Money plant লগোৱাৰ পাছতো ধনৰ অভাৱ হোৱাৰ কাৰণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 7, 2021

Money plant লগোৱাৰ পাছতো ধনৰ অভাৱ হোৱাৰ কাৰণ : Assamese Fact

Assamese Fact


ঘৰত কিছুমান ফুলৰ পুলি বা গছৰ পুলি ৰোৱাটো বহুত শুভ বুলি মনা হয় । এই পুলিয়ে ঘৰলৈ সুখ আনে আৰু লগতে ধনেৰে ভৰপূৰ কৰি তোলে । কবলৈ গলে এনে পুলি ঘৰত থকা মানে মা লক্ষ্মী ঘৰত বাস কৰাৰ দৰে হয় । এই সৌভাগ্যশালী পুলিৰ ভিতৰত এটা হল মনি প্লান্ট । কিন্তু কিছুমান ব্যক্তিৰ ঘৰত এই পুলি থকাৰ পাছতো ধনৰ অভাৱ হোৱা দেখা যায় । ইয়াৰ পিছত কিছুমান কাৰণ দায়ী হব পাৰে । এই কাৰণসমূহ বাস্তু শাস্ত্ৰৰ সৈতে জড়িত ‌। ( Assamese Fact )


ধনেৰে ভৰপূৰ হবলৈ কেৱল মনি প্লান্ট লগালেই নহব , ইয়াৰ বাবে কিছুমান দৰকাৰী কথাবোৰ মনত ৰখাৰ প্ৰয়োজন অথবা ইয়াৰ পৰা কোনো ধৰণৰ লাভ নহব । 


১) মনি প্লান্ট পৰা শুভ ফলাফল পাবৰ বাবে মনি প্লান্ট শুভ দিশত ৰখাটো প্ৰয়োজন । মনি প্লান্ট লগাবলৈ সকলোতকৈ ভাল দিশটো হল দক্ষিণ - পূৱৰ মধ্য স্থান । যাক অগ্নিয় কোণ বুলিও কোৱা হয় । এই দিশত মনি প্লান্ট লগালে সকলোতকৈ বেছি লাভ হয় ।


২) সাধাৰণতে মানুহে মনি প্লান্টক বেলকনি বা বাহিৰত লগায় যাতে তাৰ শাখাবোৰ সুন্দৰকৈ বাঢ়ি যাব পাৰে দেখিবলৈ ধুনীয়া লাগে । কিন্তু বাস্তু অনুসৰি এনে কৰিলে কোনো ধৰণৰ লাভ নহয় । মনি প্লান্ট পৰা পোৱা শুভ প্ৰভাৱক লাভ কৰিবলৈ ঘৰৰ ভিতৰত লগাব লাগে , তেতিয়াহে ঘৰত সুখ- সমৃদ্ধি আহে । ( Assamese Fact )


৩) মনি প্লান্টক তাপত লগোৱাৰ সলনি সেউজীয়া অথবা নীলা বটলত ৰাখিব । সেউজীয়া ৰঙক উন্নতিৰ প্ৰতীক হিচাপে মনা হয় । সেউজীয়া বটলত মনি প্লান্ট লগালে তাৰ সাকাৰাত্মক প্ৰভাৱ বহুত বেছি বাঢ়ি যায় আৰু ঘৰত ধন উপচি পৰিবলৈ বেছি সময় নালাগে । মাটিৰ তাপতো লগাব পাৰে । 


৪) ঘৰত কেতিয়াও শুকাই যোৱা মনি প্লান্ট ৰখাৰ ভুল নকৰিব । এনেকুৱা কৰিলে ঘৰলৈ দৰিদ্ৰতাক নিয়ন্ত্ৰণ দিয়াৰ দৰে হয় । 


৫) মনি প্লান্টৰ পৰা সম্পূৰ্ণ লাভ পাবলৈ এটা কথা সুনিশ্চিত কৰক যে মানি প্লান্টৰ মুখ সদায় ওপৰ ফালে থাকে । তলৰ ফালে উলমি বাঢ়ি যোৱাটো অশুভ বুলি মনা হয় । 


( ইন্টাৰনেটৰ পৰা সংগ্ৰহিত ) 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages