সূৰ্য গ্ৰহণৰ দিনা ভুলটো নকৰিব এইসমূহ কাম: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 3, 2021

সূৰ্য গ্ৰহণৰ দিনা ভুলটো নকৰিব এইসমূহ কাম: Religious Studies

Religious Studies

বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ লাগিবলৈ মাত্ৰ আজিৰ দিনটোহে বাকী আছে। ৪ ডিচেম্বৰ ২০২১ শনিবাৰৰ দিনা বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ লাগিব।(Religious Studies)



 সূৰ্য গ্ৰহণ ২০২১-  বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ লাগিবলৈ মাত্ৰ আজিৰ দিনটোহে বাকী আছে।৪ ডিচেম্বৰ ২০২১ শনিবাৰৰ দিনা বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ লাগিব। এই দিনা মাৰ্গশীৰ্ষ মাহৰ অমাৱস্যাও । ইনেও সূৰ্য গ্ৰহণ অমাৱস্যাৰ দিনা আৰু চন্দ্ৰ গ্ৰহণ পূৰ্ণিমাৰ দিনা লাগে।সূৰ্য গ্ৰহণ হৈ যোৱা পাছত মানুহৰ জীৱনত বহুত প্ৰভাৱ পৰা দেখা যায়। সূৰ্য গ্ৰহণ হৈ যোৱা পাছত হ'ব লগা নাকাৰাত্মক শক্তি আৰু ৰাহুৰ বেয়া প্ৰভাৱ কম কৰিবলৈ কিছুমান বস্তুৰ বা কথাৰ বিশেষ ৰূপে ধ্যান ৰখাৰ জৰুৰী।


বৈজ্ঞানিকসকলৰ মতে সূৰ্য গ্ৰহণ তেতিয়া লাগে যেতিয়া সূৰ্য , চন্দ্ৰ আৰু পৃথিৱীৰ মাজলৈ আহে। ৪ ডিচেম্বৰত বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ।মাৰ্গশীৰ্ষ মাহৰ অমাৱস্যা অৰ্থাৎ কৃষ্ণ পক্ষৰ তিথিত পৰে। খবৰৰ মতে ভাৰতত এই সূৰ্য গ্ৰহণ দেখিবলৈ পোৱা নাযায়।সূৰ্য গ্ৰহণ দক্ষিণ আফ্ৰিকা, এন্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা আৰু আটলান্টিকৰ  দক্ষিণ ভাগৰ লোকসকলেহে দেখিবলৈ পাব।


সূৰ্য গ্ৰহণৰ দিনা কি কৰিব লাগে আৰু কি কৰিব নালাগে-


১. National Aeronautics and Space Administration (নাসা) অনুসৰি সূৰ্য গ্ৰহণ খালি চকুৰে চাব নালাগে। অৰ্থাৎ তেওঁলোকে খালি চকুৰে সূৰ্য গ্ৰহণ চাবলৈ মনা কৰে। সেই সময়ত মানুহ সদায় সাৱধান থাকিব লাগে আৰু Eclipse glasses ৰ ব্যৱহাৰ কৰিব লাগে।


২. ইয়াৰ দ্বাৰা সকলোকে উপদেশ দিয়া হয় যে ভুলতেও ঘৰত বনোৱা বা ৰ'দত পিন্ধা চচমা ব্যৱহাৰ নকৰিব। অৰ্থাৎ Sun glassesৰ ব্যৱহাৰ নকৰিব। ইয়াৰ দ্বাৰা চকু বেয়া হোৱাৰ সম্ভাৱনা থাকে।


৩. 'Ring of Fire' ৰক নিজৰ ফোনৰ কেমেৰা বা বেলেগ ফটো মৰা কেমেৰাত ফটো তুলিবলৈ চেষ্টা নকৰিব।


৪.নম্বৰৰ চচমা পিন্ধা ব্যক্তিসকলে সূৰ্য গ্ৰহণ চাবৰ বাবে নিয়মীয়া চচমাৰ ওপৰত গ্ৰহণ চাবলৈ পিন্ধা চচমা পিন্ধিব পাৰে।(Religious Studies)


৫. সূৰ্য গ্ৰহণৰ সময়ত শিশুসকলৰ বিশেষভাৱে ধ্যান ৰাখিব লাগে।যদি শিশুসকলে সূৰ্য গ্ৰহণ চাব বিচাৰে তেতিয়া মাক-দেউতাকৰ পৰ্যবেক্ষণ মাজতহে চাব লাগে।


৬. সূৰ্য গ্ৰহণৰ সময়ত মানুহক ঘৰতে থাকিবলৈ কোৱা হয়। কিন্তু কিবা জৰুৰী কামত বাহিৰলৈ যাব লগা হ'লে নিজৰ সুৰক্ষা কথা মনত ৰাখিব লাগে।


৭.গৰ্ভৱতী মহিলাসকলকো এই সময়ত বিশেষভাৱে চোৱা চিতা বা পৰ্যবেক্ষণ কৰা জৰুৰী। কোৱা হয় সূৰ্য গ্ৰহণ ৰ প্ৰভাৱ শিশুটোৰ ওপৰতো পৰে। এই সময়ত গৰ্ভৱতী মহিলাসকল ঘৰৰ ভিতৰতে থাকিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages