পূজা কৰোঁতে এইসমূহ কাৰ্য আমাৰ লগত কিয় হয় জানো আহঁক: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 12, 2021

পূজা কৰোঁতে এইসমূহ কাৰ্য আমাৰ লগত কিয় হয় জানো আহঁক: Religious Studies

Religious Studies

প্ৰিয় পাঠকসকল আজি আমি ক'বলৈ উলাইছোঁ পূজা বা প্ৰাৰ্থনা কৰোঁতে চকু পানী কিয় উলাই?  পূজা বা প্ৰাৰ্থনা কৰোঁতে হামি বা টোপনি কিয় ধৰে?

( Religious Studies )


পূজা বা প্ৰাৰ্থনা কৰোঁতে ফুল পৰি গ'লে কি হয় আৰু পূজা বা প্ৰাৰ্থনা কৰোঁতে চাকিগছ নুমাই গ'লে কি সংকেত পোৱা যায়? পূজা কৰি থাকোঁতে চাকিৰ ধুৱা বা অগ্নি বহুত বেছি ওপৰলৈ জ্বলিলে কি সংকেত পোৱা যায় । এইসমূহৰ ফলত আপোনালোকৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰে ইত্যাদি কথা আজি আমি আপোনালোকক জনাম ।


প্ৰিয় পাঠকসকল পূজা অৰ্চনা কৰা ফলত আমাৰ মনত এটা অদ্ভূত অনুভূতিৰ অনুভৱ হয়। পূজা অৰ্চনা বা ধ্যান মনৰ অশান্তি দূৰ কৰিবলৈ কৰা হয়। যাতে আমি শান্তি অনুভৱ কৰোঁ আৰু অশান্তি আমাৰ মনত নাথাকে। ভগৱানৰ প্ৰাৰ্থনা কৰাৰ ফলত ব্যক্তিসকলে ভগৱানৰ কৃপা দৃষ্টি বা আৰ্শীবাদ গ্ৰহণ কৰিব পাৰে আৰু ব্যক্তিৰ জীৱনটো সুখ- সমৃদ্ধিৰে ভৰি পৰে। 


কিন্তু আপোনালোকে জানেনে যে পূজা কৰি থাকোঁতে ভগৱানে নিজৰ দিব্য শক্তিৰ সহায়ত আমাক বিভিন্ন সংকেত দিয়ে।যেতিয়া ব্যক্তিসকলে পূজা কৰে তেতিয়া এটা বিশেষ শক্তিয়ে ব্যক্তিজনৰ চাৰিওফালে ঘেৰি ধৰে।এই কথাটো বিজ্ঞানেও কয়। ইয়াৰ ফলত আমি ভগৱানৰ লগত জড়িত বা মিলিত হৈ যাওঁ। লগতে পূজা কৰোঁতে ব্যক্তিজনৰ শৰীৰৰ ওচৰ পাজৰৰ অংশসমূহ শুদ্ধ হৈ পৰে। মনলৈ শুদ্ধ ভাৱণা আহিবলৈ ধৰে।


 কিন্তু এনেকুৱা হোৱাতো তেতিয়াহে সম্ভৱ যেতিয়া ব্যক্তিসকলে ভগৱানৰ শুদ্ধ মনেৰে শ্ৰদ্ধা ভক্তি কৰে। আপোনালোকৰ পূজা কৰোঁতে চকুত চকু পানী বৈ অহা মানে ভগৱানে আপোনালোকক নিজৰ দিব্য শক্তিৰ সহায়ত কিবা সংকেত দিছে। ইয়াৰ অৰ্থ হ'ল আপোনালোকে যিজন ভগৱানৰ পূজা বা ধ্যান কৰি আছে তেওঁৰ লগত আপোনালোকৰ সংযোগ স্থাপন হৈ পৰিছে আৰু আপোনালোকৰ পূজা সফল হৈ পৰিছে। কেতিয়াবা চকুত চকু পানী এইকাৰণেও আহে যে আমাৰ আশে-পাশে থকা নাকাৰাত্মক শক্তি বা অন্য শক্তিসমূহে আমাক পূজা কৰিবলৈ নিদিয়ে।যেতিয়া আমি পূজা অৰ্চনা কৰোঁ তেতিয়া আমাৰ শৰীৰটো শুদ্ধ হ'বলৈ ধৰে আৰু তাৰ ফলতো আমাৰ চকুত চকু পানী আহে। (Religious Studies )


পূজা অৰ্চনা কৰোঁতে হামি বা টোপনি অহা। সকলোৱে জানে যে হামি অহাতো এলাহৰ এটা লক্ষণ।আমি ৰাতিপুৱা শুই উঠাৰ পাছত আমাৰ হামি বা এলেহুৱা ভাৱ উৎপন্ন হয়। ইয়াৰ অৰ্থ হ'ল আমাৰ পূজা অৰ্চনা কৰা পাছত এলাহ লগা বা পূজা কৰোঁতে আপোনালোকৰ আশে-পাশে থকা শক্তিবোৰে আপোনালোকক শুদ্ধ কৰিব বিচাৰা নাই। যাতে আপোনালোকৰ সংযোগ ভগৱানৰ লগত হয়। পূজা কৰোঁতে ধ্যান ৰাখিব যাতে আপোনালোকৰ হাঁচি নাহে। কাৰণ এনেকুৱা কৰিলে আপোনালোক অপবিত্ৰ হৈ পৰে। পূজা কৰোঁতে যদি আপোনালোকৰ লগতো এনেকুৱা হয় তেতিয়া লগালগ গৈ হাত ভৰি ধুই পূজা কৰক। বহুবাৰ পূজা কৰি থাকোঁতে ভগৱানৰ মূৰ্তিৰ পৰা ফুল হৰি পৰে। এনেকুৱা হ'লে বহুত শুভ বুলি ধৰা হয়। বহুবাৰ যেতিয়া আমি কিছুমান বিশেষ মনোকামনা লৈ ভগৱানৰ ওচৰলৈ যাওঁ তেতিয়া সেই মনোকামনাটো পূৰ্ণ হ'বনে নাই তাৰ সংকেত ভগৱানে তেতিয়াই আমাক দি দিয়ে ।যদি আপোনালোকৰ লগতো এনেকুৱা হয় তেতিয়া আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ মনোকামনাও সোনকালেই পূৰ্ণ হ'ব। 


প্ৰিয় পাঠকসকল শাস্ত্ৰৰ অনুসৰি পূজা কৰি থাকোঁতে চাকিগছ নুমাই গ'লে অশুভ বুলি ধৰা হয়।যদি পূজা কৰি থাকোঁতে চাকিগছ নুমাই যায় তেতিয়া কোৱা হয় যে যি মনোকামনা পূৰণৰ বাবে আপোনালোকে পূজা অৰ্চনা কৰিছে তাত বাধাৰ সৃষ্টি হ'ব।পূজা কৰি থাকোঁতে চাকিগছ নুমাই গ'লে আকৌ ভালকৈ চাকিগছ লগাই পূজা অৰ্চনা কৰিব লাগে।


পূজা কৰোঁতে জ্বলোৱা চাকিগছৰ ধুৱা বা অগ্নি যদি বহুত বেছি বাঢ়ি যায় তেতিয়া ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ প্ৰাৰ্থনা ভগৱানে শুনিছে বা চাকিৰ ধুৱা ভগৱানৰ মূৰ্তিৰ ফালে যায় আৰু (ওম ) বা বিভিন্ন ধৰণৰ আকৃতি লয় তেতিয়া ইয়াক ভগৱানৰ সংকেত বুলি ধৰা হয়। পূজা কৰিবলৈ যাওঁতে যদি সুগন্ধি ধুপ লগোৱা আগতেই ঘৰটো সুগন্ধৰে ভৰি পৰে তেতিয়া ইয়াক ভগৱানৰ কৃপাৰ এটাৰ সংকেত বুলি ধৰা হয়। ঘৰত যদি পূজা কৰি থাকোঁতে ঘন্টাৰ মাত শুনা যায় বা শুনে আৰু পূজা কৰি থাকোঁতে কোনোবা আলহী বা ভিক্ষাৰী আহে । তেতিয়া ইয়াকো ভগৱানৰ সংকেত বুলি ধৰা হয়। সেইকাৰণে কেতিয়াও এইসকল ব্যক্তিক খালি হাতে যাবলৈ দিব নালাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages