বৈদিক পৰম্পৰা অনুসৰি যি পূজায়েই কৰা হয় তাৰ আগতে পঞ্চ দেৱতাৰ পূজা দিহে পূজা আৰম্ভ কৰা হয়। এই পঞ্চ দেৱতা হৈছে-- ভগৱান শিৱ, মা পাৰ্বতী (দেৱী ) , ভগৱান বিষ্ণু, গণেশ দেৱতা আৰু সূৰ্য্য দেৱতা।( Religious Studies )
এই পঞ্চ দেৱতাৰ ভিতৰত একমাত্ৰ সূৰ্য্য দেৱতা হে আমাৰ দৃশ্যমান অৰ্থাৎ আমি চকুৰে দেখা পাওঁ । আনহাতে জ্যোতিষ শাস্ত্ৰতো নবগ্ৰহৰ ভিতৰতে সূৰ্য্য দেৱতা এনে এজন দেৱতা যাৰ দৃষ্টিৰ ওপৰতে আমাৰ জীৱন জ্যোতিৰে উজ্বলি উঠে ।
সেয়ে ৰাতিপুৱা গা ধুই সূৰ্য্য দেৱতাক প্ৰণাম জনাই গাব লাগে--
जपाकुसुमसंकाशं काश्र्यपेयं महाद्युतिम्।
तमोरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम्।।
অসমীয়াত --
জপাকুসুমসংকাশং কাশ্যপেয়ং মহাদ্যুতিম্
তমোৰিং সৰ্ৱ পাপঘ্নং প্ৰণতোস্মি দিৱাকৰম্ ।।
অৰ্থাৎ--
জবা ফুল পাহৰ দৰে মেল খাই থকা , কাশ্যপৰ পুত্ৰ -আন্ধাৰৰ বিৰোধী হৈ দিনৰ সৃষ্টি কৰোতা হে জ্যোতিষ্মান সূৰ্য্য দেৱতা মই প্ৰাৰ্থনা জনাইছো।
প্ৰাচীন সাহিত্য ঋগ্বেদত অগ্নি, ইন্দ্ৰ আৰু সূৰ্য্য এই তিনি দেৱতাক বিশেষ গুৰুত্ব দিয়া হৈছে। এই তিনি দেৱতাৰ ভিতৰত একমাত্ৰ সূৰ্য্য দেৱতাক হে বৈদিক যুগৰ পৰা এতিয়ালৈকে পূজা কৰি থকা হৈছে।
ঋগ্বেদত সূৰ্য্য দেৱতাক পোহৰ আৰু শক্তিৰ দেৱতা বুলি কৈছে। বৈদিক সাহিত্যত সূৰ্য্য দেৱতাক সূৰ্য্য আৰু সাবিত্ৰী দুটা নামেৰে অভিহিত কৰিছে।
ঋগ্বেদত সূৰ্য্য দেৱতাৰ সোণৰ ৰথ সাতটা বগা ঘোঁৰাই চলাই বুলি কৈছে--
सप्त त्वा हरितो रथे वहन्ति देव सूर्य।
शोचिष्केशं विचक्षण ।।
( ঋগ্বেদ ১.৫০.৮)
অৰ্থাৎ--
সাত ৰঙৰ ৰশ্মিৰ দৰে সাতটা ঘোঁৰা নিয়োজিত ৰথত তেজস্বি ৰশ্মি যুক্ত হৈ সূৰ্য্য দেৱতা সুশোভিত হয়।
वि जानाञ्छयावाः शितिपादो अख्यन् रथं हिरण्यप्रउगं वहन्तः।
शश्वद् विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुमः।।
(ঋগ্বেদ ১.৩৫.৫)
অৰ্থাৎ--
মানুহক প্ৰকাশিত কৰা , শুকুলা ভৰিৰ ঘোঁৰাই সূৰ্য্য দেৱতাৰ সোণৰ ৰথ খন কঢ়িয়ায় । ত্ৰিভূৱনৰ প্ৰাণী সবিতা দেৱৰ বাবেই জীয়াই আছে ।( Religious Studies )
হাজাৰ হাজাৰ বছৰৰ আগতে ঋষি মুনি সকলে পবিত্ৰ সৰস্বতী নদীৰ পাৰত ৰচনা কৰি যোৱা বিশ্বৰ প্ৰাচীনতম সাহিত্য ঋগ্বেদত সূৰ্য্যৰ ৰশ্মিৰ সাতটা ৰঙৰ কথা উল্লেখ কৰিছে। কেৱল এয়াই নহয় সূৰ্য্যৰ ৰশ্মিৰ বাবেই জীৱ জগত জীয়াই আছে এই কথাও লিপিবদ্ধ কৰিছে।
चित्तं देवानामुदगादनीकं चक्षुर्मित्तस्य वरुणास्याग्नेः ।
आप्रा द्यावापृथवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुपश्च।।
(ঋগ্বেদ ১.১১৫.১)
অৰ্থাৎ--
দিব্য শক্তিৰে সৈতে দিব্য প্ৰখৰ হৈ উদয় হব লগা বৰুণ আদি মিত্ৰ সকলৰ নেত্ৰ স্বৰূপ স্থিৰ সূৰ্য্যই পৃথিৱী আকাশ আৰু অন্তৰীক্ষক পোহৰাই তোলে।
ঋগ্বেদত তাহানিতে এই মন্ত্ৰটোত সূৰ্য্যক স্থিৰ বুলি কৈছে। বৈদিক ঋষি সকলে সূৰ্য্যৰ ৰশ্মি যে আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় ই আমাক নিৰোগী কৰি ৰাখে সেই বিষয়েও লিখি গৈছে।
কেৱল বেদ শাস্ত্ৰতে নহয় জ্যোতিষ শাস্ত্ৰতো সূৰ্য্য দেৱতাক প্ৰাচীন ঋষি মুনি সকলে স্থান ওপৰত ৰাখিছে ।
সূৰ্য্য দেৱতাই আমাৰ কাৰণে ৰাতিপুৱাই উঠি দিনটো প্ৰখৰ জ্যোতিৰ মাজত স্থিৰ হৈ থাকি জীৱ জগতক বচাই ৰাখিছে। সূৰ্য্য দেৱতাক এটা সেৱা জনোৱা বাৰু আমাৰ উচিত নহয়নে ? সূৰ্য্য দেৱতাক বহুত কাৰবাৰ কৰি পূজাও কৰিব নালাগে মাত্ৰ ৰাতিপুৱাই উঠি গা ধুই অকনমান পানীৰে অৰ্ঘ দিলেই হ'ল । সূৰ্য্য দেৱতাক এইদৰে প্ৰতিদিনে ৰাতিপুৱা অৰ্ঘ দি সেঁৱা জনালে জন্ম কুণ্ডলীৰ দোষ শেষ হয় , চাকৰিত উন্নতি হয়, বেপাৰ কাৰোবাৰত লাভ হয়।
ঘৰৰ পূব দিশৰ দেৱালত সূৰ্য্য দেৱতাৰ ফটো লগালে ঘৰৰ ভিতৰত যদি কিবা নাকাৰাত্মক ( negative) শক্তি থাকে সেয়া শেষ হয় আৰু আত্ম বিশ্বাস বাঢ়িব। সূৰ্য্য দেৱতাক সেৱা জনোৱা জনক সূৰ্য্যৰ প্ৰখৰ দিপ্তৰে উজ্বলাই তোলে।
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment