২০২২ চনৰ ৰাশিফালে কি কয় জানো আহঁক: Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 5, 2021

২০২২ চনৰ ৰাশিফালে কি কয় জানো আহঁক: Assamese Horoscope

Assamese Horoscope

নতুন বছৰ অৰ্থাৎ ২০২২চনৰ আৰম্ভণি হ'বলৈ মাজত মাত্ৰ কেইদিনমানহে বাকী আছে। নতুন বছৰে নতুন আশা, নতুন সপোন আৰু নতুন লক্ষ্য লৈ আহে। কেইদিনমানৰ পাছতেই ২০২১ চনতো মানুহৰ বাবে ইতিহাসৰ দৰে হৈ পৰিব।(Assamese Horoscope)



ৰাশি-  নতুন বছৰ অৰ্থাৎ ২০২২চনৰ আৰম্ভণি হ'বলৈ মাজত মাত্ৰ কেইদিনমানহে বাকী আছে। নতুন বছৰে নতুন আশা, নতুন সপোন আৰু নতুন লক্ষ্য লৈ আহে। কেইদিনমানৰ পাছতেই ২০২১ চনতো মানুহৰ বাবে ইতিহাসৰ দৰে হৈ পৰিব। পুৰণি বস্তুবোৰ এৰি মানুহে নতুন আৰম্ভণি কৰিব। নতুন বছৰত নতুন ঘৰ, নতুন গাড়ী কিনিব বিচাৰে। কিন্তু বহুতবাৰ পৰিস্থিতিবোৰ ভাল নাথাকে যাৰ ফলত মানুহে নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে। কষ্ট আৰু চেষ্টা কৰাৰ পাছতো ভাগ্যয়ে লগ নিদিয়ে। এতিয়া জানো আহঁক চোন ২০২২ চনটোৱে কোন কোন ৰাশিৰ মানুহৰ বাবে ভাল খবৰ লৈ আহিব।


১. মেষ- যদি মেষ ৰাশিৰ ব্যক্তিসকলে বাহন বা গাড়ী কিনিম বুলি ভাবি আছে, তেতিয়া ২০২২ চনত আপোনালোকৰ এই সপোনটো সফল হ'ব পাৰে। বাহন কাৰণে শুক্ৰ কাৰক। ইয়াৰ লগতে বৃহস্পতি ১১ নম্বৰ ঘৰত আছে।যাৰ ফলত আপোনালোকে ঘৰ বা সম্পত্তি কিনা সপোন সফল কৰিব পাৰিব।


২.বৃষ- জ্যোতিষীসকলৰ মতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰতো বাহন আৰু সম্পত্তিৰ কাৰণে বহুত শুভ। ইমানেই নহয় পৰিয়াল আৰু সম্বন্ধীয়ৰ পাৰ্টি বা ফাংচনত বহুত খৰচ কৰিব। ২০২২ চনত ক'ৰবাত কিবা সঞ্চয় বা থোৱাৰ আগতে এবাৰ ভালকৈ ভাবি ল'ব আৰু সম্পত্তিৰ ক্ষেত্ৰত কিবা নিৰ্ণয় কৰা আগত জনা শুনা ব্যক্তিৰ পৰা উপদেশ লৈ ল'ব।


৩. মিথুন- মিথুন ৰাশিৰ ১১ নম্বৰ স্থানত শনিৰ দৃষ্টি থাকিব। যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰত সকলো সা-সুবিধা থাকিব। এপ্ৰিল মাহত গুৰুৰ দিশ সলনি হোৱাৰ ফলত ভাগ্য সলনি হোৱা দেখিবলৈ পোৱা যাব। সেইকাৰণে ঘৰ আৰু বাহন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে।


৪.কৰ্কট-  এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আহিব লগা নতুন বছৰটোৱে সুখ লৈ আহিব।ঘৰ আৰু বাহন কিনাৰ সম্ভাৱনা দেখা পোৱা গৈছে।যদি আপোনালোকে ক'ৰবাত কিবা সঞ্চয় বা থ'ব বিচাৰে তেতিয়া আপোনালোকৰ কাৰণে বহুত ভাল।


৫.সিংহ- সিংহ ৰাশিৰ ব্যক্তিসকলে জীৱনত নিজৰ মগজুত এটা লক্ষ্য বনাই আগবাঢ়ি গৈ থাকে আৰু তাতে লাগি থাকে। এনেকুৱাত যদি এই বছৰত নতুন ঘৰ বা গাড়ী লোৱাৰ কিবা নিৰ্ণয় লয় । তেতিয়া বহুত শুভ হ'ব।


৬.কন্যা- জ্যোতিষীসকলৰ মতে ২০২২ চনটোৱে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বহুত শুভ সংবাদ লৈ আহিব পাৰে। দ্বিতীয় স্থানত বৃহস্পতি আৰু শনি লগ লগা ফলত পইচা সাঁচিব পৰা যাব। এনেকুৱা কৰা ফলত আৰ্থিক স্থিতি মজবুত হ'ব। বছৰটোৰ শেষ ফালে সম্পত্তি কিনিবলৈ নিৰ্ণয় লোৱাতো ভাল হ'ব।(Assamese Horoscope)


 ৭. তুলা- তুলা ৰাশিৰ ব্যক্তিসকলে যদি আহিব লগা বছৰটোত বাহন কিনিব বা বেচিব বিচাৰে , তেতিয়া ই ফলপ্ৰসূ হৈ উঠিব। কিন্তু পাব লগা সম্পত্তি বা থকা সম্পত্তি নিবিকিব।যদি আপোনালোকে এনেকুৱা কৰে লোকচান হোৱাৰো সম্ভাৱনা আছে।


৮.বৃশ্চিক - বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ২০২২ চনতো সম্পত্তিৰ ক্ষেত্ৰত বহুত ভাল বছৰ হিচাপে প্ৰমাণিত হ'ব। গাড়ী আৰু ঘৰ দুয়োটাই সঠিক সময়ত ল'ব পাৰিব।যদি আপোনালোকে কিবা চুক্তি কৰিব বিচাৰি আছে । তেতিয়া ২০২২ চনৰ  মাজভাগত সফলতা পোৱা সম্ভাৱনা আছে।


৯.ধনু- এই ৰাশিৰ ব্যক্তিসকলৰ গুৰু চতুৰ্থ স্থানত থকাতো লাভবান হ'ব পাৰে। নতুন বছৰটো তেওঁলোকৰ বাবে সম্পত্তি অৰ্জন কৰিবলৈ বহুত ভাল সুযোগ আছে। আহিব লগিয়া বছৰটোত পিতৃৰ সম্পত্তিৰ লাভ পাব পাৰে। গোটেই বছৰটোৰ ভিতৰত কেতিয়াবা হ'লেও ঘৰ কিনিব পাৰে।


১০.মকৰ- জ্যোতিষীসকলৰ মতে এই ৰাশিৰ ব্যক্তিসকলৰ বাবে এই ২০২২ চনতো সম্পত্তি কিনাৰ ক্ষেত্ৰত অনুকুল হ'ব পাৰে। এপ্ৰিল মাহৰ পিছৰ পৰাহে পৰিস্থিতি অনুকুল হ'ব। লগতে আহিব লগা বছৰটোত পিতৃৰ সম্পত্তিৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভাৱনা আছে।


১১. কুম্ভ- কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবেও নতুন বছৰটোৱে ভাল খবৰ লৈ আহিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ২০২২ চনতো বহুত ভাল। তথাপিও কিছুমান ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেই কাৰণে খৰচ ভাবি-চিন্তিহে কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব যে খৰ-খেদাকৈ একো সম্পত্তি বা নিৰ্ণয়  নল'ব। নহ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে।


১২.মীন- এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ২০২২  চনতো লাভদায়ক হোৱাৰ সম্ভাৱনা আছে। গাড়ী আৰু ঘৰ লোৱা সম্ভাৱনা আছে। এপ্ৰিলৰ পৰা চেপ্টেম্বৰ মাহলৈকে কিনা-বিকা ক্ষেত্ৰত পৰিস্থিতি অনুকুল হ'ব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Health tips)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 










No comments:

Post a Comment

Advertisement

Pages