ছোৱালীৰ বৰ্ধিত বয়স, বিবাহ আৰু আমাৰ সমাজ : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

ছোৱালীৰ বৰ্ধিত বয়স, বিবাহ আৰু আমাৰ সমাজ : Assamese Viral Post

 

Assamese Viral Post

আমাৰ অসমত ছোৱালী এজনীৰ বয়স ২৮ মান হ'লেই হাঁহাকাৰ, কিয় বিয়া হোৱা নাই এতিয়াও। ৩০-৩২ পাৰ হ'লে অলপ টানেই পাই। ( Assamese Viral Post )


৩৫ পাৰ হ'লে আগতে ঠিক হৈ নাথাকিলে বিয়া হোৱা দিগদাৰ। ৩৮!! ভাগ্যত যদি আছে হ'ব কিন্তু আশা বাদ দিয়ে। বহুতে আকৌ ইমান বয়সীয়া ছোৱালী বিয়া পাতিলে সন্তান সম্ভৱা নহ'ব বুলিও ভাবে (একেবাৰে সঁচা কথাটো কৈছোঁ যিটো চলি আছে, কাৰোবাৰ তিতা লাগিব পাৰে কিন্তু আমাৰ সমাজৰ বহু মানুহৰ মানসিকতা এনেকুৱায়ে।)


উত্তৰ ভাৰতত আকৌ ২৫ বছৰলৈকে চাগৈ আজিলৈকে কোনো ছোৱালী থাকি পোৱা নাই। ২০-২১ ক্লিয়াৰ কৰি দিয়ে ঘৰৰ মানুহে। বহুত হ'ল আৰু পঢ়া-শুনা। 'ৰটি-দাল' বনাগৈ গিৰিয়েৰৰ ঘৰত এতিয়া।( Assamese Viral Post )


পিছে কেটৰিনা কাইফে বাৰু কিমান বছৰ বয়সত বিয়া পাতিলে মন কৰিছিল নে! হয়; ৩৮ বছৰ বয়সত। কিবা সমস্যা হৈছে নেকি এতিয়া তেওঁলোকৰ! ২২ বছৰত বিয়া নাপাতি কিবা মহাপাপ কৰিলে নেকি কেটৰিনা কাইফে!

তেওঁলোকৰ এটা মুকলি,স্বাধীন জীৱন! কৰ্ম কৰিছে, উপাৰ্জন কৰিছে, ফুৰ্তি কৰিছে সকলো কৰিছে আৰু যেতিয়া মন যায় বিয়া হ'ব। বিন্দাচ লাইফ!

আমাৰ ছোৱালী বোৰক সমাজৰ আৰু ঘৰত পৰা ইমান প্ৰেচাৰ কিয় দিয়ে বাৰু! যেন ৩০ ৰ পাছত বিয়া অসম্ভৱ!


আৰু এটা উদাহৰণ দিওঁ; ঐশ্বৰ্যা ৰায়েও ৩৩ বছৰ বয়সত বিয়া হৈছিল। আৰু এটা আচৰিত যেন লগা কথা কওঁ যদিও ঐশ্বৰ্যা ৰায় বুলি ক'লে আমি সেই ধুনীয়া ঐশ্বৰ্যা ৰায়ে জনীৰ চেহেৰা চকুৰ আগত ভাঁহি আহে। ঐশ্বৰ্যা ৰায়ৰ বৰ্তমান বয়স ৪৮ বছৰ। আৰু দুবছৰ পাছত তেওঁ ৫০ বৰ্ষীয়া হ'ব। আমাৰ সমাজত ৫০ বৰ্ষীয়া মহিলাক খুড়ীৰ পৰা গৈ বৰমা বুলি মতা আৰম্ভ কৰে আৰু।( Assamese Viral Post )


লেখক - লক্ষ্য জ্যোতি নাথ

উৎস - ফেচবুক

( ফেচবুকত লক্ষ্য জ্যোতি নাথ ডাঙৰীয়াৰ দ্বাৰা লেখা উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )


No comments:

Post a Comment

Advertisement

Pages