সংক্ৰমণ বা বেমাৰৰ পৰা বাচিবলৈ ভিটামিন C ব্যৱহাৰ কৰক: Assamese Health tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 6, 2021

সংক্ৰমণ বা বেমাৰৰ পৰা বাচিবলৈ ভিটামিন C ব্যৱহাৰ কৰক: Assamese Health tips

Assamese Health tips

ভিটামিন C ৰ অভাৱত Immunity দূৰ্বল হৈ পৰে।যাৰ ফলত যিকোনো সংক্ৰমণ বা বেমাৰ অতি সোনকালেই প্ৰভাৱিত হয়।এই ফল আৰু শাক-পাচলি সমূহ নিজৰ Diet ত সংযোগ কৰি লৈ ভিটামিন C ৰ অভাৱক পূৰণ কৰিব পাৰিব। (Assamese Health tips)


ঠাণ্ডা দিনত ফল আৰু শাক-পাচলি ভৰপূৰ হিচাপে পোৱা যায়। সেউজীয়া শাক-পাচলি যেনে- Broccoli ৰ পৰা মৌচুমী টেঙালৈ,আমলখি আদি এই ঠাণ্ডা দিনকেইটাতে পোৱা যায়।এই ফল আৰু শাক-পাচলিবোৰে মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই। ঠাণ্ডা দিনত আমাৰ Immunity বহুত দূৰ্বল হৈ পৰে। ইয়াৰ পৰা বাচিবলৈ আপোনালোকে ভিটামিন C ৰে ভৰপূৰ খাদ্য খাব লাগিব। ভিটামিন C য়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই, বাঢ়ি যোৱা বয়সক ৰখোৱা আৰু শৰীৰটোক সংক্ৰমণৰ পৰা বচাই ৰখাৰ কাম কৰে।ভিটামিন C ত ভৰপূৰ Antioxidants পোৱা যায়। যাৰ ফলত শৰীৰটো Detox হয়। চুলি আৰু ছালৰ বাবেও মানুহক ভিটামিন C ৰ বহুত প্ৰয়োজন হয়। এনেকুৱাত আপোনালোকে ভিটামিন C ৰে ভৰপূৰ ফল আৰু শাক-পাচলিৰ সেৱন কৰিব লাগে।


(ক)ফলমূল-


১. মৌচুমী টেঙা-  মৌচুমী টেঙা ভিটামিন C ৰে ভৰপূৰ ফল। মৌচুমী টেঙাত Fat, Cholesterol আৰু Sodium বহুত কম থাকে।মৌচুমী টেঙা খালে হৃদয় আৰু চকু ভাল হৈ থাকে। ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে।


২. মধুৰী- ভিটামিন C ৰ সস্তা আৰু ভাল উপকৰণ হ'ল মধুৰী। মধুৰীত মৌচুমী টেঙাতকৈ বহুত বেছি গুণে ভিটামিন C পোৱা যায়।যাৰ ফলত Immunity মজবুত হয়।এটা মধ্যমীয়া আকাৰৰ মধুৰীত ২০০ গ্ৰাম পোষক তত্ব পোৱা যায়।



৩. অমিতা-অমিতা পাচন প্ৰক্ৰিয়াৰ বাবে বহুত ভাল বুলি ধৰা হয়। অমিতাত ভিটামিন C বহুত বেছি পোৱা যায়। যাৰ ফলত আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে।


৪. মাটিকঁঠাল- ভিটামিন C ৰ বাবে আপোনালোকে মাটিকঁঠালো খাব পাৰে।যাৰ ফলত Immunity মজবুত হয়। লগতে ই আমাৰ শৰীৰৰ হাড়বোৰকো মজবুত কৰি তোলে। মাটিকঁঠালত মেগনিজো পোৱা যায় যিটো অন্য ফলত কমকৈ থাকে। একাপ মাটিকঁঠালত প্ৰায় ৭৯মিলিগ্ৰাম ভিটামিন C থাকে।


৫. কিউবি-ভিটামিন C ৰ বাবে কিউবিও বহুত ভাল ফল। এটা কিউবিয়ে আপোনালোকক প্ৰায় ৮৫ মিলিগ্ৰাম ভিটামিন C দিয়ে। ইয়াৰ ওপৰিও ইয়াত ভিটামিন E বহুত বেছি পৰিমাণে পোৱা যায়।

Assamese Health tips)

(খ) শাক-পাচলি- 


১.বিলাহী- বিলাহীত ভিটামিন C ভৰপূৰ মাত্ৰাত পোৱা যায়। শাক-পাচলি বা চাটনি লগত বিলাহী দি খালে ভিটামিন C অভাৱ পূৰণ হ'ব।


২. ব্ৰক'লি- সেউজীয়া শাক-পাচলিটো ভিটামিন C পোৱা যায় ।ব্ৰক'লি ভিটামিন Cৰ এটা ভাল উপাদান।ব্ৰক'লিত ভিটামিন Cৰ  বাহিৰেও ফ্ল'লেট, আয়ৰণ আৰু ভিটামিন A ও পোৱা যায়।


৩. আলু- আলুটো ভিটামিন C পোৱা যায়।আলু সকলোৰে ঘৰত ব্যৱহাৰ কৰা হয়।আলুত পটাচিয়ামৰ মাত্ৰাও অধিক থাকে।


৪.আমলখি- শাক-পাচলি ভিতৰত আমলখিত ভিটামিন C বহুত বেছি পোৱা যায় বা ই বহুত ভাল উপকৰণ। আমলখিক ভিটামিন Cৰ ভান্দাৰ বুলি কোৱা হয় । মধ্যমীয়া আকাৰৰ আমলখিত প্ৰায় ৬০০ মি.গ্ৰাম ভিটামিন C থাকে।


৫. নেমু- আপোনালোকে সদায় খাদ্য খাওঁতে নেমুৰ ব্যৱহাৰ কৰক। নেমু টেঙাত বহুত বেছি পৰিমাণে ভিটামিন C পোৱা যায়। ইয়াৰ দ্বাৰা আপোনালোকে সদায় প্ৰয়োজন হোৱা ভিটামিন C অভাৱক পূৰণ কৰিব পাৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Health tips)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 









No comments:

Post a Comment

Advertisement

Pages