সিহঁতবোৰ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 16, 2021

সিহঁতবোৰ : Assamese Storyboard

Assamese Storyboard


কওওওট খেটলেং ঘ্ৰেটলক্‌ ঠেচচচচচ ক্ৰচচচচহহহ...... এটা বিকট শব্দ কৰি ঠেকেচনি দুটামান মাৰি "অসম ৰাজ্যিক পৰিবহন নিগম"ৰ অধীনৰ বাচখন আহি "কঠিয়াতলী"ৰ কেকুঁৰীটোৰ ওচৰতে ৰলহি।..( Assamese Storyboard )


প্ৰায় ১৭০ কিল'মিটাৰ পথ অতিক্ৰম কৰি একেৰাহে আহি থকাৰ বাবে চকুত অলপমান টোপনিয়ে হেচা মাৰি ধৰিছিল।... বাচখনে হঠাৎ ব্ৰেক মাৰি দিয়াত আগলৈ কিছু হাউলি গৈ খলপ- জলপকৈ চকুদুটা মেলি চাৰিওঁফালে এবাৰ চাই পঠিয়ালো।........"দাদা, কঠিয়াতলী পালোহি। ইয়াতে নানামিব জানো!"...... খাকী চোলা পৰিহিত বাচখনৰ কণ্ডাক্তৰজনে মোলৈ চাই সোধাত "অ' বুলি কৈ লৰালৰিকৈ হাঁততে কাপোৰৰ বেগটো লৈ বাচখনৰ পৰা নামি আহিলো।


---- হেৰা' হলদলটো নমাই দিয়াহি আকৌ।.....বাচখনৰ পৰা নামি আহিয়েই কণ্ডাক্তৰজনৰ ফালে চাই কথাকেইটা ক'লো।...সি লৰালৰিকৈ নামি আহি বাচখনৰ পিছফালে গৈ মোৰ সেউজীয়া ৰঙৰ হলদলটো আনি মোৰ ভৰিৰ কাষতে লাহেকৈ ৰাখি দিলে।.....হলদলটোৰ কাষতে কিছুসময় ৰখি ইফালে- সিফালে চাবলৈ ধৰিলো, কিজানিবা গাৱৰে চিনাকী ইটো সিটোক দেখা পাওঁয়েই।... ইতিমধ্যে বাচখনো পুনৰ চলিবলৈ আৰম্ভ কৰিছিল।... কেকুঁৰিটো পাৰ কৰাৰ পিছতেই বাচখন এটা সময়ত চকুৰে নেদেখা হৈ আহিল।..... নাই নৰমনিষ বুলিবলৈও কোনো এটাক নেদেখিলো। সময়নো কিমান হৈছে বুলি হাঁত ঘড়ীটোলৈ চালো, ৬ বাজিবলৈ তেতিয়াও ৫ মিনিট বাকী!!....আৰে,এই ফুট গধূলিতে ঠাইখণ্ড একেবাৰে জনপ্ৰাণীহীন হৈ পৰিল যে কথাটো কি?... প্ৰশ্নটো অৱশ্যে নিজকে সোধাদি সুধিলো। অবশ্যে আঘোণ মহীয়া বতৰ, বেলি কিছু সোনকালে পৰাৰ বাবে তেতিয়াৰলৈকৈ আন্ধাৰ কিছু গহীনেই হৈছিল।... যা যি হওঁক বুলি কৈ হলদলটো কান্ধতে উঠাই লৈ গাৱলৈ বুলি খোজ ললো।... কিছু দূৰ অহাৰ পিছত মিটাৰগজ ৰেল লাইনটো পাৰ হৈয়েই মূল গাৱৰ ৰাস্তাত প্ৰৱেশ কৰি ঘৰৰফালে ৰাস্তাটো পোনাই খোজ দি গৈ থাকিলো। দুয়োকাষে বৃহৎ পথাৰ। মাজে- মাজে দুই এডৰা বাহনি। আন্ধাৰ হৈছিল যদিও ফৰিংফুটা জোনৰ পোহৰত ঠাইবোৰ চকুৰে মনিব পৰা হৈ আছে।...আজি প্ৰায় এবছৰেই হল ঘৰলৈ নহা। ইমানদিন খাটি- খাটি এই এমাহৰ কাৰনে চুটিটো যেনিবা ভাগ্যত মিলিল।....... চিঃ কিবা মৰিছে হবপাই..!!... ৰেলৰ লাইনটো পাৰ হোৱাৰ লগে- লগেই এটা ভেকেটাভেকেট গোন্ধ নাকত লাগিলহি।.... হুমম খ্ৰাকক ঠুই....বৰ এলেহুৱা দেই এই মানুহবোৰ। নিজৰ গাওঁখন অলপ পৰিষ্কাৰ কৰি ৰাখিবলৈকো কাণ্ডজ্ঞান নাই ইহঁতবোৰৰ!!.....


---- অ' এইটো যতীন নহয়নে।......হঠাৎ কোনোবা এজন মানুহে মোৰ নাম ধৰি মতাত ঠাইতে ৰৈ পিছলৈ ঘূৰি চালো। বগা চাৰ্ট পিন্ধা কোনোবা এজন মানুহ মোৰ ফালে খৰখোজেৰে আগুৱাই আহিল।

---- কোন?.... থোলোক খুড়া নেকি!!..... ভালদৰে ধৰিব নোৱাৰিলো যদিও মানুহটোৰ খোজ কঢ়াৰ ধৰনটো দেখি থোলোক খুড়াৰ দৰে লাগিল।

---- হেই নহয় অ এইটো, মই হেৰেম্ব।... কিয় পাহৰিয়েই থাকিলি নেকি?...... মানুহটোৱে মোৰ কাষলৈ আহি গলগলীয়া মাত এটাৰে কৈ উঠিল।

---- অ' তইহে, মই আকৌ থোলোক খুড়া বুলি ভাবিলো।... তোৰ মাততোৰ আকৌ কি হ'ল!!..... মই হেৰেম্বলৈ চাই সুধিলো।

---- কি হোৱা দেখিলিনো!!.....

---- নাই মাতটো তোৰ ইমান মোটা হৈ গৈছে, সেইকাৰনে সুধিলো।

---- পুৰীয়া, পুৰীয়া!! পুৰীয়াৰ কামাল।...খিক খিক খিক.....হেৰেম্বই খিকখিকাই অদ্ভূট ধৰনেৰে হাঁহি উঠিল।

---- অঅঅ' এইবাৰ তাৰমানে তই ভাং খোৱাটো ধৰিলি।.....মই হেৰেম্বক কথাটো কৈ পুনৰ আগলৈ খোজ লবলৈ ধৰিলো।

---- ঐ ঐ শুনছোন শুন.... হেৰেম্বই খৰখোজেৰে মোৰ লগতে আহি থাকিল।

---- কি হল কৈ যা, ৰখিবলৈ সময় নাই।

---- টকা দুটা দেচোন।.... সি মোৰ ফালে চাই কলে।

---- কেলেই!!....মই তাক অলপ খঙেৰেই সুধিলো।

---- তই দেচোন আগতে।.... বাহ ইমানদিনৰ মূৰত গাৱলৈ আহিছ মোক টকা দুটাও দিব নোৱাৰনে!! বীৰেন দদাইৰ ছোৱালীজনীক তই দিয়া চিঠিবোৰ কেনেকৈ কষ্ট কৰি দিছিলো পাহৰি গলি!!..খিকখিকখিক।...... হেৰেম্বই আকৌ হাঁহি উঠিল। ( Assamese Storyboard )


---- উস্‌ ৰাম, শান্তি নাই তহঁতৰ পৰা।...... পকেটৰ পৰা সিকি দুটামান উলিয়াই তাৰ হাঁতত গুজি দি উচপ খাই উঠিলো।

---- খিকখিকখিক, কি হল!!... সি তাৰ লেটেৰা দাঁতকেইটা উলিয়াই মোৰ ফালে চাই সুধিলে।

---- তোৰ বেমাৰ নেকি!!

---- কিয়!! নহয় বেমাৰ।

---- তোৰ হাঁতটো যে ইমান চেঁচা হৈ আছে কিয়?..... মই কিছু আছৰিত হৈ হেৰেম্বলৈ চাই সুধিলো।

---- আৰে ঠাণ্ডা পৰিছে দেখা নাই সেইকাৰনে আকৌ। সেইটো ইমান ভয় খাব লাগেনে!! খিকখিকখিক মই যাওদে তই গৈ থাক।.... কথাকেইটা কৈয়েই হেৰেম্ব পুনৰ অহা বাটেদি ঘূৰি গুচি গল।...মইও পুনৰ ঘৰৰ দিশে খোজ ললো।.... পথাৰখন পাৰ হৈয়েই প্ৰথমটো ঘৰ অৰ্থাৎ কনক মাষ্টৰহতঁৰ ঘৰৰ দাতিত মাত্ৰ পাইছোহিহে, তেনেতে হঠাৎ মাষ্টৰৰ বাৰীৰ আগফালৰ কলগছজোপাৰ পাতকেইখন জপজপাই উঠিল। সামান্য নিঞৰ পৰি জিলিকি থকা কলপাতকেইখনৰ মাজেৰে চাৰিটামান বাদূলি যেনি- তেনি উৰি গুছি যোৱা দেখিলো।.... গাৱৰ পৰিবেশটো কিয় আজি  ইমান অদ্ভূট ধৰনৰ কব পৰা নাই।... কাৰো ঘৰত চাঁকি এটা জ্বলি থকাও দেখা নাই। সেইবোৰটো বাদেই ৰাস্তাটোতো যে ইমান নিমাওঁমাও পৰিবেশ!! কথাটো কি!... কথাবোৰ ভাবি ভাবি পুনৰ আগলৈ খোজ দি গৈ থাকিলো।...কিছুদূৰ অহাৰ পিছত আকৌ সেই ভেকেটাভেকেট গোন্ধটো আহি নাকত লাগিলহি। চিঃ কৰবাত গৰু- চৰু মৰি থকা নাইটো!! মানুহবোৰ কেনেকৈ আছে বাৰু। নিজকে নিজেই সুধি আহি থাকিলো.... খেটলেং টেং ঠলং কট ঠং...হঠাতে পিছফালে কিবা এটা শব্দ হোৱাত ঠাইতে ৰখি পিছলৈ ঘূৰি চালো।.....অ' এইটো যতীন দা নেকি?......চাইকেল এখন আহি মোৰ কাষতে ৰখাই কোনোবা এটাই মাত লগাই উঠিল। ভালকৈ মুখখন জুমি চোৱাত চিনিব পাৰিলো, এইটো আমাৰ কলি পেহীৰ লৰা "পোনা"। পেহী মানে, আমাৰ গাৱৰ সকলোৰে উমৈহতীয়া পেহী।

---- অ' পোনা দেখোন! কৰ পৰা আহিলি?....মই পোনাৰ ফালে চাই সুধিলো।

---- মই এই চন্দন হঁতৰ ঘৰলৈ গৈছিলো। আপুনি পিছে আহিছেহে নেকি?

---- অ' মই এই আহিয়েই আছো, ঘৰ পোৱাগৈয়েই নাই।

---- দিয়ক বলক, অলপদূৰ একেলগেই যাওঁ। দিয়ক এটা বেগ চাইকেলতে আৰি দিয়ক।.... পোনাই কথাটো কৈয়েই চাইকেলখনৰ পৰা নামি মোৰ হাঁতৰ পৰা বেগ এটা লৈ তাৰ চাইকেলখনত আৰি ললে।...এনেওঁ অকলে- অকলে আহি আমনি লাগিছিল গতিকে সি লগতে আহো বুলি কোৱাত মই ভালেই পালো।

---- আচ্ছা পোনা শুনছোন, গাৱৰ মানুহবোৰ কলৈ গল অ' গোটেইখন দেখোন একেবাৰে মৰিশালি হোৱাদি হৈ আছে!!..... মই আগলৈ খোজ দি দিয়েই পোনালৈ চাই সুধিলো।

---- কিনো কব!! সন্ধিয়াতে কানিসোপা খাই ঘৰৰ ভিতৰত লাং খাই পৰি থাকিব। মাইকীবোৰো সেই একেই। চব ৰসাতলে গল বুজিছে যতীন দা।.....পোনাই কিবা এক আক্ষেপেৰে কথাখিনি কৈ উঠিল।

---- ইচ ৰাম, এইবোৰ কেনেকৈ হল!

---- হবলৈ কি আছে। আপুনি এবাৰ ভাৱকছোন নিজেই। সকলো গাৱতে চৰকাৰে বিজুলীৰ ব্যৱস্থা কৰিলে একমাত্ৰ আমাৰ গাওঁখনেই আছে য'ত এই ১৯৯৪ চনতো বিজুলিৰ ব্যৱস্থা হোৱা নাই। হবনো কেনেকৈ মাত মতা মানুহ এটা থাকিলেহে কোনোবা! গেলাসোপা গিলাৰ পৰা কাৰোবাৰ সময় আছে জানো!!....সেইবোৰ বাদ দিয়ক আপোনাৰ চাকৰি বৰ্তমান কত?...,পোনাই একেলেথাৰিয়ে কথাখিনি কৈয়েই মোৰ ফালে চাই সুধিলে।

---- কাশ্মীৰত অ; কোনৰকম ছুটীতো পাইয়েই লগে- লগে ঘৰলৈ বুলি পাক এটা মাৰিছো।

---- কেইদিনমান থাকিব নহয়!!

---- নাই মাত্ৰ এমাহৰহে ছুটী।

---- অহ ৰখক, মই এইফালেই যাওঁ......পোনাই হঠাৎ থমকি ৰৈ বাঁহৰ তলৰ লুংলুঙীয়া ৰাস্তা এটাৰ ফালে চাই কৈ উঠিল।

---- এইফালে আকৌ কলৈ যাঅ'.....মই পোনালৈ চাই আচৰিত হৈ সুধিলো।

---- নাই অ, যতীন দা যোৱাকালি ৰাতি আমাৰ বাঁহনিডৰাত চুৰ সোমাই বাঁহ কাটিছে। গতিকে এবাৰ চাই আহোগৈ কোনোবা সোমাই আছে নেকি!!...লওঁক এইটো আপোনাৰ বেগ।.....পোনাই মোলৈ বেগটো আগবঢ়াই দিলে।

---- কিন্তু এই আন্ধাৰে- মূন্ধাৰে তই কি দেখিবিনো।....মই পোনাৰ পৰা বেগটো লৈ কলো।

---- একো নহয় যতীন দা, আন্ধাৰতে ভাল লাগে।....... পোনাই মোলৈ চাই হাঁহি এটা মাৰি লুংলুঙীয়া আন্ধাৰ ৰাস্তাতোৰে চাইকেল খন লৈ সোমাই গল।...... সকলো বাদ দি মই পুনৰ আগলৈ বুলি খোজ ললো। কিমান সময় হল বুলি মই পুনৰ হাঁতঘড়ীটোলৈ জুমি- জুমি চালো।... কিন্তু এইয়া কি!!! ৬ বাজিবলৈ ৫ মিনিট বাকী......


   ...কওওওট খেটলেং ঘ্ৰেটলক্‌ ঠেচচচচচ ক্ৰচচচচহহহ...... এটা অদ্ভূট শব্দ কৰি বাচখনে জোকাৰনি এটা মাৰি ৰখি গল। ..."দাদা, কঠিয়াতলী পালোহি। ইয়াতে নানামিব জানো!!".... বাচখনৰ কণ্ডাক্তৰৰ কথাত ভালদৰে এবাৰ চকুদুটা মেলি চাৰিওঁফালে চালো। প্ৰায়বোৰ যাত্ৰীয়েই প্ৰায় টোপনিত মগ্ন।.... ধেইটতেৰিকা, সপোনহে দেখিলো ইমানপৰে!!.... লৰালৰিকৈ উঠি বেগটো হাঁততে লৈ বাচখনৰপৰা নামি আহিলো।..." এইটো আপোনাৰ হলদল"....কণ্ডাক্তৰজনে মোৰ হলদলটো আনি ভৰিৰ কাষতে থলে।...কণ্ডাক্তৰজন বাচখনত উঠি যোৱাত বাচখনে পুনৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলে।.... একমিনিটমান ৰখি হলদলটো কান্ধত লৈ ঘৰলৈ বাট ললো।...এনেও মই জানোৱেই এই সন্ধিয়াসময়ত ইয়াত ৰিক্সা, অটো একো পোৱা নাযায়। কিবা এটা ভাৱি ঘড়ীটোলৈ চালো।.,৬ বাজিবলৈ ৫ মিনিট বাকী আছে। সময়টো দেখি অলপ আচৰিতেই হলো।... সকলো বাদ দি ৰেলৰ আলিটো পাৰ কৰি খোজেৰেই লাহে- লাহে আগবাঢ়ি গৈ থাকিলো। কিছুদূৰ অহাৰ পিছতেই এটা ভেকেটাভেকেট গোন্ধ আহি নাকত লগাত বুকুখন কিবা চিৰিংকৈ মাৰিলে। তথাপিও একো নাভাৱি খৰখোজেৰে যিমান পাৰো তিমান আগবাঢ়ি গৈ থাকিলো।..... দুয়োকাষৰ প্ৰকাণ্ড পথাৰ দুখনৰ মাজৰ সৰু ৰাস্তাটোৰে আহি- আহি পাকৰি গছজোপাৰ ওচৰ পাইছোহিহে তেনেতে ঠিক পথাৰখনৰ পৰা কোনোবা এটা মানুহ উঠি আহি মোক চিঞৰি উঠিল..., " ঐ যতীন, ৰ ৰ"....মানুহটোৱে মোৰ নাম ধৰি চিঞৰি উঠা দেখি মই ঠাইতে ৰৈ দিলো।

---- কোননো!!.....মানুহটো মোৰফালে আহি থকা দেখাত মই লাহেকৈ সুধিলো।

---- ঔ আই, ইমান সোনকালে পাহৰি যাঅ নে!!... মই হেৰেম্ব আকৌ। খিকখিকখিক।..,হেৰেম্বই দাঁতকেইটা উলিয়াই হাঁহি উঠিল।

---- ত ত তই, ক ক কৰ পৰা আহিলি!!.... কিবা এক অজান আশংকাত মোৰ বুকুখন কপি উঠিল।

---- কিয় তই ইমান পাহৰ নে!! খিকখিকখিক...চাওঁ চাওঁ তোৰ বেগটো দে মই তোৰ ঘৰত দি দিম।.....হেৰেম্বই মোৰ কথালৈ বাট নাচাই মোৰ কান্ধৰ পৰা হলদলটো টানি হাতত লৈ তাৰ লেতেৰা দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰিলে।

---- নালাগে বেগটো মোক দে। মই পাৰিম।......মই তালৈ চাই কৈ উঠিলো।

---- নালাগে ৰ' এই হেৰেম্বই কোনো কাম এনেই নকৰে, তাতে তই মোক টকা দুটা দিলি যেতিয়া মই তোক এইকন কৰি দিও ৰ'।....... কথাটো কৈয়েই হেৰেম্বই ভৰি এটা মেলি দিলে। দৃশ্যটো দেখি মোৰ বুকু কপি উঠিল। কাৰন হেৰেম্বৰ এটা ভৰি মোৰ কাষতে আছিল আৰু আনটো ভৰি সেই বৃহৎ পথাৰখনৰ আনটো মূৰত।...." যতীন দা, কি হল?" কোনোবা এটাই মোৰ কানৰ কাষত চিঞৰ মাৰি দিয়াত মই ঘূৰি চালো।.... "পোনা"!! পোনাই মোৰ কাষত ৰখি মোলৈ চাই সুধি আছিল!......পো পো পোনা, হেৰেম্ব...হেৰেম্বই মোৰ বেগ মোৰ মোৰ বেগটো..... মোৰ কথাটো সম্পূৰ্ণ হবলৈ নাপালেই পোনাই দাঁতকেইটা কৰচি চিঞৰি উঠিল...." চাল্লা কুকুৰ হেৰেম্ব তোক আজি মই সুদাই নেৰো। তয়েই মোৰ গোটেই বাঁহ চুৰ কৰি শেষ কৰিলি।.....আপোনালোকৰ বিশ্বাস হয়নে নহয় নাজানো কথাকেইটা কৈয়েই কিন্তু হেৰেম্ব যোৱাৰ ফালেই পোনাই ভৰি এখন দাঙি এখোজতে পথাৰৰ সিমূৰ পালেগৈ।....চকুৰ আগত কি হৈ গল একো ধৰিবই নোৱাৰিলো....লাহে- লাহে মোৰ চেতনা বিলুপ্ত হোৱাৰ উপক্ৰম হল,...আৰু সম্ভৱ ৰাস্তাৰ মাজতে মই অচেতন হৈ শুই পৰিলো.....!!!


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত গল্পটি অলিম্পিক কাশ্যপৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages