৱাৰ বাবে পৰশুৰামে মাতৃৰ ডিঙি কাটি হত্যা কৰিছিল তেতিয়া  পিতৃৰ বাক্য পালন কৰাৰ বাবে আনন্দিত হৈ পিতা জমদগ্নিয়ে পৰশুৰামক কি লাগে সুধাত পৰশুৰামে মাতৃ ৰেণুকাক পুনৰ জীৱিত ঘূৰাই লাগে বুলি কোৱাত পিতৃ জমদগ্নিয়ে হাতত জল লৈ গায়ত্ৰী মন্ত্ৰ পাঠ কৰি ৰেণুকাৰ ওপৰত ছটিয়াই দিয়াত পৰশুৰামৰ মৃত্যু ঘটা মাতৃ ৰেণুকা পুনৰ জীৱিত হৈ পৰিল । এইটো সেইটো মন্ত্ৰ হয় যিটোৱে মৰি যোৱা ব্যক্তিকো পুনৰ জীৱিত কৰি তুলাৰ শক্তি ৰাখে গায়ত্ৰী মন্ত্ৰয়ে । 


গায়ত্ৰী মন্ত্ৰ যদি আপুনি জাপ কৰিছে তেতিয়া ইয়াৰ জাপ কৰাৰ কিছুমান নিয়ম থাকে । পবিত্ৰতা ধ্যানত ৰাখিব লাগে , বহিলৈ জাপ কৰিব লাগে আৰু বহুতো নিয়ম আছে যিবোৰ নিয়ম সকলো মহিলাই পালন কৰিব নোৱাৰে । আপুনি অপবিত্ৰ হৈ থকা অৱস্হাত যদি গায়ত্ৰী মন্ত্ৰ জাপ কৰে তেতিয়া তাৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে । যেনেকৈ বিজুলীৰ তাৰে লাইট , ফেন , টিভি আদি চলাই কিন্তু বিজুলীৰ তাৰক যদি কোনোবাই ধৰিবলৈ যায়   তেতিয়া কাৰেন্ট মাৰিব । তেনেকৈ গায়ত্ৰী মন্ত্ৰৰ যেনেকৈ লাভ আছে তেনেকৈ লোকচানো আছে । অপবিত্ৰ ব্যক্তিয়ে গায়ত্ৰী মন্ত্ৰ জাপ কৰিলে পাপৰ ভাগি হব । ( Religious Studies )


হনুমানে কি মন্ত্ৰ জাপ কৰিছিল ? হনুমানে জয় ৰাম শ্ৰী ৰাম জয় জয় ৰাম জাপ কৰিছিল । নাৰদে কি মন্ত্ৰ জাপ কৰিছিল ? নাৰদে শ্ৰীমান নাৰায়ণ নাৰায়ণ জাপ কৰিছিল । আপুনি নাৰায়ণ নাৰায়ণ , ৰাম ৰাম , কৃষ্ণ কৃষ্ণ জাপ কৰক । এই ৰাম , কৃষ্ণ , নাৰায়ণ এই নামসমূহেই কল্যাণকাৰী । মহামন্ত্ৰ জাপ কৰক -


"হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে ।

 হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে ।।......"


গায়ত্ৰী মন্ত্ৰ বেদ মন্ত্ৰ হয় । বেদ মন্ত্ৰ হয় যেতিয়া ইয়াৰ বহুতো নিয়মো আছে । বেদ কেতিয়া পাঠ কৰিব লাগে আপুনি জানেনে ? বেদৰ উচ্চাৰণ সূৰ্যাস্তৰ পাছত নকৰে । আজিকালি বহুতে ৰাতিয়ে গায়ত্ৰী মন্ত্ৰৰ জাপ কৰে । আপুনি আৰু মই হিন্দু আমিয়েই যদি বেদৰ নিয়ম নীতি নামানো তেতিয়া কোনে মানিব । বেদ ৰাতি পঢ়িবলৈ মানা কৰে ৰাতি বেদে বিশ্ৰাম কৰে । তেতিয়া ৰাতি কিয় পঢ়িব লাগে বেদ । বেদেই কয় স্ত্ৰীয়ে বেদ পঢ়িব নালাগে , এই মন্ত্ৰৰ জাপ কৰিব নালাগে । তেতিয়া আপুনি কিয় জাপ কৰি আছে । ৰাম ৰাম জাপ কৰক । বেদে কয় ৰাম ৰাম জাপ কৰক , কৃষ্ণ কৃষ্ণ জাপ কৰক । বেদে যি আজ্ঞা দিছে কৰক আৰু যি বাধা দিছে নকৰিব । 


যদি পিতায়ে কয় সেই কোঠালীত নাযাবা তেতিয়া পুত্ৰ কিয় যাব ।আৰু কোঠালী আছে ঘৰত তালৈ যোৱা তাত খেলক , পঢ়ক । সেই কোঠালীতহে কিয়‌ যাব লাগে । শাস্ত্ৰৰ কথা মনাটোৱে ধৰ্ম আৰু নমনাটোৱে অধৰ্ম । নিজৰ স্বামীক প্ৰেম কৰা আৰু ইষ্টদেৱৰ চৰণত পূজা কৰাটোৱেই প্ৰকৃত ধৰ্ম । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages