ভাৰতবৰ্ষৰ দেৱী-দেৱতাৰ জন্মৰ বিষয়ে‌ জানোঁ আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 4, 2021

ভাৰতবৰ্ষৰ দেৱী-দেৱতাৰ জন্মৰ বিষয়ে‌ জানোঁ আহক : Religious Studies

Religious Studies


আমাৰ সনাতন বা হিন্দু ধৰ্মত দেৱ- দেৱী সকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগত জোৰ খাই আছে। যেনে প্ৰভু শ্ৰী ৰাম, যিয়ে অযোধ্যা নগৰত অৱতৰিত হৈছিল। লাগিলে সেইয়া ভগৱান শ্ৰী কৃষ্ণই হওক যিয়ে অৱতাৰণ কৰিবলৈ পবিত্ৰ মথুৰা ধাম নিৰ্বাচন কৰি ললে। তেনেস্থলত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে কেৱল ভাৰততেই কিয় হিন্দু দেৱ দেৱীসকলৰ জন্ম হয়?  এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আহকচোন আজিৰ এই লিখাটো মনোযোগেৰে পঢ়োঁ।( Religious Studies )


প্ৰথমতেই আমি প্ৰাচীন ভাৰতবৰ্ষলৈ মনত পেলাব লাগিব যাৰ বিষয়ে আমাৰ পৌৰাণিক গ্ৰন্থ সমূহত উল্লেখ আছে। আচলতে ভাৰতৰ যি স্বৰূপ আজি আমি দেখা পাইছোঁ আমি ভাবো যে ভাতৰতবৰ্ষ সঁচাকৈ ইমানেই ডাঙৰ । কিন্তু হাজাৰ বছৰ পূৰ্বে ই এনেকুৱা নাছিল।  বৰঞ্চ পৃথিৱীৰ এই বিশাল ভূ- ভাগক প্ৰাচীন কালত 'জাম্বুদীপ ' নামেৰে জনা গৈছিল। পুৰাণত বৰ্ণনা কৰা হৈছে যে জাম্বুদীপ উত্তৰ আৰু দক্ষিণ দিশৰ বিপৰীতে মধ্য দিশে বিয়পি আছিল। এই অংশক 'মেৰুবৰ্ষ ' অথবা 'ইলাবৰ্ত' নামেৰে জনা গৈছিল। ইলাবৰ্তৰ প্ৰথম চক্ৰৱৰ্তী সম্ৰাট  পুৰুৰমাৰ মাকৰ নাম আছিল। ইলাবৰ্তৰ কেন্দ্ৰত পাহাৰৰ ৰাজা সোণালী মেৰু পৰ্বত আছিল। মেৰু পৰ্বতৰ শিখৰত প্ৰভু ব্ৰহ্মাৰ বিশাল নগৰী আছে যি ব্রহ্মপুৰী নামেৰে বিখ্যাত আছিল। ব্ৰহ্মপুৰীৰ আশে পাশে আৰু ৮ খন বিশাল চহৰৰ বিষয়ে কোৱা হৈছিল যাৰ ভিতৰত এখন হৈছে ভগৱান ইন্দ্ৰৰ নগৰী। আৰু বাকীবোৰ অন্য দেৱ দেৱীৰ বুলি কোৱা হৈছে। এই সন্দৰ্ভত আমি আৰু এটা অভিমত যিটো ত্ৰেতা যুগৰ লগত জড়িত হৈ আছে তাৰ বিষয়েও জানিব পাৰো  ,য'ত উল্লেখ আছে যে ভগৱান ৰামৰ কালৰ হাজাৰ বছৰ আগতে স্বয়ম্ভূ মুনিৰ পুত্ৰ আৰু প্ৰিয়ব্ৰতৰ পুত্ৰই এই ভাৰতবৰ্ষক বছাইছিল। কিন্তু তেতিয়া ইয়াৰ নাম বেলেগ আছিল। যিসকলে ভাবে যে প্ৰভু ৰামৰ বাবে আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হৈছে তেওঁলোকক কোৱা হৈছে যে , ইয়াৰ বিষয়েও বিভিন্ন গ্ৰন্থত বিভিন্ন মত দেখা পোৱা গৈছে।


বায়ু পুৰাণ অনুসৰি, মহাৰাজ প্রিয়ব্ৰতৰ নিজৰ কোনো পুত্ৰ নাছিল , সেইবাবে তেওঁ নিজৰ কন্যাৰ পুত্ৰ অৰ্থাৎ তেওঁৰ নাতি 'অগ্নিন্দ্ৰক' পুত্ৰ হিচাপে তুলি লৈছিল। যাৰ লৰা এজন নাবিক আছিল ।( Religious Studies )


মেৰুদেৱীৰ দ্বাৰা যি পুত্ৰ সন্তান জন্ম হল তেওঁৰ নাম আছিল ঋষভ । তাৰ পাছতেই ৰজা ঋষভৰ পুত্ৰ ভৰত হল। তেওঁৰ নামেৰেই আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হল। লগতে আৰু এটা প্ৰচলিত মত আছে যে , ৰজা দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতৰ নামেৰে আমাৰ দেশৰ নাম ভাৰত হল। যাৰ বিষয়ে আমি সকলোৱে প্ৰায়ে শুনিছোঁ। অৱশ্যে , তেতিয়াৰ ভাৰতবৰ্ষ যাক মানুহে অখণ্ড ভাৰত বুলিও কয় তাৰ ভৌগোলিক ক্ষেত্ৰ বেছি বিস্তাৰিত হৈ আছিল। আৰু ইয়াত বৰ্তমান সময়ৰ বহুতো দেশ যেনে  পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল, ইৰাক, ইৰাণ আৰু চীন দেশৰ কিছু অংশ এই ক্ষেত্ৰৰ অন্তৰ্গত আছিল। এই অখণ্ড ভাৰত  আর্যব্ৰত নামেৰেও প্ৰসিদ্ধ আছিল। 

বন্ধুসকল, এনেকুৱা নহয় যে হিন্দু মন্দিৰ কেৱল ভাৰততেই দেখিবলৈ পোৱা যায়। পৃথিৱীৰ বহুতো দেশত প্ৰাচীন মন্দিৰৰ প্ৰমাণ পোৱা গৈছে ।

 

এতিয়াও এনে কিছুমান ঠাই আছে য'ত আজিও সনাতন ৰীতি নীতিৰে পূজা পাতল কৰোৱা হয়। থাইলেণ্ডৰ ৰাজ পৰিয়ালত অতীজৰে পৰা হিন্দু ধর্মৰ প্ৰভাৱ দেখা পোৱা গৈছিল। থাইলেণ্ডৰ লোকে এইটোও মানে যে তেওঁলোকৰ ৰজা প্ৰভু বিষ্ণুৰ অৱতাৰ হয়। সনাতন ভাৱনাৰ সন্মান কৰি, থাইলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক ' গঁড়ুৰপক্ষী ' ৰখা হৈছে। ইণ্ডোনেছিয়াৰ যাৱাত পম্বনন মন্দিৰ প্ৰাচীন যাৱাৰ সকলোতকৈ পুৰণি হিন্দু মন্দিৰ হয়। এই মন্দিৰটো বিশেষভাৱে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ ওপৰত সমৰ্পিত। এই মন্দিৰ ভাগক ইউনেস্কোউয়ে বিশ্ব দৰবাৰৰ আগত দাঙি ধৰিছে। মন্দিৰৰ ভিতৰত তিনিজন দেৱৰ উপৰিও তেওঁলোকৰ বাহনৰ বিষয়ে দেখা পোৱা যায়। এই মন্দিৰ ভাগ নৱম শতিকাৰ ওচৰে পাজৰে নিৰ্মান কৰা বুলি কোৱা হয়। ইয়াৰ উপৰিও বালিত  পুৰাতমন সৰস্বতী মন্দিৰ আৰু যাৱা স্থিত সিংহশাৰী শিৱ মন্দিৰ আছে। ইয়াৰ পৰা জানিব পাৰি যে অখণ্ড ভাৰত বহু দুৰলৈকে বিস্তাৰিত হৈ আছিল।


বন্ধুসকল, মেক্সিকোট  এক খনন কাৰ্যৰ সময়ত ভগৱান গণেশ আৰু মা লক্ষ্মীৰ প্ৰাচীন প্ৰতিমা পোৱা গৈছিল। মেক্সিকো শব্দটো সংস্কৃতৰ মক্সিকা শব্দৰ পৰাই উৎপত্তি হৈছে। তাত এনেকুৱা হাজাৰ প্ৰমাণ পোৱা যায় যাৰ দ্বাৰা জানিব পাৰি যে হিন্দু ধৰ্ম ইয়ালৈকে প্ৰসিদ্ধ আছিল। 

আনফালে স্পেইনত হাজাৰ বছৰ পুৰণি এটা মন্দিৰ আছে যত ভগবান বিষ্ণুৰ প্ৰতিমা অংকিত হৈ আছে। কিছু বছৰ পূৰ্বে ৰুছৰ কিছু ঠাইত ভগবান বিষ্ণুৰ বহুতো মূৰ্ত্তি পোৱা গৈছিল। ইতিহাস কাৰকৰ মতে এইসমূহ মূৰ্তি সপ্তমৰ পৰা দশম শতিকাৰ ভিতৰৰ সময়ছোৱাৰ আছিল।এই গাঁও প্ৰাচীন কালত এখন বিশাল ডাঙৰ চহৰ আছিল। ২০০৭ চনত ইয়াত মূৰ্তি পোৱা গৈছিল। ইয়াৰ লগতে প্ৰাচীন মুদ্ৰা, পদক, আঙুঠি, শস্ত্ৰও পোৱা গৈছে। কম্বুডিয়াটো বহুতো হিন্দু মন্দিৰ আছে। যি এইটো কথাৰ উদাহৰণ যে আগতে ইয়াতো আমাৰ হিন্দু ধৰ্ম প্ৰসিদ্ধ আছিল। 

এনেদৰেও মানি লোৱা হয় যে প্ৰথম দশকত  কৌন্দিন্য নামৰ এজন  ব্ৰাহ্মণে  হিন্দু ৰাজৰ স্থাপন কৰিছিল আৰু তেওঁৰ নামেৰেই কম্বোডিয়া নাম ৰখা হল। কম্বোডিয়াৰ প্ৰাচীন তন্ত্ৰ কথা অনুসৰি এই উপনিবেশৰ আৰ্য্য মূলৰ ৰজা কম্বু স্বয়ম্ভূয়ে চাইছিল যি এজন শিৱভক্ত আছিল। ইয়াৰ পৰাই আমি বুজিব পাৰো যে প্ৰাচীন কালত সনাতন ধৰ্ম গোটেই বিশ্বজুৰি আছিল। কিন্তু বৰ্তমান সময়ত আমাৰ হিন্দু ধৰ্ম ভাৰতবৰ্ষই কেন্দ্ৰবিন্দু হৈ পৰিছে। সেইবাবে আমি ওচৰ পাজৰৰ তন্ত্ৰ কথা বেছিকৈ শুনিব পাওঁ। কিন্তু সঁচা এইয়াই যে কালন্তৰ সময়ত জাম্বুদীপ খণ্ডিত হোৱাৰ বাবে নতুন নতুন দেশৰ সৃষ্টি হল আৰু ভাৰতবৰ্ষ সৰু হৈ আহিল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages