নিয়োগ মেলা সন্দৰ্ভত লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

নিয়োগ মেলা সন্দৰ্ভত লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া : Assamese News

 

Assamese News

"এদিনৰ নিয়োগ মেলাই উন্মুক্ত কৰিলে অসমৰ নিবনুৱা সমস্যাৰ ঢাকি ৰাখিব খোজা ছবিখন ৷ মাটিত দ’ম হৈ পৰি ৰৈছে বায়’ডাটা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ৷ ( Assamese News )


এগৰাকী চাকৰিপ্ৰত্যাশীৰ বাবে ইয়াতকৈ দুঃখজনক আৰু পৰিতাপৰ বিষয় আৰু কি হ’ব পাৰে ! অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ ‘বিশেষ উদ্যোগ’ত অনুষ্ঠিত এই নিয়োগ মেলাই কালি অসম চৰকাৰৰ ব্যৰ্থতাক উদঙাই দিলে ৷ চাকৰিপ্ৰত্যাশীসকলৰ মনত আঘাত দিয়াৰ অধিকাৰ নাই চৰকাৰৰ ৷ এই যে নিয়োগ মেলাত ভিৰ হৈছে, ভোকৰ তাড়ণাতহে দৌৰিছে সকলোৱে ৷ তেনেস্থলত চাকৰি দিম বুলি চমক সৃষ্টিকাৰী প্ৰচাৰেৰে লাখ লাখ নিবনুৱাক প্ৰতাৰণা কৰা আয়োজক বিভাগটোৰ বিভাগীয় মন্ত্ৰীয়ে ৰাজ্যৰ নিবনুৱাসকলৰ ওচৰত ক্ষমা খোজা উচিত ৷ প্ৰতিটো বিভাগতে ব্যৰ্থতাৰ ইতিহাস ৰচা মন্ত্ৰীজনক ৰাজ্যৰ প্ৰতাৰিত নিবনুৱাসকলে প্ৰশ্ন কৰা উচিত ৷( Assamese News )


নিবনুৱা ভাই-ভনীসকলে হতাশ নহৈ চৰকাৰৰ এই প্ৰতাৰণাক বুজি পোৱাতো জৰুৰী ৷ ২৫ লক্ষাধিক নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত দিনে দিনে নিবনুৱাৰ পৰিসংখ্যা বাঢ়ি গৈ আছে ৷ ক’ভিডকালত এই সংখ্যা আৰু বাঢ়িছে ৷ অথচ, চৰকাৰৰ কোনো বাস্তৱসন্মত পদক্ষেপ নাই ৷ কেৱল চমক আৰু ঘোষণাতে সীমাবদ্ধ ৷ ২৫ লক্ষাধিক নিবনুৱাৰ মাজৰ পৰা ১ লাখ নিযুক্তি দিব বুলি চমক সৃষ্টি কৰা চৰকাৰে বাকীসকলৰ দায়িত্ব ল’ব নে নলয়, সেয়া ডাঙৰ প্ৰশ্ন ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ চাকৰি দিয়াৰ বৰ বৰ প্ৰতিশ্ৰুতি অথবা আগৰ চৰকাৰখনৰো চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে মাটিত মিলি গৈছে ৷ তেনেস্থলত, বহু সপোন বুকুত বান্ধি অধ্যয়ন, চেষ্টা আৰু সংগ্ৰাম অব্যাহত ৰখা ৰাজ্যৰ নিবনুৱাসকলক ল’ৰা-ধেমালি নকৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আমি সকীয়াই দিছোঁ ৷ লগতে, ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাৰ স্থায়ী আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ ৷( Assamese News )


     || জয় আই অসম ||"- লুৰিনজ্যোতি গগৈ

No comments:

Post a Comment

Advertisement

Pages