ভগৱান ৰাম আৰু হনুমানৰ পবিত্ৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জানে । ভগৱান শ্ৰীৰামৰ বাবে থকা ভক্তি ভাৱৰ বাবে হনুমানজীয়ে নিজৰ সম্পূৰ্ণ জীৱন ত্যাগ কৰিছিল আৰু কেতিয়াও বিবাহ নকৰাৰ বাবে প্ৰাণ লৈছিল । ( Religious Studies )
হনুমানজীক সদায় বাল ব্ৰক্ষ্মচাৰী নামেৰে জনা যায় । কিয়নো তেওঁ কেতিয়াও বিবাহ নকৰিলে । কেতিয়া কেনেকৈ তেওঁৰ এক পুত্ৰ হল ? সচাঁকৈয়ে বাস্তৱত তেওঁৰ পুত্ৰ আছিলনে ? হনুমানজীৰ ৰাম নাম মনৰ ভিতৰত সোমাই পৰিছিল । সেইবাবে তেওঁ দিনে ৰাতিয়ে ৰাম নামৰ জাপ কৰিছিল । যাৰ বাবে তেওঁ বিবাহ নকৰিবলৈ সিদ্ধান্ত লৈছিল । তাৰ পিছতো হনুমান তাৰ এক পুত্ৰ হল যাৰ নাম মকৰধ্বজ আছিল । সঁচাকৈয়ে বাস্তৱত মকৰধ্বজ হনুমানজীৰ পুত্ৰ আছিলনে ? এই বিষয়ে জনোৱাৰ আগত প্ৰথমে জনাম যে হনুমানজীয়ে কেতিয়া প্ৰথম মকৰধ্বজক লগ পাইছিল ।
বাল্মীকিজীয়ে ৰামায়ণত লিখিছে যে যুদ্ধৰ সময়ছোৱাত ৰাৱণৰ আদেশত ৰাম লক্ষ্মণক পাতালপুৰী অপহৰণ কৰি লৈ যোৱা গৈছিল । তাৰ পিছত ৰাৱণৰ ভাতৃ বিভীষণে এই ভেদ হনুমান তাৰ সন্মুখত ব্যক্ত কৰিলে আৰু ৰাম লক্ষ্মণক কত লৈ গৈছে সেই সন্দৰ্ভতো কলে । তেতিয়া হনুমান জীয়ে ৰাম লক্ষ্মণৰ সহায় কৰিবলৈ পাতাললৈ গল । ( Religious Studies )
যেতিয়া তেওঁ পাতালপুৰীৰ দুৱাৰত উপস্থিত হল তাত তেওঁ এটা বান্দৰ দেখিলে । যাক দেখি তেওঁ আচৰিত হৈ পৰিল । আৰু মকৰধ্বজক তেওঁৰ পৰিচয় ব্যক্ত কৰিবলৈ কলে । মকৰধ্বজে নিজৰ পৰিচয় দি কলে যে " মই হনুমান পুত্ৰ মকৰধ্বজ হয় আৰু পাতালপুৰীৰ দুৱাৰ পাল হয় । " মকৰধ্বজৰ পৰিচয় শুনি হনুমানজীয়ে ক্ৰোধিত হৈ শুধে " এইবোৰ তুমি কি কৈছা মইয়ে হনুমান হয় আৰু মইতো বাল ব্ৰক্ষ্মচাৰী হয় তুমি মোৰ পুত্ৰ কেনেদৰে হবা। "
হনুমানজীৰ পৰিচয় শুনি মকৰধ্বজে তেওঁৰ চৰণত পৰি প্ৰণাম জনায় নিজৰ উৎপত্তিৰ কথা শুনালে । হনুমানৰ ফালে চায় মকৰধ্বজে কবলৈ ধৰিলে " আপুনি যেতিয়া আপোনাৰ নেজডালে ৰাৱণৰ লংকা জ্বলাই পেলাইছিল সেই সময়ছোৱাতে লংকাৰ পৰা জ্বলি উঠা জুইৰ বাবে আপোনাৰ শৰীৰত বহুত ঘাম উলাইছিল নেজত লগা জুইৰ বাবে আপুনি সাগৰলৈ গৈছিল তেতিয়া আপোনাৰ শৰীৰৰ পৰা ওলোৱা ঘামবোৰ এজনী মাছে নিজৰ মুখত লৈ লৈছিল যাৰ বাবে মাজনী গৰ্ভৱতী হৈ গৈছিল । কেইদিনমানৰ পিছত পাতালৰ ৰজা আৰু ৰাৱণৰ ভাতৃৰ চিপাহীয়ে সমুদ্ৰৰ পৰা সেই মাজনীক লৈ আহিলে আৰু মাছজনীৰ পেট কাটোতে তাৰ পৰা এটা মানৱ ওলাল যি দেখিবলৈ বান্দৰৰ দৰে আছিল । আৰু সেই বান্দৰটো মইয়ে আছিলো পিতাজী । পিছত সৈনিক সকলে মোক পাতালৰ দুৱাৰ পাল বনাই দিলে । " এনেদৰে হনুমান আৰু মকৰধ্বজ অৰ্থাৎ পিতা-পুত্ৰৰ মিলন হয় ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment