১) সাধাৰণ হোটেলৰ সাধাৰণ চাইনবোৰ্ডত লিখা থাকে -"ইয়াত ভাত, ৰুটী, মাছ, মাংস, কণী/অমলেট পোৱা যায়।" ফাষ্টফুট জাতীয়বোৰত থাকে "ইয়াত পোলাও, চাউমিন, ম'ম', চাহ,কফি পোৱা যায়।" এই চাইনবোৰ্ড গ্ৰাহকৰ বাবে যথেষ্ট।( Assamese Viral Post )
২) এতিয়া ধাবা আৰু 'এথনিক' টাইপৰ হোটেল কিছুমানত নতুন চাইনবোৰ্ড লাগিছে। -"ইয়াত 'টোপোলা ভাত' পোৱা যায়।" কিয়? "টোপোলা ভাত" পোৱা যায় বুলিনো কিয় বেলেগে বিজ্ঞাপন (চাইনবোৰ্ড) দিব লাগে! কথাটোৱে ইয়াক সূচায় যে 'টোপোলা ভাত' ভাত যদিও বেলেগ।
৩) এই বেলেগ বোলাটোতেই কেলেংকাৰীৰো আৰম্ভ হৈছে।
৪) 'টোপোলা ভাত'কলৈ কোনোবাই (জনগোষ্ঠী) পেটেণ্ট লৈছে, পাইছে নেকি? আমি নাজানোঁ। (অন্য থলুৱা নামেৰে পাবও পাৰে।) হ'লেও এইটো ঠিক যে 'টোপোলা ভাত' কেইটামান জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য আৰু ৰন্ধন প্ৰকৰণ।
৫) সংশ্লিষ্ট জনগোষ্ঠীৰ মাজতে প্ৰচলন হৈ হৈ, সংশ্লিষ্ট জনগোষ্ঠীৰ সংস্পৰ্শলৈ অহাসকলৰ মাজত জনপ্ৰিয় হৈ হৈ এতিয়া 'টোপোলা ভাত'এ বাণিজ্যৰ জগতখনত ভৰি দিছে। স্বাভাৱিক কথা। চাহিদা থাকিলে বাণিজ্য হ'বই। হওক।( Assamese Viral Post )
৬) এনেকুৱাও হয়তো হৈছে বা হ'ব যে সংশ্লিষ্ট জনগোষ্ঠীৰ লোক এজনতকৈ 'প্ৰফেচনেল চেফ' এজনেই বেছি ধুনীয়াকৈ টোপোলা ভাত প্ৰস্তুত (বনাব) কৰিবপৰা হৈছে। তাত আচৰিত হ'বলগা একো নাই।
৭) কিন্তু 'টোপোলা ভাত' কি! কেৱল পাতত মেৰিয়াই পৰিৱেশন কৰা ভাত নে! অবুজ গ্ৰাহকে সেই বুলি বুজি ঠগ খাইছে আৰু অবুজৰ অবুজনৰ বাবে হোটেল, ধাবা কিছুমানে কেলেংকাৰী ঘটাই আছে।
৮) 'টোপোলা ভাত'ৰ প্ৰস্তুতকৰণত কেইবাটাও মৌলিক উপাদান আৰু পদ্ধতি আছে। সেয়া হৈছে বিশেষ চাউল (জনগোষ্ঠী ভেদে নাম বেলেগ), বিশেষ বাচনত ভাপত ৰন্ধা, ৰন্ধাৰ পাছত টোপোলা কৰা লৈ থকা কেইবাটাও পৰ্যায় আদি।
৯) হোটেল, ধাবাবোৰে সেইবোৰ বিশিষ্টতা মানি চলেনে? ইমান বজাৰ ল'বপৰাকৈ চাউল ক'ত পায়! টোপোলা ভাতৰ জনপ্ৰিয়তাৰ বিপৰীতে চাউলবিধৰ চৰ্চা ক'ত! চাউল বিধৰ খেতি ক'ত? 'ডিমাণ্ড' ক'ত! বাচন বৰ্তন বিশিষ্টতাখিনিৰ উৎপাদন ক'ত! বজাৰ ক'ত! হাত চলাবপৰা পৰম্পৰাগত ধাৰণা থকা 'চেফ' ক'ত!
১০) 'টোপোলা ভাত'ৰ বিশিষ্টতাৰ বিষয়ে জ্ঞান থকা, ধাৰণা থকা সকলে ''ইয়াত টোপোলা ভাত পোৱা যায়" বোলা সকলো হোটেল, ধাবা সোমাই এসাঁজ খাই চাওক। তেতিয়া কেলেংকাৰী ধৰা পৰিব। আমি খাইছোঁ, পাইছোঁ। কিছুমানে বিনামূলীয়াকৈ পোৱা চাউলেৰে গ্ৰাহকক 'টোপোলা ভাত' খুৱাই আছে। কোনোবাই যতন নোহোৱাকৈ কুকাৰত ৰান্ধি টোপোলা কৰি গ্ৰাহকক টুপী পিন্ধাই আছে।
১১) 'টোপোলা ভাত'ৰ গুণাগুণ আৰু সুস্বাদুৰ বাবেই ''টোপোলা ভাত পোৱা যায়" বুলি সুকীয়া বিজ্ঞাপন দিয়া হয়। পিছে সাৱধান। সকলো 'টোপোলা ভাত' যথাৰ্থতে 'টোপোলা ভাত' নহবও পাৰে।( Assamese Viral Post )
লেখক - পাইমথী গোহাঞ
উৎস - ফেচবুক
( ফেচবুকত পাইমথী গোহাঞ ডাঙৰীয়াৰ দ্বাৰা লেখা উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )
No comments:
Post a Comment