লক্ষ্য নথকা মানুহ বঠা নোহোৱা নাওঁৰ নিছিনা : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

লক্ষ্য নথকা মানুহ বঠা নোহোৱা নাওঁৰ নিছিনা : Assamese Viral Post

Assamese Viral Post

 লক্ষ্য নথকা মানুহ বঠা নোহোৱা নাওঁৰ  নিছিনাই মোৰো অৱস্হা ..PhD ত চিট পাই পঢ়ি থাকোতেই Assam Administrative Staff College ত সেই সময়ত বিনামুলীয়া UPSC ৰ কাৰণে Coaching ৰ এড ওলাইছিল ।( Assamese Viral Post )

..খুৰাই ক’লে দি চা ..মনত সাহস কম..মই আৰু UPSC ? তাতে অসমীয়া মাধ্যমৰ পৰা কিবাকে কলেজৰ দেওঁনা পাৰ হোৱা .ট্যুৰিজিম কৰি থাকোতেই কম খন লটি ঘটি হোৱা নাই ..হলেওঁ দি থওঁ ..


"জীৱনত আমি এটা বা দুটা বছৰ কষ্ট কৰি যদি গোটেই জীৱনটো নিচিন্ত মনে কটাব পাৰো সেয়া নৰকো কিয় "- ফৰ্মখন ফিলআপ কৰি থাকোতেই লগৰজনীয়ে ক’লে ..নাজানো কিয় এই কথাৰে মোক নতুনকে ভবাই তুলিলে ..


স্টাফ কলেজৰ ক্লাছবোৰ মোৰ কাৰণে এটা বাট মুকলি কৰি দিছিল ..মোৰ পঢ়াত অসুবিধা নহ’বলৈ খুৰাই হোষ্টলত নাৰাখি এটা ধুনীয়া ৰুমৰ ব্যবস্হা কৰিছিল ,সেই ঘৰটো মোৰ কাৰণে মোৰ নিজা পৃথিৱী এখন হৈছিল ..খুৰাই মোৰ পঢ়া তদাৰক কৰিছিল আৰু মামাই মোৰ সুবিধা হোৱাকৈ নোটচ্ বনাই দিছিল..মোৰ ধুনীয়া পঢ়া টেবুলখনত লিখি থোৱা আছিল 'Suffer now and live rest of your life as a champion"..খুৰাই মোৰ পঢ়া ৰুটিন বনাই দিছিল ..


UPSC ৰ ক্লাছ কৰি থাকোতেওঁ মোৰ বাৰে বাৰে লাগিছিল মই UPSC নহয় APSC ৰ কাৰণেহে ভবা উচিত.. তেতিয়া Staff College ৰ ক্লাচ এৰি APSC ৰ কাৰণেই জোৰ দিছিলো ..( Assamese Viral Post )


খুৰাই তেতিয়া মোক কিছুমান কামত বাধা দিছিল .-ক্লাচৰ পৰা ওলাই অত তত ঘুৰা ফুৰা কৰা বা আদ্দা মাৰিব নিদিছিল..ক্লাছ শেষ হোৱাৰ অলপ আগতেই গৈ খুৰাই ৰৈ আছিল ..

-ফুৰিব মন গ’লে দিনটোৰ কাৰণে নিজেই লৈ গৈছিল..

-ৰাতি 9টাৰ পিছত মবাইল অফ কৰিব লাগিছিল..কিবা নেটত চাব থাকিলে ব্যবহাৰ কৰিবলৈ টেব লৈ দিছিল.

-ফেচবুক ডি একটিভেট কৰি দিছিল

-নিগেটিভ কথা ভবা বা কোৱা  মানুহৰ  (লাগিলে সেয়া মোৰ ঘৰৰে হওঁক বা বন্ধুৱে হওঁক)পৰা আতৰত থাকিব কৈছিল..


প্ৰথমবাৰ  Vivaত পাছ কৰিব পৰা নাছিলো ..বিভিন্ন কথাই থকা সৰকা কৰিছিল ..মায়ে কৈছিল মানুহৰ কথাত মুৰ ঘমাব নালাগে ..আমি দেখিছো তোৰ কষ্ট..খুৰাই কৈছিল সময়বোৰ মানুহৰ কথাত নষ্ট নকৰিবি ,তই নোশোৱালে আমিওঁ সাৰে থাকো..কোৱা মানুহবোৰেতো নাজানে ..কথাবোৰে সাহস দিয়ে..যোৱাবাৰ কত কি ভুল হ’ল তাক অলপ পৰ্যালোচনা কৰো..আকৌ আগবাঢ়ো ..


APSC ত মোৰ Optional আছিল শিক্ষা আৰু অসমীয়া ..দুয়োটাই মোৰ প্ৰিয় বিষয় .. ক্লাচৰ কিতাপৰ তলত লৈ পঢ়া গল্প উপন্যাসবোৰে মোৰ বহুত কামত দিছিল..


মোৰ এই দীঘলীয়া সময়খিনিত মই হয়তো বহু মনে বিছৰা কাম কৰিব পৰা নাছিলো নিজকে এটা ৰুমত আবদ্ধ কৰি ৰাখিছিলো ..কিন্তু জীবনটো গঢ়িবলৈ আবেগিক নহৈ কেতিয়াবা প্ৰেকটিকেল হোৱাটো দৰকাৰী... ( Assamese Viral Post )

           

-Bhanita Nath APS

উৎস ঃ ফেচবুক

No comments:

Post a Comment

Advertisement

Pages