ভগৱানৰ এই ৬টা সংকেতৰ বিষয়ে জানো আহঁক: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 11, 2021

ভগৱানৰ এই ৬টা সংকেতৰ বিষয়ে জানো আহঁক: Religious Studies

Religious Studies

প্ৰিয় পাঠকসকল আপোনালোকেও যদি এনেকুৱা ৬টা সংকেত পায়। তেতিয়া আপোনালোকে জানিব পাৰিব যে ভগৱান হনুমান আপোনাৰ লগত আছে আৰু আপোনালোকৰ ৰক্ষা কৰি আছে। ( Religious Studies )


প্ৰিয় পাঠকসকল কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত এনেকুৱা পৰিস্থিতি উৎপন্ন হৈ যায় যাৰ সন্মুখীন হ'বলৈ আমাৰ ভিতৰত সাহস নাথাকে। চেষ্টা কৰিও আমি ভাগৰি পৰোঁ। কিন্তু আমি সেই পৰিস্থিতিৰ পৰা বাহিৰলৈ উলাই আহিব নোৱাৰোঁ। এনেকুৱা সময়ত অকল ভগৱানেহে আমাক সহায় কৰিব পাৰে। সেই কাৰণে আমাক ভগৱানৰ লগ লাগে। যদি আপোনালোকৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি থাকে তেতিয়া আপোনালোকে যিকোনো পৰিস্থিতিৰ পৰাই উলাই আহিব পাৰিব। কাৰণ ঈশ্বৰৰ দ্বাৰা পঠোৱা সকাৰাত্মক শক্তিয়ে সকলো সময়তে আমাক সহায় কৰে আৰু আমাক শুদ্ধ পথ দেখাই দিয়ে। বহুবাৰ আপোনালোকৰ অনুভৱ হৈছে চাগে কঠিন পৰিস্থিতিত আপোনালোকে লোৱা সিদ্ধান্তয়ে কামত সফলতা দিয়ে।এইবোৰে সেই সকাৰাত্মক শক্তিবোৰ যিয়ে আপোনালোকক বা আমাক সহায় কৰে। কিন্তু ভগৱানে  যদি আমাৰ কাৰ্য ভাল নাপায় তেতিয়া তেওঁৰ কৃপা দৃষ্টি আমাৰ ওপৰত নপৰে বা নিদিয়ে আৰু বহুত চেষ্টা কৰাৰ পিছতো নিৰাশায়ে পোৱা যায়। শাস্ত্ৰত কোৱা হৈছে যে যিজন মানুহৰ অনিষ্ট হোৱাটো নিশ্চিত হৈ আছে ভগৱানে তেওঁৰ বুদ্ধি আগতেই নাইকীয়া কৰি দিয়ে। তাৰ পিছত সি নাইটো ভাল কথা ভাবিব পাৰে আৰু নাইটো ভাল কাম কৰিব পাৰে। সি অকল সকলো বেয়াহে দেখে। প্ৰিয় পাঠকসকল সেই কাৰণে আমি এইটো চেষ্টা কৰিব লাগে যে ভগৱানৰ কৃপা দৃষ্টি আমাৰ ওপৰত বৰ্তি থাকক। আজি আমি আপোনালোকক ক'বলৈ গৈ আছোঁ কিছুমান এনেকুৱা সংকেতৰ বিষয়ে যাৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে ভগৱান হনুমানে আপোনালোকক চাই আছে। অৰ্থাৎ তেওঁৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত আছে। তেওঁৰ সহায়ত আমি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰোঁ। জানো আহঁক চোন সেইবোৰ কি সংকেত-


১. অনুতাপ- প্ৰিয় পাঠকসকল যেতিয়া আপোনালোকে একান্ত মনে বহি থাকে। কেতিয়াবা আগতে আপোনালোকে কৰা ভুলবোৰৰ কথা মনত পৰে বা অনুতাপ হ'বলৈ ধৰে। আপোনালোকে মনে মনে সেই ভুলৰ বাবে ভগৱান হনুমানক ক্ষমা বিচাৰে আৰু তেওঁৰ পৰা ক্ষমা পাম বুলি আশা কৰে। এইটো এটা সংকেত বুলি ধৰা হয় যে ভগৱান হনুমানে আপোনালোকক ভুলৰ অনুভৱ কৰাইছে। তেওঁৰ দৃষ্টি আপোনাৰ ওপৰত বৰ্তি আছে ।আহিব লগা সময়ত আপোনাৰ বা আপোনালোকৰ জীৱনত কিবা ভাল হ'ব বা হ'বলৈ গৈ আছে। তাৰ সংকেত ভগৱান হনুমানে আপোনালোকক দিছে।


২. চকুত চকু পানী অহা- কেতিয়াবা আপোনালোকৰ লগত এনেকুৱা হৈছেনে ? যেতিয়া আপোনালোকে হনুমান চালিচা পঢ়ি আছে বা শুনি আছে আৰু হঠাতে  আপোনালোকৰ গা সিহঁৰি উঠিছে বা আপোনালোকৰ চকুত চকু পানী বৈ আহিছে আৰু আপোনালোকৰ মন প্ৰফুল্লিত হৈ উঠিছে। তেতিয়া এইটোক সংকেত বুলি ধৰা হয় যে ভগৱান হনুমান আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে আৰু ভগৱান হনুমানৰ ওপৰত থকা বিশ্বাসে ভগৱান হনুমানক আপোনাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰিছে।যদি আপোনালোকৰ লগতো এনেকুৱা হৈছে তেতিয়া আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ বেয়া দিন এতিয়া সমাপ্ত হ'ব হ'ল।ভগৱান হনুমানে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা অন্ত কৰিব গৈ আছে।

(Religious Studies )


৩. কাম ভাৱনা- এই সংকেতটো বহুত মহত্বপূৰ্ণ।এইটো আপোনালোকৰ উন্নতিৰ সংকেত আৰু এই সংকেতটো তেতিয়াহে পোৱা যায় যেতিয়া ভগৱান হনুমান অদৃশ্য ৰূপত আপোনালোকৰ লগত থাকে।যদি আপোনালোকে কাম ভাৱনাক নিজৰ বশ কৰি লয়। আপোনালোকৰ যদি আনৰ স্ত্ৰীক দেখিলে মনলৈ মা আৰু ভন্টি কথা আহে তেতিয়া আপোনালোকৰ মনত সাধুতা আহি পৰিছে আৰু ভগৱান হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে। এতিয়া আপোনাক কোনেও সফলতা অৰ্জন কৰিবলৈ ৰখাব নোৱাৰে।


৪.সহায় কৰা ইচ্ছা-  আপোনালোকৰ মনত যদি আনক সহায় কৰিবলৈ ইচ্ছা হৈছে বা আনক সহায় কৰিবলৈ মন গৈছে নহ'লেবা কোনোবাই আপোনালোকক সহায় বিচাৰিলে আপোনালোকে নকৰোঁ বুলি নকয় বা ক'ব নোৱাৰে। তেতিয়া এইটোও এটা ঈশ্বৰৰ সংকেত যে ভগৱান হনুমানে আপোনালোকক ভাল কৰ্ম কৰাই আছে। আপোনালোকৰ দ্বাৰা কৰা সহায় পাছত গৈ আপোনালোকৰ বাবে বহুত লাভজনক হৈ পৰিব।


৫. বান্দৰ ঘৰলৈ অহা-  যদি কোনোবা বান্দৰ আপোনালোকৰ ঘৰলৈ বাৰে-বাৰে আহে আৰু কিবা খাদ্য লৈ গুচি যায় বা বহুত দেৰি আপোনালোকৰ ঘৰত বহি থাকে তেতিয়া এইটো বহুত শুভ সংকেত বুলি ধৰা হয়।ভগৱান হনুমানে আপোনালোকৰ ঘৰলৈ আহিব লগা বিপদ বা কু-দৃষ্টিৰ পৰা আপোনালোক বা আপোনাক বচাবলৈ আহিছে। সেই কাৰণে আপোনালোকে সেই বান্দৰটোক বুট খাবলৈ দিব লাগে ।যাৰ ফলত ভগৱান হনুমানৰ পৰা আপোনালোকে আৰ্শীবাদ গ্ৰহণ কৰিব পাৰিব।


৬. ৰঙা বস্তু দেখা- যদি আপোনালোকে মঙ্গলবাৰৰ দিনা ভগৱান হনুমানৰ মন্দিৰলৈ যাওঁতে ৰাস্তাত ৰঙা ৰঙৰ বস্তু দেখে ।যেনে- ৰঙা ৰঙৰ কাপোৰ পিন্ধা মহিলা,ৰঙা কাপোৰ বা ৰঙা ৰঙৰ গৰু ইত্যাদি তেতিয়া হ'লে এইটো বহুত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল ভগৱান হনুমান আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Religious Studies )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages