যি হয় ভালৰ কাৰণে হয়: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 13, 2021

যি হয় ভালৰ কাৰণে হয়: Religious Studies

Religious Studies

মনুষ্য বহুত বৈচিত্ৰ্যময় প্ৰাণী। বুদ্ধি উলিয়াই,সৰযন্ত কৰে। চেষ্টা কৰে ,আনক হৰোৱাবলৈ চেষ্টা কৰে। ক্ষণবোৰক ৰছী বুলি ভাবি নিজৰ হাত ল'বলৈ চেষ্টা কৰে। (Religious Studies )


কিন্তু এটা কথা নাজানে যে সময়ৰ এই ক্ষণবোৰ হাতত ৰৈ নাথাকে।যিবোৰ কৰিছে পুণৰ ঘূৰি আহিব আপোনালোকৰ সন্মুখলৈ। ইয়াত একো পাৰ্থক্য নাই যে আপুনি কুমাৰৰ পুতেক নে কৃষ্ণৰ।


যদি আপুনি অনুচিত কৰ্ম কৰে আপোনাৰ লগত অনুচিত কৰ্ময়ে হ'ব। অশুভ কৰ্ম কৰিলে আপোনাৰ লগত অশুভ কৰ্ময়ে হ'ব।

কুৰুবংশ অত্যন্ত মহান বংশ আছিল। কি হ'ল তেওঁলোকৰ লগত। সম্পূৰ্ণ বংশ ধ্বংস হৈ গ'ল। কাৰণ তেওঁলোকৰ মন্তব্য অশুভ আছিল। আনহাতে পাচঁ বনবাসী পাণ্ডৱে মহাভাৰত জয় কৰি ল'লে। কাৰণ তেওঁলোকৰ মন্তব্য শুভ আছিল। মনত ৰাখিব শুভতাৰ অগ্নি জ্বলালে শুভতায়ে পাব।অশুভতাৰ অগ্নি জ্বলালে নৰকতহে জ্বলিব। 


মনুষ্য ৰোগত আক্ৰান্ত কিয় হয়? শাৰীৰিক দূৰ্বলতাৰ বাবে নহয় মনুষ্য ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ চিন্তা ভাৱণা কাৰণে। তেওঁলোকৰ বিবেকৰ কাৰণে। তেওঁলোকৰ কৰ্মৰ কাৰণে আৰু তেওঁলোকৰ খঙৰ কাৰণে ।যেতিয়া কোনোবা ঠিক হয় সুস্থ হয় তাৰ অৰ্থাৎ এইটো নহয় যে এইয়া ঔষধৰ কাৰণে। এইয়া হয় কাৰোবাৰ প্ৰেমৰ প্ৰভাৱত বিশ্বাসৰ প্ৰভাৱত। কেৱল ঔষধৰ দ্বাৰা একো নহয় যদি মনত প্ৰেম থাকে, বিশ্বাস থাকে আৰু বিবেক ইত্যাদি থাকে তেতিয়াহে এই ঔষধিসমূহে কাম কৰে। স্মৰণ ৰাখক জীৱনটো বহুত সৰু সেই কাৰণে মনত প্ৰেমৰ ভাৱ ৰাখক মিত্ৰতা কৰক শত্ৰুতা নহয়। প্ৰেম কৰক হিংসা নহয়।


 আজি আমি আপোনালোকক এনেকুৱা এটা কাহিনী কম যিটো ভগৱান কৃষ্ণক নন্দয়ে অৰ্থাৎ কৃষ্ণৰ পিতৃয়ে তেওঁক সৰু থাকোঁতে কৈছিল। কাহিনীটো হ'ল এটা সাধু আৰু বৃচ্ছুৰ। এবাৰ এজন সাধুৱে নদীৰ পাৰত স্থান কৰিবলৈ গৈছিল। তেওঁ দেখিছিল যে এটা বৃচ্ছু পানীত বৈ গৈ আছে। তেওঁ সেই বৃচ্ছুটোৰ প্ৰাণ বচাবলৈ বৃচ্ছুটোক উঠাই পাৰত থব বিচাৰিলে । কিন্তু যেতিয়া তেওঁ বৃচ্ছুটোক উঠালে তেতিয়াই সেই  বৃচ্ছুটোৱে তেওঁক কামুৰি দিলে।সাধুজনে পুণৰ চেষ্টা কৰিলে আকৌ সেই  বৃচ্ছুটোৱে তেওঁক কামুৰি দিলে। তেওঁ আকৌ চেষ্টা কৰিবলৈ গ'ল তেতিয়া তেওঁক তেওঁৰ এজন শিষ্যয়ে সুধিলে- এইয়া আপুনি কি কৰিছে গুৰুদেৱ? আপুনি তাৰ প্ৰাণ বচাবলৈ চেষ্টা কৰিছে যি আপোনাক কামুৰি আছে। তেতিয়া সাধুজনে উত্তৰ দিলে সি বৃচ্ছু হৈ নিজৰ কৰ্ম কৰিছে, নিজৰ ব্যৱহাৰ আৰু প্ৰবৃত্তি একেই ৰাখিছে তেতিয়া মই সাধু হয় কিয় নকৰিম। ইয়াৰ তাৎপৰ্য সৰল, সংসাৰত কিছুমান এনেকুৱা মানুহ থাকিব পাৰে যি বেয়া হ'ব পাৰে দুষ্ট হ'ব পাৰে আৰু কেতিয়াও সলনি বা পৰিবৰ্তন নহ'ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমাৰ কৰ্ম কৰিবলৈ এৰি দিম বা চেষ্টা কৰিবলৈ এৰি দিম। যিয়ে নহক আমি আমাৰ কৰ্ম আৰু প্ৰচেষ্টা কৰিবয়ে লাগিব। 


কাৰণ ইতিহাস সাক্ষী আছে প্ৰচেষ্টায়ে এই সংসাৰখনৰ ধাৰায়ে সলনি কৰি দিয়ে। জীৱনৰ সত্য কি? জন্ম য'ৰ পৰা জীৱনৰ আৰম্ভনি হয় আৰু মৃত্যুৰ দ্বাৰা ইয়াৰ অন্ত হয়। জীৱনৰ সত্য এইটো নহয় সকলোবোৰ এইবোৰ নহয়। ইয়াৰ পৰা চাবলৈ গ'লে কোনো অন্তৰ নাই যে আপোনালোকৰ জন্ম ক'ত হৈছিল , কেনেকৈ হৈছিল আৰু আপোনালোকৰ মৃত্যু ক'ত হ'ব ,কেনেকৈ হ'ব। মহত্বপূৰ্ণ এইটো যে যিটো জীৱন আপুনি উদযাপন কৰিলে কি উদ্দেশ্যৰে কৰিলে বা কি মন্তব্যৰে কৰিলে। যদি আপোনালোকে কিবা এনেকুৱা কৰে যাৰ দ্বাৰা সংসাৰে বা সংসাৰৰ মানুহে আপোনাৰ পৰা জীয়াই থকাৰ প্ৰেৰণা লয়। অৰ্থাৎ আপোনাৰ মৃত্যুৰ পিছতো আপোনাৰ চৰ্চা কৰি জীৱন জীয়াই থকাৰ প্ৰেৰণা লয় । তেতিয়া ইয়াৰ তাৎপৰ্য এইটো যে আপুনি নিজৰ কৰ্মৰ দ্বাৰা ব্যৱহাৰৰ দ্বাৰা অমৰ হৈ পৰিছে।


 জীৱনৰ আৰু মৃত্যুৰ চিন্তা কৰাতোঁ ব্যৰ্থ । কাৰণ আত্মা কেতিয়াও নমৰে। ইয়াৰ অন্ত কোনোও কৰিব নোৱাৰে কাল, মৃত্যু বা অন্য বেলেগ শক্তিয়ে।যদি কিবা এনেকুৱা আছে যি আপোনাৰ আত্মাৰ অন্ত কৰিব পাৰে সেইয়া আপোনালোকৰে দু-কৰ্ময়ে। এইয়া যি জীৱন কাল আপোনালোকৰ ওচৰত আছে। ইয়াত অকল শুভ কৰ্ম কৰক চিন্তা ত্যাগ কৰি দিয়ক। এনেকুৱা উচিত কৰ্ম কৰক যাৰ দ্বাৰা সংসাৰ উচিত পথলৈ আহে আৰু শুভ কৰ্ম কৰিবলৈ ধৰে।যদি আপোনাৰ মৃত্যুৰ পাছতো সংসাৰে আপোনাক স্মৰণ কৰি শিকে আৰু উচিত পথলৈ আহে আৰু প্ৰেৰণা পায়। তেতিয়া আপুনি অমৰ হৈ পৰিব।


 কোৱা হয় যে যি মনৰ পৰা উলাই সি কেতিয়াও অশুভ নহয়। অশুভ হয় সেই ভাব , সেই ইচ্ছা যি মনৰ পৰাটো উলাই কিন্তু বিবেকৰ ভাৱণাত তুলনা কৰা নহয়। এনেকুৱা এটা ভাৱণা হ'ল খং বা ক্ৰোধ। এই খঙে আপোনালোকৰ বিবেক আৰু কৰুণাকে নাইকীয়া কৰি দিয়ে। আপোনালোক ভাবিব চিন্তিব পৰা স্থিতিতে নাথাকে।যদি আপোনালোকে এই সংসাৰখনক নিয়ন্ত্ৰণ কৰিব বিচাৰে, ভৱিষ্যতৰ ওপৰত নিয়ন্ত্ৰণ কৰিব বিচাৰে, বৰ্তমানৰ ওপৰত নিয়ন্ত্ৰণ কৰিব বিচাৰে তেতিয়া প্ৰথতে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বা কৰিবলৈ শিকিব লাগিব। কাৰণ খঙ আপোনালোকৰ মিত্ৰ নহয় ই আপোনালোকৰ বল নহয় দূৰ্বলতাহে আৰু ই শত্ৰুৰ শক্তি বঢ়ায়। শেষত অনিষ্ট আপোনালোকৰেই হয়। সেই কাৰণে খঙক নিয়ন্ত্ৰণক ৰাখক।আনৰ মন্তব্য নিজেই নিজেই অসফল হৈ পৰিব। শান্ত, সুখী ,নিদ্ৰা ইত্যাদি মনুষ্য জীৱনৰ এটা অত্যন্ত মহত্বপূৰ্ণ সুখ আৰু আৱশ্যকতাও। চাবলৈ গ'লে এই সংসাৰৰ সকলো পশু-পক্ষী সকলো জীৱয়ে নিদ্ৰা আৱশ্যয়ে প্ৰাপ্ত কৰে।

Religious Studies )


 কিন্তু মনুষ্য যাৰ ভাবিব চিন্তিব পৰা ক্ষমতা আনতকৈ বেছি আছে তেওঁলোকৰহে নিদ্ৰাত সমস্যা আহি পৰে।কিয়? ইয়াৰ কাৰণ কি হ'ব পাৰে? চিন্তা। চিন্তা আমাৰ সকলোৰে জীৱনত আছে। চিন্তায়ে কেতিয়াও আমাৰ সহায় নকৰে। তাৰ পিছতো আমাৰ জীৱনত থাকে কিয়? কেতিয়াবা চিন্তাৰ দ্বাৰা কিবা সমস্যাৰ নিবাৰণ হৈছে জানো?ধনৰ চিন্তা কৰাৰ ফলত ধন প্ৰাপ্তি হয় জানো নে ভৱিষ্যতৰ চিন্তা কৰাৰ ফলত ভৱিষ্যত ভাল পৰে ? স্বাস্থ্য চিন্তা কৰাৰ ফলত নিজেই নিজেই স্বাস্থ্য ঠিক হয় জানো? নহয়। সেই কাৰণে এইবোৰৰ পৰা আমি এটা সৰু শিক্ষা লোৱাৰ প্ৰয়োজন যে আমি আমাৰ কান্ধৰ পৰা এই চিন্তাৰ ভাৰ আঁতৰাই দিব লাগে আৰু ইচ্ছা এই ইচ্ছায়ে আমাৰ মনত চিন্তা ভাৱ উৎপন্ন কৰে। সেই কাৰণে এই ইচ্ছা সমূহ ত্যাগ কৰি দিয়ক। প্ৰকৃতিৰ প্ৰেমৰ ওপৰত বিশ্বাস ৰাখক। স্মৰণ ৰাখক যি চিন্তা মুক্ত হ'ব সি চিতা মুক্ত হ'ব। নিচিন্ত মনে নিদ্ৰা গ্ৰহণ কৰক।


মহাদেৱ সেইজন দেৱ যি মহান।যাক দেৱতাৰো দেৱ বুলি কোৱা হয়।যি ভগৱান কৃষ্ণৰো আৰাধ্য। কেতিয়াবা আপোনালোকে এই প্ৰশ্নটো সুধিছে নেকি যে শিৱকে কিয় মহাদেৱ বুলি কোৱা হয়?আন দেৱতাক কিয় কোৱা নহয়? এইয়া এই কাৰণে যে মহাদেৱৰ এনেকুৱা এটা বিশেষ গুণ আছে যি আন কাৰো নাই। নিস্বাৰ্থ হৈ লোকৰ সেৱা কৰা।যদি আৱশ্যকতা পৰে এই সংসাৰত বিনাশ আহি পৰে তেতিয়া নিজৰ প্ৰাণৰ চিন্তা নকৰাকৈ বৃষ প্ৰাণ কৰিবলৈও আগবাঢ়ি আহে মহাদেৱে আৰু এই অদ্বিতীয় ত্যাগৰ বাবেই শিৱকেই মহাদেৱ বুলি কোৱা হয়। সেই কাৰণে মনুষ্যয়েও যদি নিস্বাৰ্থ হৈ নিজকে অৰ্পিত কৰি দিয়ে এই সংসাৰৰ কল্যাণ আৰু সেৱাৰ কাৰণে । তেতিয়া তেওঁ মহাপুৰুষ বা মহান মনুষ্য হৈ পৰে। যদি কাৰোবাৰ ভোগ লাগে নিজৰ থালৰ পৰা আধা ভূজন তেওঁক দি দিয়া।যদি কোনোবা ৰুগীয়া তেতিয়া তেওঁৰ সেৱা কৰক তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰক।এই জীৱনটো কেৱল নিজৰ কাৰণে নহয় আনৰ কাৰণে সমস্ত সংসাৰৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰক। যদি এইসকলোবোৰ মানুহে শিকি যায়। তেতিয়া তেওঁলোক মহাদেৱৰ পথত অগ্ৰসৰ হৈ পৰিছে। মনুষ্যয়ে নিস্বাৰ্থ ভাৱণাৰে যদি আনৰ সহায় বা সেৱা কৰিবলৈ শিকিব যায়। তেতিয়া তেওঁ নিশ্চিত ৰূপে মহান মনুষ্য হৈ পৰিব।


জীৱনত শিকাটো বহুত আৱশ্যক। এতিয়া কি কি শিকিব লাগে।তাক শিকাবলৈও বহুত শিক্ষক আছে। কিন্তু কি শিকিব নালাগে বা কি কৰিব নালাগে । এইবোৰ আমি আমাৰ অনুভৱৰ পৰাই শিকিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অগ্নিৰ তাপ কি তাক জানিবলৈ আপুনি অগ্নিতে হাত ভৰাব লাগিব।নহয় আনৰ অনুভৱৰ পৰাও শিকিব পাৰে।প্ৰশ্ন এইটো যে আপুনি শিকিব বিচাৰে নে নাই ।যদি আপোনালোকে এইটো ভাৱে যে মই কেৱল মোৰ নিজৰ অনুভৱৰ পৰাই শিকিব বিচাৰোঁ। তেতিয়া জীৱন কাল সৰু হৈ পৰিব আৰু আপুনি সকলোবোৰ শিকিব নোৱাৰিব। সেই কাৰণে নিজৰ লগতে ডাঙৰৰ অনুভৱৰ পৰাও শিকিব লাগে আৰু এই সংসাৰৰ অনুভৱৰ পৰাও শিকিবলৈ আৰম্ভ কৰি দিয়ক আৰু এইটো নিশ্চিত ৰূপে শিকা আৱশ্যক যে ক'ত,কেতিয়া কি কৰিব লাগে। ক'ত বিৰাম ল'ব লাগে আৰু ক'ত ল'ব নালাগে।


সত্য।  কি হয় এই সত্য? কোনোবাই ক'ব যি অসত্য নহয় সেইয়ায়ে সত্য।কোনোবাই ক'ব সেইয়া যাৰ আধাৰত আমি জীয়াই আছোঁ।সেইয়ায়ে সত্য। কিন্তু সত্য কি? ইয়াতকৈও মহত্বপূৰ্ণ এইটো বুজা বা শিকাটো যে সত্যৰ উপয়োগ কেনেকৈ কৰিব লাগে বা পাৰি।যদি আপোনালোকৰ ওচৰত সত্য আছে আপোনালোকে সত্য জানে আৰু আপোনালোকে যদি তাৰ সদ্ উপয়োগ কৰে সংসাৰৰ কাৰণে। তেতিয়া আপোনালোক সমগ্ৰ সংসাৰতকৈ ওপৰলৈ উঠি যাব পাৰে। কিন্তু যদি আপোনালোকে সত্য জানে আৰু তাৰ দু-উপয়োগ কৰে তেতিয়া আপোনালোক সমগ্ৰ সংসাৰৰ কাৰণে হানিকাৰক হৈ পৰে। স্মৰণ ৰাখক সত্য যিমান কোমল।অৰ্ধ সত্য সিমানেই কঠিন।অৰ্ধ সত্যয়ে সমগ্ৰ সংসাৰৰে নাশ কৰি দিব পাৰে। সেই কাৰণে জীৱনত সত্য ওপৰত সম্পূৰ্ণ সত্য জানিবলৈ চেষ্টা কৰক বা শিকক আৰু এইটো অত্যন্তয়ে আৱশ্যক।সত্যৰ এটা মহত্ব আছে যে সি কয় আপুনি নিজেই সৰ্তক থাকক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages