মধুমেহ ৰোগত কি কি খাব লাগে আৰু নালাগে জানোঁ আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 4, 2021

মধুমেহ ৰোগত কি কি খাব লাগে আৰু নালাগে জানোঁ আহক : Assamese Health Tips

Assamese Health Tips


বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে মধুমেহ ( Diabetes) হৈছে এনে এটা ৰোগ যত মানুহৰ শৰীৰৰ তেজত চুগাৰৰ মাত্ৰা বাঢ়ি যায় আৰু লগতে হাৰ্ট এটেক আৰু মানসিক অসুস্থতাও দেখা পোৱা যায় মধুমেহ ৰোগীৰ ক্ষেত্ৰত। মধুমেহ ৰোগক নিয়ন্ত্ৰণত ৰাখিবলৈ আমাৰ খাদ্য সূচীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ( Assamese Health Tips )


যদি ভালদৰে খোৱা বোৱা কৰা হয় তেন্তে এই ৰোগক বহুত নিয়ন্ত্ৰণত ৰাখিব পাৰি । এই লেখাটোৰ জৰিয়তে জনাম যে এই ৰোগত কি কি বস্তু খাব লাগে আৰু নালাগে।


এতিয়া জানো আহকচোন মধুমেহ ৰোগীয়ে কি কি খাব নালাগে - 

১) বন্ধুসকল, বগা ব্ৰেড যিমান পাৰি আপুনি এৰুৱাই চলক। কিয়নো ইয়াত ৰিফাইন কাৰ্ব'হাইড্ৰেটৰ পৰিমাণ বেছিকৈ থাকে যিয়ে আমাৰ তেজত গৈ পোৱাৰ লগে লগে চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে। 


২) "বগা ভাত" ইয়াত ফাইবাৰৰ মাত্ৰা বহুত কম পৰিমাণে থাকে লগতে ইয়াত কম মাত্ৰাৰ কাৰ্ব'হাইড্ৰেট থাকে যাৰ ফলত ই সহজতেই হজম হৈ যায় আৰু আমাৰ তেজৰ চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে।


৩)  "আলু"  আলু আৰু আলুৰে তৈয়াৰী সামগ্ৰীত চুগাৰৰ মাত্ৰা বেছি পৰিমানে থাকে। আলুৰ গ্লাইছেমিক্স  ইণ্ডেক্স প্ৰায় ৮৫% হয় যি আমাৰ তেজৰ চুগাৰৰ মাত্ৰা বঢ়াবলৈ পৰ্যাপ্ত হয়।


৪) "ফলমূলৰ জুছ" সাধাৰণতে ফলমূলত কাৰ্ব'হাইড্ৰেট আৰু ফাইবাৰ বহু পৰিমানে পোৱা যায়। কিন্তু যেতিয়া ফলমূলৰ জুছৰ কথা আহি পৰে তেতিয়া ই অলপ অন্য প্ৰকাৰৰ হৈ পৰে। ফলমূলৰ জুছত ফ্ৰুট চুগাৰ থাকে যিয়ে আপোনাৰ ব্লাড চুগাৰ বঢ়াই। অৱশ্যে ই কম মাত্ৰাৰ ব্লাড চুগাৰৰ বাবে অতি সহায়ক হয়।


৫)" ৰঙা মাংস" গো-মাংস, গাহৰিৰ মাংস আৰু ছাগলীৰ মাংস ৰঙা মাংসৰ ভিতৰত পৰে। এই মাংসত চৰ্বি বেছি পৰিমানে থাকে যি মধুমেহ ৰোগীৰ বাবে ক্ষতিকাৰক হয়। ই মধুমেহ ৰোগীৰ হৃদপিণ্ড আৰু চুগাৰৰ বাবে খুবেই বেয়া।


৬)" Whole milk" এনেধৰণৰ dairy প্ৰডাক্তত kolestrolৰ মাত্ৰা বেছিকৈ থাকে যিয়ে আপোনাৰ চুগাৰৰ মাত্ৰা বঢ়াই।


৭) " Soft drink" শীতল পানীয় বা কোল্ড ড্ৰিংক্সত অত্যাধিক মাত্ৰাৰ চুগাৰ আৰু এডিটিভ কম্পাউণ্ড থাকে। ইয়াক সেৱন কৰাৰ পাছত শৰীৰত চুগাৰৰ মাত্ৰা বাঢ়ি যায় গতিকে যিমান পাৰি ইয়াক সেৱন কৰাৰ পৰা বিৰত থাকক। 

৮) "Sweetener" বহুতো মানুহে এইটো ভাবে যে কৃত্ৰিম Sweetener যেনে এছপাৰ্টিন মধুমেহ ৰোগীৰ বাবে উপযোগী হয়। কিন্তু সঁচা অৰ্থত ই  'sugar insuline sensitivity' ক কমাই দিয়ে। লগতে ই আমাৰ শৰীৰত metabolism ধীৰ কৰি দিয়ে যাৰ ফলত আমাৰ শৰীৰত চৰ্বি জমা হয়।( Assamese Health Tips )


৯) "Deep Fried Fruit" অধিক তেলত ভজা বস্তু বেছিকৈ খাব নালাগে। যিমান পাৰি হোটেলত অধিক তেলত ভজা বস্তু যেনে চিঙৰা, কছৰী, ভোজীয়া ইত্যাদিবোৰ গ্ৰহণ কৰিব নালাগে। ইয়াত বহুত পৰিমাণৰ ফেট থাকে যি হাৰ্টৰ সমস্যা বঢ়াই আৰু চুগাৰৰ মাত্ৰাও বঢ়াই। 


১০) " Raisins" খিছমিছত অধিক পৰিমাণৰ ফাইবাৰ, ভিটামিন, এন্টিঅক্সিডেন্ট থাকে। কিন্তু তথাপিও ই মধুমেহ ৰোগীৰ চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে। কিয়নো ইয়াত অধিক পৰিমাণৰ প্ৰাকৃতিক চুগাৰ থাকে।


এইবাৰ আহিছোঁ মধুমেহ ৰোগত কি কি খাব লাগে- 


১)" Cinnamon"  যিটোক আমি ডাল চিনি বুলি কওঁ আৰু আমি ইয়াক মছলা জাতীয় সামগ্ৰীত ব্যৱহাৰ কৰোঁ। যদি আপুনি প্রতিদিনে ১/৪ চামুচ ডাল চিনি সেৱন কৰে তেন্তে ই আপোনাৰ শৰীৰৰ চুগাৰ, কলেষ্টলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। আপুনি ইয়াক কফি,দৈ, ডালিয়া ইত্যাদিৰ লগত মিলাই খাব পাৰে। 


২)  "Nuts" বাদাম জাতীয় সামগ্ৰী যেনে কাজু  ইয়াত প্ৰটিনৰ মাত্ৰা বেছি থাকে। ইয়াত কাৰ্ব'হাইড্ৰেটৰ মাত্ৰা কম হোৱাৰ বাবে ই ব্লাড চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে।


৩)  " Beans" ফ্ৰেছবিনত অত্যধিক পৰিমাণত ফাইবাৰ থাকে আৰু লগতে প্ৰটিন ও থাকে। যাৰ ফলত ই আপোনাৰ চুগাৰৰ মাত্ৰা কম হৈ থাকে।


৪)" ব্ৰ'ক'লি"  ইয়াত ছালফুৰাফেন নামৰ এটা কম্পাউণ্ড থাকে। যিয়ে আপোনাৰ শৰীৰৰ তেজৰ সঞ্চালন ঠিক কৰে আৰু ইয়াত কম মাত্ৰাত কাৰ্ব'হাইড্ৰেট থাকে যি আপোনাৰ চুগাৰৰ মাত্ৰা কমাই ৰাখে। লগতে ইয়াত ভিটামিন আৰু আইৰন ও থাকে।


৫)"পালেং শাক "  ই হৈছে মেগনেছিয়ামৰ ভাণ্ডাৰ।মেগনেছিয়ামে আপোনাৰ ব্লাড চুগাৰ লেভেল কমাই ৰখাত অতি সহায়ক হয়। ইয়াৰ উপৰিও ইয়াত ভিটামিন k আৰু ফলেত থাকে।

 

৬)" Olive Oil"  ইয়াত Maufa নামৰ এটা বস্তু থাকে যিয়ে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা কমাই ৰাখে। ইয়াৰ উপৰিও ই আপোনাৰ কলেষ্ট্ৰলৰ মাত্ৰাও বৰ্তাই ৰাখে। 

 

৭) "Oats"  ইয়াত ফাইবাৰৰ মাত্ৰা বেছি পৰিমানে থাকে। ই লাহে লাহে হজম হয়। ইয়াৰ ফলত আপোনাৰ শৰীৰত লাহে লাহে আৰু কম পৰিমাণে চুগাৰ হয়।

 

৮) "Dairy products"গাখীৰ, দৈ আৰু পনিৰত পোৱা কেলচিয়াম,মেগনেছিয়াম  আৰু ভিটামিন D য়ে আপোনাৰ শৰীৰক ইনচুলিন ছেনচিটিভ বনাই। যাৰ ফলত আপোনাৰ উচ্চ ব্লাড চুগাৰৰ শংকা কম হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages