অশান্ত মোৰ মন, নিসংগ মোৰ অন্তৰ। চাৰিওফালে এসোপামান মানুহৰ সংগ, কোলাহল, হাঁহি ফুৰ্তি। তাৰ মাজত মই আবিষ্কাৰ কৰিলোঁ, মই তেনেই অকলশৰীয়া, তেনেই নিসংগ। মনটোৱে হাহাকাৰ কৰি উঠিলে। ( Assamese Viral Post )
সেই ভিৰৰ পৰা মই লাহেকৈ ওলাই আহিলোঁ। মোলৈ অপেক্ষা কৰি থকা মোৰ গাড়ীখনে দূৰৰ পৰা মোলৈ চাই হাঁহি এটা মাৰিলে। ৰিমটটো টিপি দিলোঁ...
...টুইট....টুইট.....
গাড়ীৰ ল'ক খুলি গ'ল। দুৱাৰখন খুলি ড্ৰাইভিং ছিটত বহি ষ্টাৰ্ট কৰিলোঁ।
----- মন মোৰ উৰি গুচি যায়...
কি জানো...পায়ো হেৰুৱাই-----
নিজে নিজে গান বাজি উঠিল। মোৰ মনৰ অৱস্থাৰ লগত গানটো মিলি পৰিল। লক্ষ্য নাই, কিন্তু গাড়ীয়ে গতি কৰিছে। নিৰ্দিষ্ট এক স্পীদত গাড়ী চলি আছে। আজি মই একো ভবা নাই, গাড়ীক সকলো এৰি দিছোঁ, যেনি মন যায় লৈ যা মোক।
গাড়ীখন আহি এটা টিলাৰ তলত ঠিয় হ'ল, মই নামি আহিলোঁ।
কিছুমান শিলৰ চিৰি টিলাটোৰ ওপৰলৈ উঠি গৈছে। গাড়ীৰ পৰা নামি সেই চিৰিয়েদি খোজ দিলোঁ। আধামান পাওঁতে ভৰিয়ে নটনা হ'ল। প্ৰতিডাল শিৰাই টানি ধৰিছে। মুখেৰে গৰম বতাহ ওলাইছে, ডিঙি শুকাই পৰিছে। কিছু সময় এটা ছিৰিত বহি দিলো। ওপৰৰ ফালে চালোঁ, আৰু বহু ওপৰলৈ উঠিব লাগিব। এনে সময়ত কাৰোবাৰ এখন হাতৰ প্ৰয়োজন অনুভৱ কৰিলোঁ। এই মুহূৰ্তত মোক লাগিছিল এক সংগ বা এক লগ। দূৰত দেখা ওখ ওখ পাহাৰবোৰে মোলৈকে চাই আছিল। একে ঠাইতে থিয় হৈ থকা পাহাৰবোৰৰ গাম্ভীৰ্যতাই মোক মুহি নিছিল। তল ফালে ঘন জংঘল। লাহে লাহে আকৌ খোজ দিলোঁ ওপৰলৈ। এনে লাগিছিল যেন মোৰ প্ৰেয়সী ওপৰত ৰৈ আছে মোৰ বাবে। এইবাৰ ভাগৰ নালাগিল, আহি ওপৰ পালোঁহি।
ভাগি থকা এটা মন্দিৰ। ডাঙৰ ডাঙৰ শিলৰ টুকুৰা। প্ৰতিটো শিলাখণ্ডত খোদিত আছে কিছুমান লিপি, কিছুমান ছবি। আপ্লুত হৈ আগবাঢ়ি গৈ শিলবোৰৰ মাজতে বহি পৰিলোঁ। পাহাৰৰ ওপৰৰ এখন সমতল ভূমি, তাতেই এই মন্দিৰ। এতিয়া পৰি আছে টুকুৰা টুকুৰ কৈ তাৰ ভগ্নাৱশেষ ।( Assamese Viral Post )
মোৰ জীৱনটো ঠিক এই মন্দিৰৰ দৰেই। খণ্ড খণ্ড কৈ ভাগি সিঁচৰতি হৈ পৰি আছে। পৰি থকা মোৰ জীৱনৰ প্ৰতিটো খণ্ডই অলপ অলপ কিবা অৰ্থ বহন কৰি আছে। আচৰিত ভাৱে মই মোৰ টুকুৰা টুকুৰ হৈ পৰি থকা জীৱনটো দেখিছোঁ।
কোনোবাই মোৰ কাণত লাহেকৈ কৈ গ'ল....
----এইবোৰ একাদিক্ৰমে জোৰা লগাই যোৱা। তাতেই তুমি পাবা তোমাৰ প্ৰেয়সী। তাতেই তাই আছে, তাতেই লুকাই আছে, তাতেই ভাগ ভাগ হৈ সোমাই আছে।
হাহাকাৰ কৰি উঠিল মোৰ মন প্ৰাণ। ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম বুজি নাপালোঁ। অপলক চাৱনিৰে চাই আছোঁ।
---- প্ৰেমৰ এই দুনীয়াখন আচৰিত। প্ৰেম নিবেদন কৰোঁ কাৰোবাক, অন্তৰে বিচাৰে কাৰোবাক, চকুৱে চাই কাৰোবাক, মনে ভাবে আন কাৰোবাক। আচলতে আমি নিজেই নাজানো , আমি কাক বিচাৰো ? আমি নাজানো আমাৰ প্ৰেম ক'ত! আচলতে আমি প্ৰেমৰ সংজ্ঞাই নাজানো। ওচৰতে পোৱাজনকে আমি প্ৰায়ে আমাৰ প্ৰেম বুলি ভুল কৰি পেলাওঁ।
আমাৰ প্ৰেম আমাৰ জন্মৰ লগতেই আহে। সেই প্ৰেম টুকুৰা টুকুৰকৈ ভাঙি থাকে আমাৰ অন্তৰত। বয়স বাঢ়ি অহাৰ লগে লগে আমি সেই টুকুৰাবোৰ জোৰা লগাই যাব লাগে। এদিন সেই টুকুৰাবোৰ সম্পূৰ্ণ হৈ আমাক আমাৰ প্ৰেমৰ সংজ্ঞা দিয়ে। তাতেই লুকাই থাকে আমাৰ জীৱন, আমাৰ আত্মা, আমাৰ প্ৰেম----
এক গভীৰ বিশ্বাস মনলৈ আহিল। মোৰ জীৱনটোক শান্ত কৰাৰ এক সংকল্প। যেতিয়াই আমাৰ জীৱনটো শান্ত হৈ উঠিব, আমি আমাৰ জীৱনক বুজি পোৱা হ'ম, আমাৰ আত্মাক জানিম তেতিয়াই আমি আমাৰ প্ৰেমক উপলব্ধি কৰিব পাৰিম। মোৰ বাবে মোৰ প্ৰেম ৰৈ আছে, কোনোবা ঠাইত। জীৱনৰ টুকুৰাবোৰ জোৰা লগাবলৈ আৰম্ভ কৰি, মই বিচাৰি উলিয়াম মোৰ প্ৰেম।( Assamese Viral Post )
উৎস - ফেচবুক
( ফেচবুকত ৰুপম দত্ত ডাঙৰীয়াৰ দ্বাৰা লেখা উক্ত লেখাটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।লেখাটোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )
No comments:
Post a Comment