নিয়োগ মেলা সন্দৰ্ভত অসম জাতীয় পৰিষদে কলে এনেদৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

নিয়োগ মেলা সন্দৰ্ভত অসম জাতীয় পৰিষদে কলে এনেদৰে : Assamese News

 

Assamese News

এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি আছিল, নে অসমীয়া যুৱক-যুৱতীক বণিক গোষ্ঠীৰ হাতৰ পুতলা সজাৰ ষড়যন্ত্ৰ আছিল? ( Assamese News )


চৰকাৰী পৃষ্ঠপোষকতাত আজিৰে পৰা আৰম্ভ হোৱা নিয়োগ মেলা বা চাকৰি মেলাৰ নামত হোৱা প্ৰহসন অতিশয় দুৰ্ভাগ্যজনক ৷ এনে এক বিশাল আয়োজনত যি আজি বিশৃংখল পৰিৱেশৰ সৃষ্টি হ’ল সেয়া এক আশ্চৰ্যকৰ বিষয় ৷( Assamese News )


আয়োজকে নিবনুৱা সমস্যাৰ তথা নিবনুৱা সংখ্যাৰ উমান পোৱা বা অনুমান কৰাতো উচিত নাছিলনে? সকলোবোৰ যাতে শৃংখলাবদ্ধভাৱে সম্পন্ন হয়, সেয়া গুৰুত্ব দিয়াটো উচিত নাছিলনে? চৰকাৰী চাকৰিও নহয়, কেইটামান ব্যক্তিগত প্ৰতিষ্ঠানৰ নামমাত্ৰ খালি পদ পূৰণৰ অচিলাৰে ভুৱা নিয়োগ মেলাৰ বিজ্ঞাপন, প্ৰচাৰেৰে হাজাৰ হাজাৰ চাকৰি বিচাৰি অহা প্ৰাৰ্থীক যিধৰণে আলৈআথানি কৰা হৈছে, সেয়া কোনোপ্ৰকাৰে গ্ৰহণযোগ্য নহয় তথা শাসকীয়পক্ষৰ মিছা সফলতা, মিথ্যাচাৰমিশ্ৰিত যি ফোঁপোলা উন্নয়নৰ চৰকাৰী ঢাক-ঢোল বজোৱাৰ কোব সেয়া কেৱল আৰু কেৱল গৰিহণাযোগ্য - অসম জাতীয় পৰিষদ

Assamese News )

( বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )

No comments:

Post a Comment

Advertisement

Pages