মাহেকীয়া হলে এগৰাকী নাৰীৰ প্ৰকৃততে চুৱা লাগে নে পবিত্ৰ হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 23, 2021

মাহেকীয়া হলে এগৰাকী নাৰীৰ প্ৰকৃততে চুৱা লাগে নে পবিত্ৰ হয় : Assamese Fact

 

Assamese Fact

ৰাতিপুৱাই পত্নীয়ে  সোনকালে  উঠাই দি কলে , হেৰী উঠকচোন সোনকালে । মোৰ অসুবিধা হৈছে । চুৱা লাগিছে , ভাত আপুনি বনাব লাগিব ।   Assamese Fact ) 


মই বিচনাৰ পৰা উঠি তেওঁক কলো .. 


হব দিয়া , ভাত বাৰু মই বনাম । কিন্তু এই তোমাৰ চুৱা লগাটো হে ভুল কথা  কলা তুমি ।  

পত্নীয়ে তেতিয়া মোক কলে  , ' মাহেকীয়াৰ এই চাৰিদিন মহিলাৰ চুৱা লাগে আৰু  এই কেইটা দিন একো কৰিব নাপায় । পাকঘৰ , মন্দিৰ আদিত যাব নোৱাৰে । আনকি বেলেগক চুবও নাপায় ।  এইবোৰ কৰিলে গোটেই ঘৰ চুৱা লাগে ।  সেয়েহে এই কেইটা দিন আছুটীয়াকৈ বেলেগ কোঠাত থকা নিয়ম । 


তাৰ পিছত মই তেওঁক বুজাই কলো ... 


আচলতে কথাটো তুমি ঠিকেই কৈছা , কিন্তু কথাটো ওলোটাকৈ হে বুজিছা ।  এগৰাকী মহিলাৰ এই কেইটা দিন  পবিত্ৰ দিন । এই কেইটা দিনত মহিলা এগৰাকী পবিত্ৰ হয় । মহিলা গৰাকীৰ গাত কোনো চুৱা নাথাকে ।  তেওঁ পবিত্ৰ হয় বাবে বাকী অপবিত্ৰ মানুহে তেওঁক চুব নালাগে বা তেওঁৰ সংস্পৰ্শলৈ আহিব নালাগে । 

তাৰ পিছত পত্নীয়ে মোক কলে যে এইটো আকৌ আপুনি  কেনেকুৱা কথা কলে ।  মহিলা গৰাকীৰ মাহেকীয়া হোৱা সত্বেও কিদৰে পবিত্ৰ হৈ থাকে ।  Assamese Fact ) 


তাৰ পিছত তেওঁক বুজাব গৈ মই কলো ... 


আচলতে মাহেকীয়া ধৰ্মৰ এই ৪ টা দিন এগৰাকী মহিলা পবিত্ৰ হয় । মাহেকীয়া আৰম্ভ  হলে মহিলাগৰাকীৰ গৰ্ভাশয়ৰ মুখ খোলা খায় আৰু তাত জমা হৈ থকা ঋতুস্ৰাৱ  বাহিৰ হয়   । ঋতুস্ৰাৱ কোনো তেজ নহয়  । যিদৰে এটা গিলাচত পানী ঢালি থাকিলে এটা সময়ত উপচি পৰিব , ঠিক সেইদৰেই মহিলাৰ প্ৰজনন ক্ৰিয়াৰ বাবে উৎপন্ন হোৱা ডিম্বাণু এটা সময়ত অৰ্থাৎ মাহত এবাৰ শৰীৰৰ বাহিৰ হৈ যায় । এই ঋতুস্ৰাৱ সম্পূৰ্ণ বাহিৰ ওলাবলৈ ৪-৫ দিন সময় লাগে   ।  যদি এই ঋতুস্ৰাৱ অপবিত্ৰ হয় , তেন্তে পৃথিৱীৰ প্ৰতিটো জীৱই অপবিত্ৰ ।। 

তাৰ পিছত পত্নীয়ে সুধিলে , তেন্তে আমাক চুৱা লগা বুলি কিয় কয় আৰু কিয় আছুটীয়াকৈ থাকিব দিয়ে । 


তাৰ পিছত মই তেওঁক বুজাই কলো ... 


আচলতে ইয়াৰ কাৰণ বেলেগ আছে ।। গৰ্ভাশয়ৰ মুখ এই কেইদিন খোলা থকাৰ উপৰিও এই কেইদিন মহিলাৰ চালৰ ছিদ্ৰবোৰ খোল খাই যায় । চালৰ ছিদ্ৰৰ উপৰিও চুলিৰ গুৰিবোৰ খোল খাই যায় । এই  সময়ত গৰ্ভাশয়ত যাতে বাহিৰৰ পৰা কোনো সংক্ৰমণ হব নোৱাৰে  বা বাহিৰৰ ধূলি-মাকটি  বা কোনো বীজাণু যাতে গৰ্ভাশয়ৰ ভিতৰত সোমাব নাপায় , সেইবাবে মহিলাসকলক আছুটীয়াকৈ  থাকিব দিয়া হয় । ঘৰৰ বাকী মানুহৰ সংস্পৰ্শলৈ আহিলে বাকী মানুহৰ শৰীৰৰ পৰা যিকোনো বীজাণু বীয়পি যাব পাৰে । গতিকে আছুটীয়াকৈ থাকিলে এইকেইটা দিন ভাল । এই কেইটা দিনত চালৰ ছিদ্রবোৰ খোলা থাকে বাবে কোনো ধৰণৰ চাবোন জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে । নহলে ৰাসায়নিক দ্ৰব্য চালৰ ভিতৰত সোমাই চালৰ ৰোগ কৰিব পাৰে । সেইবাবে এই কেইদিন চাবোন লগাব নালাগে । চতুৰ্থ দিনা ঋতুস্ৰাৱ নিৰ্গত হোৱা প্ৰায় শেষ হয় আৰু লাহে লাহে চালৰ ছিদ্রবোৰ বন্ধ হৈ যায় ।  গৰ্ভাশয় সম্পূৰ্ণ বন্ধ হবলৈ ১২-১৬ দিন সময় লাগে । 


যদি কেতিয়াবা সময়ত নহয় ,তেতিয়া মুখত বা শৰীৰত ঘামচি বা শালমইনাৰ নিচিনা দেখা দিয়ে আৰু যিদিনা মাহেকীয়া আৰম্ভ হয় , সেইদিনাই সেইবোৰ নাইকিয়া হয় । ইয়াৰ কাৰণ হল চালৰ ছিদ্রবোৰ খোল খাই ভিতৰত জমা হোৱা তেলজাতীয় বস্তুবোৰ নিৰ্গত হৈ চালটো সজীৱ হয় আকৌ ।


মানুহৰ ঘৰত লেতেৰা ঠাইৰ ভিতৰত পাকঘৰটোও পৰে ।  কিয়নো পাকঘৰত বিভিন্ন ধৰণৰ ব্যঞ্জন বনাওঁতে সেইবোৰ ধোঁৱাৰ লগত উৰি ওপৰত বা বেৰত লাগি ধৰে । তাত বিভিন্ন ধৰণৰ বীজাণু থাকে ।  সেইবাবেই পাকঘৰত প্ৰৱেশ কৰাটো নিষেধ থাকে । গতিকে ঋতুস্ৰাৱৰ এই কেইটা দিন মহিলা এগৰাকী পবিত্ৰ হৈ থাকে বাবে বাকী অপবিত্ৰ বস্তুবোৰৰ পৰা আঁতৰি অলপ আছুটীয়াকৈ থকাটো  ভাল ।  


ইয়াৰ বাহিৰে বেলেগ একো চুৱা  বুলি কথা নাই ।। 

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages