মকবুল আৰু মৰমী এই দুই দম্পত্তিৰ সংসাৰত প্ৰথম সন্তানৰ জন্ম হ'ল।ছোৱালী সন্তান।নাম ৰাখিলে"মাজনী"।( Assamese Fact )
খুবেই ধুনীয়া তাই।দেখাত একদম মায়াবী।গালত কোমল মাংস।যিকোনো এজনে দেখিলেই মৰম কৰিবলৈ আগবাঢ়ি যায়। প্রথম সন্তান, গতিকে যত্নৰ কোনো ধৰনেই কম হোৱা নাই।সুস্থ্য স্বাভাৱিক ভাবেই ডাঙৰ হৈ থাকিল মাজনী।
এদিনাখন,
ছোৱালীজনীৰ বয়স পাঁচ মাহ।তেতিয়া শীতকাল।চোতালত ছোৱালী জনীক লৈ মৰমীয়ে ৰ'দ পোৱাই আছিল।ৰাতিপুৱাৰ ৰ'দটো কেচুৱাৰ বাবে বৰ উপকাৰী।কেচুৱাটোক তাৰ ঝুলনাত উঠোৱাই ৰ'দত শুৱাই দিলে। হঠাৎ সেই ঠাইলৈ আহিল কাষৰ ঘৰৰ আকবৰ।কেচুৱাটোৰ সম্পৰ্কত খুড়া তেও। তেও আহিয়েই মাজনীক কোলাত উঠাই ললে।আৰু গালত উম্মাহ বুলি চুমা এটা দিলে।মৰম কৰি আছিল।হহুৱাবলৈ চেষ্টাও কৰিছিল।কিছু সময়ৰ পিছত তেও মাজনীক আকাশৰ পিনে দলিয়াই দি আকৌ বল ধৰাৰ দৰে কেচ ধৰিছে।যাৰ ফলত মাজনীৰ মনত খুবেই ফুৰ্টি। মৰমীও চাই চাই হাঁহিছে।ছোৱালীয়ে হাঁহিলে যিকোনো মাকৰেই ভাল লাগে।মৰমীৰো ভাল লাগি আছে নহয়!আৰু অকল আকবৰ কিয়!বহুতে এইদৰে খেল খেলে শিশু ল'ৰা-ছোৱালী পালে।আকবৰে আকৌ মাজনীক আকাশৰ পিনে এৰি দি আকৌ কেচ ধৰিলে।
কিন্তু এয়া কি হ'ল? মৰমীৰ হাঁহি বন্ধ হৈ গল।তাই আৰু নহহাঁ হ'ল!তাই চকুযোৰ বন্ধ কৰি আছে। আকবৰ বৰ ভয় পাই গল।তেও মৰমীক মাত লগালে।মৰমীয়ে দৌৰি আহি মাজনীক কোলাত ললে।তাই বেলেগ বেলেগ নামলৈ মাজনীক মাতিব ধৰিলে।যিটো আমি সচৰাচৰ মাতি থাকো।হাতেৰে চকু খোলাৰ চেষ্টা কৰিলে। কিন্তু নহয়! মাজনীৰ চকু খোল খোৱা নাই। চিয়ৰি চিয়ৰি কান্দি দিলে মৰমীয়ে। ঘৰৰ সকলোৱে আহি উপস্থিত হ'ল।সকলোৱে পৰাপক্ষত চেষ্টা কৰিলে মাজনীক জগোৱাবলৈ।কোনেও নোৱাৰিলে।( Assamese Fact )
এই দৃশ্য দেখি মৰমীয়ে চোতালত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে।জৰুৰীকালীন ভাবে মাজনীক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। ইমাৰ্জেঞ্চিত লৈ যোৱাৰ পিছত ডাক্টৰে পৰীক্ষা কৰি চাই কলে-দুৰ্ভাগ্য!তাই আৰু নাই!তাই আৰু নাহাঁহে! চিৰদিনৰ বাবে তাইৰ হাঁহি বন্ধ হৈ গৈছে।মৰমী জ্ঞানহীন হৈ যায়।একমাত্ৰ ছোৱালীজনীক হেৰুৱাৰ দুখ তাই সহ্য কৰিব পৰা নাই।ঘৰৰ পিছফালেই তাইক দাফোন কৰা হ'ল।মাজে মাজেই পাগলৰ দৰে আচৰণ কৰে মৰমী।ছোৱালীৰ কবৰৰ ওচৰত দৌৰি যায় আৰু আহে।মুখেৰে কিবা যেন মাতি থাকে তাই।কিন্তু বুজি পোৱা নাযায়। মাজনীক কোনোমতেই পাহৰিব পৰা নাই তাই।খোৱা-বোৱা একোৱে নকৰে।লাহে লাহে শুকাই গৈ আছে তাই।মকবুলে একো উপায় বিচাৰি নাপাই মৰমীকলৈ অইন ঠাইলৈ গুচি যায়।
সাৰাংশঃ-
আমি সাধাৰনতে শিশুসকলক ওপৰলৈ উঠোৱাই আকৌ কোলাত লৈ আনন্দ পাই থাকো।শিশুৱেও পায়। কিন্তু শিশুৰ শৰীৰৰ অংগ সমুহ মেচিউৰ্ড হবলৈ ভালে খিনি সময় লাগে।অতি সহজতেই শিশুৱে
আঘাতপ্রাপ্ত হব পাৰে। মাজনীক যেতিয়া ওপৰলৈ বাৰে বাৰে দলিয়াই আৰু কোলাত লোৱা হৈছিল তেতিয়া তাইৰ মুৰৰ মগজুটোৱে বৰকৈ আঘাত পাইছিল। যিহেতু তাইৰ মগজুটো আছিল অতি কোমল আৰু মুৰত থকা হাড় কেইডালো আছিল কোমল।যাৰ ফলত মগজুৱে মুৰৰ হাড় কেইডালৰ লগত খুন্দা খাই মগজুৰ ধমনীটো চিঙি গৈছিল। ধমনী শিৰাত তেজ অহা-যোৱা কৰে।মগজুৰ ধমনীটো চিঙি তেজ প্ৰৱাহিত হবলৈ ধৰে মুৰত।তেজত গ্লুকজ থাকে। গ্লুকজ নাপালে মগজু ৪-৫ মিনিটৰ ভিতৰত মৰি যায়,লগতে জীয়াই থকা মানুহটোও।সকলো তেজ ধমনীৰে ওলাই আল্টিমেটলি ব্রেইন ডেথ হয় কনমানি মাজনীৰ।
গতিকে এইবোৰৰ বিষয়ে অলপ জ্ঞান আহৰন কৰাৰ প্ৰয়োজন আছে।সতর্ক হও।নিজেও ৰক্ষা পাওক আপোনাৰ আপোনজনকো ৰক্ষা কৰক।( Assamese Fact )
উৎস ঃ ফেচবুক।
No comments:
Post a Comment