মূৰৰ বিষৰ প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 3, 2021

মূৰৰ বিষৰ প্ৰতিকাৰ : Assamese Health Tips

Assamese Health Tips


আপুনি হয়তো কেতিয়াবা হলেও মূৰৰ বিষ অনুভৱ কৰিছে। মূৰৰ বিষৰ বহুতো কাৰণ আছে। যেনে অস্বাভাবিক নিউৰন কাৰ্য্যকলাপ, অত্যাধিক সুৰাপান, ধূমপান, কম টোপনি আদি। Assamese Health Tips ) 


মূৰৰ বিষৰ বাবে দৈনন্দিন কাম কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চাহৰ কাপৰ আশ্ৰয় লয়। যদি চাহে সঠিক সময়ত সহায়তা নকৰে, তেন্তে আমি পেইনকিলাৰ গ্ৰহণ কৰোঁ, যি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়হে আপুনি যদি সদায় মূৰৰ বিষত ভূগি আছে আৰু পেইনকিলাৰ ঔষধ ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে এই সাধাৰণ টিপচ জানি লওঁক। 


১) পদিনাৰ ৰস- পদিনাত থকা মিথানেল মাংসপেশী শিথিল কৰাত আৰু বিষ হ্ৰাস কৰাত সহায় কৰে। আপোনাৰ কপাঁলৰ আৰু মূৰৰ ওপৰৰ অংশত পদিনাৰ ৰস প্ৰয়োগ কৰক, যাৰ দ্বাৰা আপুনি মূৰৰ বিষৰ পৰা সকাহ লাভ কৰিব। পদিনা বাম পদিনা তেলেও মূৰৰ বিষত কাৰ্য্যকাৰী ৰূপে কৰে। 


২) আদা- আদা হৈছে অলৰাউণ্ডাৰ। আপোনাৰ ডিঙিৰ বিষ হওঁক বা, পেট বিষ হওঁক বা মূৰৰ বিষ হওঁক। আদা হৈছে এক ৰামবাণ। আদাই মূৰৰ বিষৰ পৰা তাৎক্ষণিক সকাহ দিয়ে। আদাই মাইগ্রেইণ সম্পর্কীয় সমস্যাবোৰ ৰক্ষা কৰাত সহায় কৰে। Assamese Health Tips ) 


৩) আপেল ভিনেগাৰ (এপল চাইডাৰ ভাইনেগাৰ) - আপুনি মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে, আপেলৰ ভিনেগাৰ বা আপেল দুয়োটাই ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ বিশেষ কামত বা নিশা পাৰ্টি কৰোঁতে, পিছদিনা পুৱা ভয়ংকৰ মূৰৰ বিষৰ অনুভৱ কৰে, তেন্তে এগিলাচ আপেল চাইডাৰ ভাইনেগাৰৰ পনীয়া বনাই খাব। এই পনীয়াটো তৈয়াৰ কৰিবলৈ ১গিলাচ পানীত ২চামুচ আপেল চাইডাৰ ভিনেগাৰ, কেইটুপালমান মৌ আৰু কেইটুপালমান নেমুৰ ৰস দি পান কৰক। 


৪) কাঠবাদাম- টেবলেটৰ সলনি কাঠবাদাম খাব। শুকান ফল হৈছে মূৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ। ইয়াত চেলিচিন থাকে। যি হৈছে পেইনকিলাৰত পোৱা উপাদানৰ সৈতে একেই। মূৰৰ বিষ উপশম কৰিবলৈ আপুনি ২টা কাঠবাদাম খাব পাৰে। 


৫) তুলসী পাত- তুলসী পাত হৈছে মূৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ। ইয়াত থকা শক্তিশালী বনঔষধীয় উপাদান চাপ যুক্ত মাংসপেশীস শান্ত কৰাত সহায় কৰে, যি মূৰৰ বিষৰ কাৰক। একাপ পানী উতলাই, অলপ তুলসী পাত দি, অলপ সময় উতলিবলৈ দিয়ক আৰু লাহে লাহে এই চাহ পান কৰক। আপুনি ইয়াক সু-স্বাদ কৰিবলৈ মৌ যোগ কৰিব পাৰে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages