NDFB ৰ প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ'জিট প্ৰমাণ পত্ৰ বিতৰণ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

NDFB ৰ প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ'জিট প্ৰমাণ পত্ৰ বিতৰণ : Assamese News

Assamese News

 আজি তামুলপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হিংসা ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ বিভিন্ন গোটৰ ১,১০৫জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ'জিট প্ৰমাণ পত্ৰ বিতৰণ কৰে। ( Assamese News )


মুখ্যমন্ত্ৰীয়ে ধনৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যত এক অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টাত সহায় কৰিবলৈ কেডাৰসকলক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনত আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক সবলীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে পুনৰ্সংস্থাপন কাৰ্যসূচীত বাদ পৰা কেডাৰসকলক তৃতীয় পৰ্যায়ৰ পুনৰ্সংস্থাপন পেকেজত অন্তৰ্ভুক্ত কৰা হ'ব যাতে তেওঁলোকৰ যোগেদিও অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পৰা যায়।  ( Assamese News )


বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক সুঁৱৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বি টি আৰত বাস কৰা লোকসকলৰ আশা-আকাংক্ষা পূৰণত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। বড়ো ভাষা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক এ পি এছ চি পৰীক্ষাত বড়ো ভাষাত লিখাৰ অনুমতি দিয়াৰ কথাও চিন্তা কৰা হৈছে। 


কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ উল্লেখ থকা ২৭ জানুৱাৰী, ২০২০ত স্বাক্ষৰিত বড়ো চুক্তিৰ বাবে মুখ্যমন্ত্ৰীয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়া আৰু অসমত শান্তিৰ এক নতুন যুগ আৰম্ভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বড়ো নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।


অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মাননীয় মন্ত্ৰীদ্বয় শ্ৰী ইউ জি ব্ৰহ্ম, শ্ৰীঅশোক সিংহল,  মাননীয় বি টি আৰু প্ৰমুখ শ্ৰীপ্ৰমোদ বড়ো, মাননীয় বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰী এল আৰ বিষ্ণই, মাননীয় প্ৰধান সচিব (গৃহ) শ্ৰীনিৰজ বৰ্মা।( Assamese News )

No comments:

Post a Comment

Advertisement

Pages