Attitude কেনেধৰণৰ হব লাগে জানোঁ আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 3, 2021

Attitude কেনেধৰণৰ হব লাগে জানোঁ আহক : Assamese Fact

Assamese Fact
 

যেতিয়া 'Attitude'ৰ বিষয়ে ভৱা হয় তেতিয়া মনলৈ আহে যে আচলতে এই Attitude তো হয় কি? আমি সাধাৰণতে Attitude ক ভুল বুজি লওঁ অহংকাৰৰ সৈতে। আমি কোনো এজন কম কথা পতা ব্যক্তিৰ বিষয়ে ভাবো যে তেওঁৰ ইমান attitude আছে যে তেওঁ কাৰো লগত কথাই নাপাতে। আচলতে সেইয়া তেওঁৰ ' Ego' অহংকাৰ হয়।      ( Assamese Fact )


Attitude সকলো ব্যক্তিৰ মাজত  থাকে। আপোনাৰ মোৰ প্ৰত্যেকৰে মাজত Attitude আছে। কিন্তু আপোনাৰ Attitude এনেধৰণৰ  নেকি যে যিকোনো ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হৈ যায়? হয়তো হবও পাৰে অথবা নহবও পাৰে । আপোনালোকক জনাম যে কেনেকুৱা Attitude ( মনোবৃত্তি) ৰাখিলে আপোনাৰ প্ৰতি কোনো ব্যক্তি আকৰ্ষিত হব ।  


এই লিখনিটোৰ মতে Attitude ত দুটা বস্তু থাকে। প্ৰথমটো হৈছে 'way of talking' (কথা কোৱাৰ ধৰণ) আৰু দ্বিতীয়টো হৈছে 'Looks' ( আপোনাৰ কাপোৰ পিন্ধাৰ ধৰণ, আপোনাৰ ব্যক্তিত্ব) ।


প্ৰথমতেই আহিছোঁ ব্যক্তিত্বৰ বিষয়ে- 

যিবোৰ ব্যক্তিত্ব সাধাৰণ আৰু নম্ৰ হয় মোৰ মতে সেই ব্যক্তিত্ব উত্তম হয়। আপুনি যদি এজন নম্ৰ ব্যক্তিত্বৰ অধিকাৰী হয় তেন্তে এনে ব্যক্তিত্বই আটাইতকৈ ভাল হয় কোনো এজন ব্যক্তিক আকৰ্ষণ কৰিবলৈ। কিয়নো Simplicity সকলোৱে পছন্দ কৰে ,আপুনি যিমানে সাধাৰণ ভাবে থাকে সিমান আপোনাক মানুহে ভাল পাব। বন্ধুসকল অজিব ধৰণৰ কাপোৰ পিন্ধা, অজিব  ধৰণে চুলি কটা এইবোৰ প্ৰায় ৫০% ৰ পৰা ৭০% লোকেহে পছন্দ কৰিব। কিন্তু আপোনাৰ সাধাৰণ ব্যক্তিত্বক ১০০% মানুহে পছন্দ কৰিব। গতিকে ১০০% মানুহে পছন্দ কৰাটোৱেই হৈছে আটাইতকৈ ভাল। আপোনাৰ Attitude ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আপোনাৰ কথা কোৱাৰ ধৰণৰ দ্বাৰা। আপুনি কিদৰে নিজৰ কথাবোৰ প্ৰকাশ কৰিছে, যদি আপোনাৰ কথা কোৱাৰ ধৰণ ধুনীয়া হয় তেন্তে আপোনাৰ প্ৰতি যিকোনো ব্যক্তি আকৰ্ষিত হব পাৰে। মানুহৰ মন আপুনি কথাৰে জয় কৰিব পাৰে। যদি আপোনাৰ ব্যৱহাৰ, কথা পতাৰ ধৰণ ধুনীয়া হয় তেন্তে সকলোৱে আপোনাৰ লগত কথা পাতিবলৈ উৎসুক হৈ থাকিব। যদি আপোনাৰ কথা পতাৰ ধৰণ ভাল নহয় তেতিয়া আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাৰ লগত কথা পাতি বিৰক্তি অনুভৱ কৰিব ।

যদি আপোনালোকে কথাৰে কোনো লোকক আকৰ্ষণ কৰিব বিচাৰে তেন্তে এই কেইটা বিষয়ে ভালকৈ জানি লওক । যদি এইকেইটা বিষয়ে আপুনি ভালদৰে জানি লয় তেন্তে নিশ্চয়কৈ আপুনি কোনো লোকক সহজতেই আকৰ্ষণ কৰিব পাৰিব।


 ১/ '" Inferior and Superior" 

বন্ধুসকল , যেতিয়া আপোনালোকে কাৰোবাৰ লগত কথা পাতে তেতিয়া এইটো নাভাবিব যে সেই ব্যক্তিজন আপোনাতকৈ ডাঙৰ বা সৰু হয়। কিন্তু ইয়াৰ অর্থ এইটো নহয় যে আপুনি ডাঙৰ ব্যক্তি এজনৰ সন্মুখত যিকোনো ধেমেলীয়া কথা কৈ দিব। আপুনি কেতিয়াও নাভাবিব যে কোনো এজন ব্যক্তিয়ে আপোনাতকৈ বেছিকৈ জানে, বা সেই ব্যক্তিজন আপোনাতকৈ বেছি শিক্ষিত হয় আৰু ধনী হয়। যদি আপুনি কোনো এজন ব্যক্তিক আপোনাতকৈ বেছি superior বুলি ভাবে তেন্তে আপুনি সদায় তল পৰি থাকিব। অৰ্থাৎ আপুনি সেই ব্যক্তিজনৰ সন্মুখত নিজকে ভালদৰে প্ৰকাশ কৰিব নোৱাৰিব। আপুনি সেই ব্যক্তি জনৰ লগত মিলিব নোৱাৰিব। ঠিক একেদৰেই আপুনি নাভাবিব যে কোনো এজন ব্যক্তি আপোনাতকৈ দুৰ্বল হয়। অৰ্থাৎ আপুনি নাভাবিব যে সেই ব্যক্তিজনে আপোনাতকৈ কমকৈ জানে বা আপোনাতকৈ দুখীয়া হয়। যদি আপুনি এনেদৰে ভাবে তেন্তে সেই ব্যক্তিজনক আপুনি ভাল ব্যৱহাৰ কৰিব নোৱাৰিব।

যদি আপুনি কোনো এজন ব্যক্তিৰ লগত ভালদৰে কথা নাপাতে তেন্তে সেই ব্যক্তিজনে পুনৰ আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছুক নহব।( Assamese Fact )


 ২/ "Eye Contact" 

বন্ধুসকল যেতিয়া আপোনালোকে কোনো এজন ব্যক্তিৰ লগত কথা পাতে তেতিয়া তেওঁৰ লগত আপুনি যিমান সম্ভৱ চকুত চকু থৈ কথা পাতিবলৈ চেষ্টা কৰক। যদি আপুনি তেওঁৰ চকুলৈ চাই কথা নাপাতে তেন্তে তেওঁ ভাবিব যে আপুনি তেওঁৰ লগত কথা পতাত ইচ্ছুক নহয় অথবা আপুনি তেওঁৰ কথা বুজি পোৱা নাই। যদি আপুনি নিজকে এনেদৰে প্ৰকাশ কৰে তেন্তে দ্বিতীয়বাৰ সেই ব্যক্তিজনে আপোনাৰ লগত কথা পাতিব নিবিচাৰিব। আকৰ্ষিত হোৱাৰ কোনো সম্ভাৱনাই নাথাকে। 

যদি আপুনি নিজৰ কথাৰে কাৰোবাক আকৰ্ষিত কৰিব বিচাৰে তেন্তে তেওঁৰ কথাবোৰত গুৰুত্ব সহকাৰে লোৱাটো বহুত জৰুৰী হয়। এতিয়া আপোনাৰো নিজৰ ইচ্ছা কেনেকৈ প্ৰকাশ কৰিব? 


যদি কোনো এজন ব্যক্তিয়ে কৈছে যে তেওঁ যোৱাকালি ঠাই এখনলৈ ফুৰিব গৈছিল  আৰু যদি আপুনি কয় যে 'ঠিক আছে তেন্তে  বহুত ভাল কাম কৰিলা তালৈ গৈ' বুলি  তেন্তে ই তেওঁৰ কথাৰ প্ৰতি ইচ্চা প্ৰদৰ্শন কৰা নহয়। যদি আপুনি তেওঁক কয় যে" বন্ধু তুমি কি কৈছা? তুমি তালৈ  গৈছিলা । তুমি তাৰ কোন ঠাইলৈ গৈছিলা? সেই ঠাই খনৰ বিশেষ ঠাই কনলৈ গৈছিলা নে?  অকলেই গৈছিলা , মোক কিয় লৈ নগলা' ইত্যাদি ধৰণে যদি কয় তেন্তে তেওঁ ভাবিব যে আপুনি তেওঁৰ কথাৰ প্ৰতি ইচ্ছুক। এনেদৰে আপুনি তেওঁৰ কথাৰ প্ৰতি ইচ্চা প্ৰকাশ কৰিব পাৰে। যদি আপুনি তেওঁৰ কথাৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰে তেতিয়া তেওঁ দ্বিতীয়বাৰ মনৰ কথা আপোনাৰ আগত কেতিয়াও নকয়। এইবোৰ সৰু সৰু কথা আপুনি নিজৰ ব্যৱহাৰত আনিব লাগিব।

  

৩/ বন্ধুসকল যদি আপুনি বিচাৰে যে কোনো এজন ব্যক্তিয়ে আপোনাৰ কথাত গুৰুত্ব দিয়ে তেন্তে ইয়াৰ বাবে প্ৰথমে আপুনি তেওঁৰ কথা শুনিব লাগিব। যদি আপুনি কাৰো কথা নুশুনি কেৱল নিজৰ কথাবোৰেই কৈ থাকিব  তেতিয়া তেওঁ আপোনাৰ কথাত গুৰুত্ব নিদিয়ে। কিয়নো যদি আপুনি কাৰো কথা শুনা নাই তেন্তে আপোনাৰ কথা কোনোবাই কিয় শুনিব?  গতিকে যদি আপোনাৰ কথাত কোনোবাই ইচ্ছা প্ৰকাশ কৰাটো বিচাৰে তেন্তে প্ৰথমে আপুনি তেওঁৰ কথা শুনি লওক। যেতিয়াই আপুনি এইবোৰ কথা নিজৰ ব্যৱহাৰত অন্তৰ্ভুক্ত কৰিব  , তেতিয়া আপোনা আপুনিকৈ নিজৰ Attitude , ব্যক্তিত্ব ভাল হৈ পৰিব। আৰু সকলোৱে আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হব। 

  ৪/ " Down to Earth" 

বন্ধুসকল যদি সঁচাকৈয়ে আপোনালোকে নিজৰ কথাৰে সকলোকে আকৰ্ষিত কৰিব বিচাৰে তেন্তে নিজকে সদায় ওপৰত ৰাখি অৰ্থাৎ অহংকাৰ কৰি কথা নকব। সদায় বন্ধুত্বসুলভ হবলৈ চেষ্টা কৰক। নিজক লৈ কেতিয়াও অহংকাৰ নকৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages