ঘৰত থকা কাছৰ মূৰ্তিয়ে বনাব পাৰে আপোনাক ধনবান: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 1, 2021

ঘৰত থকা কাছৰ মূৰ্তিয়ে বনাব পাৰে আপোনাক ধনবান: Religious Studies

Religious Studies

বাস্তুশাস্ত্ৰৰ অনুসৰি কাছৰ মূৰ্তি ৰখাটো বহুত শুভ বুলি ধৰা হয়। হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ কুৰ্ম্ম অৱতাৰক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়। (Religious Studies)

কাছৰ মূৰ্তি কোন দিশত থব লাগে জানো আহঁক-


প্ৰায়ে মানুহৰ ঘৰত বা অফিচত কাছৰ মূৰ্তি থোৱা আমি সকলোৱে দেখিছোঁ। কিন্তু আপোনালোকে জানেনে যে এইটো কিয় ৰখা হয় আৰু ইয়াক ৰখা বা থোৱাৰ সঠিক দিশ কোনটো? আচলতে চীন বাস্তুশাস্ত্ৰৰ অনুসৰি কাছৰ মূৰ্তি ৰখাটো বহুত শুভ বুলি ধৰা হয়।হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ কুৰ্ম্ম অৱতাৰক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়। কাছৰ মূৰ্তিৰ ব্যৱহাৰ বহুত দিনৰ পৰাই কৰি অহা হৈছে আৰু আজিও ইয়াক শুভ ফল লাভ কৰিবলৈ উপয়োগ কৰা হয়।


বাস্তুশাস্ত্ৰৰ অনুসৰি কাছক ভগৱান বিষ্ণুৰ এটা ৰূপ বুলি ধৰা হয়। সেইকাৰণে ঘৰ বা অফিচত ইয়াক ৰাখিলে লক্ষ্মী দেৱীৰ আগমন হয়। ই ঘৰ বা অফিচলৈ সকাৰাত্মক শক্তিৰ আগমন ঘটাই। কিন্তু ইয়াক ৰাখোতে বা থওঁতে এটা কথাৰ ধ্যান ৰখাটো বহুত আৱশ্যক । সেইটো এইটো যে ইয়াক এটা নিশ্চিত বা নিৰ্দিষ্ট দিশত ৰাখিব লাগে। যদি ইয়াক ভুল দিশত ৰখা হয় তেতিয়া শুভৰ ঠাইত অশুভ পৰিণামহে দেখিবলৈ পোৱা যায়। 


বাস্তুশাস্ত্ৰৰ অনুসৰি মাটিৰ,কাঁচৰ বা চিঁচাৰ, ধাতু আদি কাছৰ মূৰ্তি শুভ বুলি ধৰা হয়। এতিয়া জানো আহঁক ইয়াৰ লগত জড়িত লাভ সমূহ-


১. আশা পূৰণ কৰিবলৈ-  বাস্তুশাস্ত্ৰৰ অনুসৰি কাছৰ মূৰ্তিৰ ব্যৱহাৰ আশা পূৰণ কৰিবলেও কৰা হয়। ইয়াৰ বাবে ধাতুৰে তৈয়াৰী কাছ কিনিব লাগে। যিটো খুলিব পাৰি। এখন হালধীয়া ৰঙৰ কাগজত নিজৰ আশা লিখি  সেই কাছটোৰ ভিতৰত থৈ দিয়ক। তাৰ পিছত কাছটো এখন ৰঙা ৰঙৰ কাপোৰত ৰাখি তাক এনেকুৱা এডখৰ স্থানত ৰাখক য'ত আপুনি সদায় চাই থাকিব পাৰে। এনেকুৱা কৰাৰ ফলত আশা বহুত সোনকালেই পূৰণ হয়। আশা পূৰণ হোৱা পাছত কাগজখন তাৰ পৰা আতঁৰাই দিব লাগে।


 ২.কাছয়ে নাকাৰাত্মক শক্তিৰ পৰা বচায়- বাস্তুশাস্ত্ৰৰ অনুসৰি কাছৰ মূৰ্তি ঘৰৰ পিছফালৰ অংশত ৰাখিব লাগে। এনেকুৱা কৰাৰ ফলত ঘৰত সকাৰাত্মক শক্তি বিৰাজমান হৈ থাকে। নাকাৰাত্মক শক্তিৰ পৰা ঘৰখনক বচাই ৰাখিবলৈ কাছৰ মূৰ্তি ঘৰৰ মুখ্য দুৱাৰত লগাব লাগে। আৰ্টিফিচিয়েল বাটাৰফ্লাই বা ফ্ৰিচ ট্ৰেংকৰ গুৰিত কাছৰ মূৰ্তি ৰখাটো শুভ বুলি ধৰা হয়।

(Religious Studies)


৩.ধনৰ লগত জড়িত সমস্যাৰ কাৰণে- আৰ্থিক অনাতন বা আৰ্থিক অৱস্থাৰ সৈতে যুঁজি থকা ব্যক্তিসকলক ঘৰত কাছৰ মূৰ্তি ৰাখিবলৈ উপদেশ দিয়া হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি এনেকুৱাত কাঁচৰ বা চিঁচাৰৰ কাছৰ মূৰ্তি ঘৰৰ ৰাখিব লাগে। ইয়াৰ দ্বাৰা ঘৰৰ মানুহবোৰৰ আয়ু দীঘলীয়া হয় আৰু বেমাৰ আজাৰো দূৰ হৈ থাকে।


৪.অফিচত থোৱা ফলত হ'ব লাভ-  নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে বা পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব যদি বিচাৰিছে তেতিয়া কাছৰ মূৰ্তি আপোনাৰ বাবে লাকী বা শুভ হ'ব পাৰে। অফিচত চিলভাৰৰ কাছৰ মূৰ্তি থব পাৰে। পৰীক্ষালৈ যোৱা সময়ত কাছৰ মূৰ্তি নিজৰ ওচৰত ৰাখিব লাগে। 


৫.সকলো কাছৰ মূৰ্তিৰ দিশ বেলেগ বেলেগ- মাটিৰে বনোৱা কাছৰ মূৰ্তি উত্তৰ-পূব দিশত, মধ্য বা দক্ষিণ-পশ্চিম দিশত থব বা ৰাখিব লাগে। আকৌ ধাতুৰে তৈয়াৰী কাছৰ মূৰ্তি উত্তৰ বা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। মিশ্ৰিত ধাতুৰে তৈয়াৰী কাছৰ মূৰ্তি উত্তৰ দিশত ৰখাতো বা থোৱাতো শুভ বুলি ধৰা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages