আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও সহ্য কৰা নহ'ব - মুখ্যমন্ত্ৰী : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও সহ্য কৰা নহ'ব - মুখ্যমন্ত্ৰী : Assamese news

 

Assamese news

"এজনটো জেলত আছেই, হয়নে নহয় ? শ্বেৰমানটো জেলত সোমাই আছে। এনেকুৱা কথা কৈ থাকিলে আমিনুল ইছলামো জেললৈ যাব। ( Assamese news )


এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকা সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথা ক'লেও সহ্য কৰা নহ'ব। গতিকে তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে তেতিয়া অৰ্থনীতিৰ কথা কওঁক। আমাক গালি গালাচ কৰক ঠিক আছে। কিন্তু ইয়াৰ মাজত কামাখ্যা, শংকৰদেৱ, ভগৱান বৌদ্ধ, মহাবীৰ জৈন এইবোৰক টানি অনাটো উচিত নহয় আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবাই ইয়াত টানি আনক। ( Assamese news )


কাৰণ তেওঁলোক আমাৰ Category কথা নহয়। আমাতকৈ এটা বেলেগ Category ৰ তেখেতসকল আৰু তেখেতসকলৰ কথা এজন Politician য়ে হকে বিহকে আলোচনা কৰিব নালাগে। ঔৰংজেৱৰ বাবাও অসমত আহিব পৰা নাছিল। ঔৰংজেৱটো বাদ দিয়ক।"- মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা।


অলপতে ধিংৰ বিধায়ক আমিনুল ইছলানে ঐতিহাসিক কামাখ্যা দেৱালয়ৰ সন্দৰ্ভত কৰা এক মন্তব্যক লৈ আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই সাংবাদিকৰ আগত এনেদৰে ব্যক্ত কৰে। ( Assamese news )

No comments:

Post a Comment

Advertisement

Pages