গীতা কোনো ধৰ্মৰে গ্ৰন্থ নহয়--ই সমগ্ৰ মানৱ জাতিৰ বাবে
গীতা কোনো ধৰ্মৰে গ্ৰন্থ নহয় কিয়নো যেতিয়া গীতা ৰচনা হৈছিল তেতিয়া আজিৰ দৰে ধৰ্মৰ ধাৰণাটো হোৱাই নাছিল অৰ্থাৎ Religion concept টো নাছিলেই।( Religious Studies )
গীতা এখন পবিত্ৰ গ্ৰন্থ, ই সমগ্ৰ মানৱ জাতিৰ বাবে ৰচিত গ্ৰন্থ। গীতাই ঐশ্বৰিক জ্ঞানৰ পোহৰ দিয়ে আৰু আমি সুন্দৰ জীৱন অতিবাহিত কৰিব পৰা জ্ঞান ইয়াৰ পৰাই আহৰণ কৰো।
শ্ৰী মদ্ভাগৱত গীতা খন ককাইদেউতাই অসমীয়ালৈ অনুবাদ কৰিছিল। গধূলী গীতা গোৱাতো আমাৰ ঘৰত এটা নিয়মৰ দৰে আছিল। পেহী কেইগৰাকীৰ পৰা সৰু থাকোতেই গীতা গাবলৈ শিকিছিলো ।
যোৱা কিছুবছৰ গীতা খন যেতিয়াই তেতিয়াই খুলি যিকোনো অধ্যায় উলিয়াই পঢ়াৰ অভ্যাস হৈ পৰিছে। মন বেয়া লাগিলেও পঢ়ো , চিন্তা লাগিলেও পঢ়ো আকৌ কোনো বিষয়ে সিদ্ধান্ত ল'ব নোৱাৰিলে পঢ়ো । প্ৰতিবাৰেই পঢ়োতে গীতাৰ মাজত মই মোৰ পৰিস্থিতিৰ নতুন নতুন অৰ্থ বিচাৰি পাওঁ ।
গীতাৰ কথাই মোৰ প্ৰতিটো ভাব যেন আৰু positive ৰ ফাললৈ লৈ গৈ আছে। মই হৈ যোৱা কথাক লৈ মন বেয়া কৰা বা এই বোৰ লৈ সময় নষ্ট নকৰি গীতাৰ যিকোনো পৃষ্ঠা এটা উলিয়াই পঢ়ি দিও আৰু তাতেই সমাধান বিচাৰি পাওঁ।
আমাৰ জীৱনলৈ বিভিন্ন সময়ত বন্ধু আহে আৰু যায় কিন্তু আমাৰ মনৰ ভিতৰত এনে স্থায়ী সঙ্গী ৰৈ যায়, যি আমাক কেতিয়াও এৰি নিদিয়ে। আমি যেন মনৰ ভিতৰত বহুত শান্তি অনুভৱ কৰো তেতিয়াই ভগৱানক বিচাৰি পোৱা যেন লাগে ।
মানুহৰ জীৱনলৈ অহা বেয়া লগা আৰু ভাল লগা ক্ষণ বিলাক স্থায়ী নহয়। এই বিলাক আহে আৰু যায়। যিদৰে বাৰিষা আহে আৰু শীত আহে আকৌ যায়গৈ ঠিক তেনেদৰে আমাৰ জীৱনলৈ দুখ সুখ বিলাক আহে ।
গীতা খনত মুঠ ওঠৰটা অধ্যায় আছে । এই ওঠৰটা অধ্যায়ৰে প্ৰতিটো অধ্যায়ৰ মূল ভাবটো এটা বাক্যত আনি যদি দিনে এবাৰকৈ আমি আওৰাব পাৰো তেন্তে মূৰৰ ওপৰৰ পৰা ডাঙৰ বোজা এটা নাইকিয়া হৈ যোৱা নিচিনা লাগিব। ( Religious Studies )
গীতাৰ প্ৰতিটো অধ্যায় এটা এটা বাক্যত-----
১) প্ৰথম অধ্যায়
কথা এটা ভূলকে ভাবি লোৱাটো জীৱনৰ প্ৰধান সমস্যা।
২) দ্বিতীয় অধ্যায়
শুদ্ধ জ্ঞানেই সকলো সমস্যা সমাধান কৰে ।
৩) তৃতীয় অধ্যায়
নিঃস্বৰ্থতাই আগবাঢ়ি যোৱা আৰু শ্ৰীবৃদ্ধি
হোৱাৰ পথ দেখুৱায় ।
৪) চতুৰ্থ অধ্যায়
প্ৰতিটো কামেই প্ৰাৰ্থনাৰ দ্বাৰা হব লাগে।
৫) পঞ্চম অধ্যায়
অহংকাৰ আৰু ব্যক্তিকেন্দ্ৰিক ভাব গুচাই
অপৰিসীম আনন্দ উপভোগ কৰিবলৈ চেষ্টা
কৰিব লাগে।
৬) ষষ্ঠ অধ্যায়
প্ৰতিদিনে সৰ্বোচ্চ জনৰ লগত সংযোগ স্থাপনৰ
চেষ্টা কৰিব লাগে।
৭) সপ্তম অধ্যায়
যিমান জ্ঞান লাভ কৰা হয় সেই লৈ থাকিবলৈ
চেষ্টা কৰিব লাগে।
৮) অষ্টম অধ্যায়
নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাব নালাগে। ৯) নৱম অধ্যায়
আনে দিয়া আশীৰ্বাদৰ মূল্য বুজিব লাগে।
১০) দশম অধ্যায়
ঐশ্বৰিক শক্তিক কেউদিশে অনুভৱ হব ।
১১) একাদশ অধ্যায়
প্ৰকৃত সত্য উপলব্ধি কৰিবলৈ সমৰ্পন লাগিব। ১২) দ্বাদশ অধ্যায়
অন্তৰ আৰু মন সৰ্বোচ্চ জনৰ ওচৰত সমৰ্পন
কৰিব লাগে।
১৩) ত্ৰয়োদশ অধ্যায়
মায়াৰ পৰা আতৰি গৈ ঈশ্বৰৰ প্ৰতি অনুৰক্ত
হব লাগে।
১৪) চতুৰ্দশ অধ্যায়
জীৱনটো নিজৰ ৰুচি অনুযায়ী থাকিব লাগে।
১৫) পঞ্চদশ অধ্যায়
ভগৱানৰ কথাত প্ৰাধান্য দিব লাগে।
১৬) ষষ্ঠদশ অধ্যায়
ভাল হব পৰাটো এক পুৰস্কাৰ।
১৭) সপ্তদশ অধ্যায়
ভাল লগাৰ পৰা শুদ্ধটো বাছি লব পৰাটোৱেই
শক্তি ।
১৮) অষ্টদশ অধ্যায়
ব'লা যাওঁ, আমি আগবাঢ়ো, আমি ভগৱানৰ
লগত একাত্ম হ'বৰ বাবে যাওঁ।
#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment