এই অভ্যাসে সহজতে পেটৰ চৰ্বি হ্ৰাস হোৱাত সহায়‌ কৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 24, 2021

এই অভ্যাসে সহজতে পেটৰ চৰ্বি হ্ৰাস হোৱাত সহায়‌ কৰে : Assamese Health Tips

Assamese Health Tips

 

পেটৰ চৰ্বি কেনেকৈ কমাব? বন্ধুসকল আহকচোন আজি আমি পেটৰ চৰ্বি কিদৰে কমাব পাৰি সেই বিষয়ে অলপ আলোচনা কৰোঁ । ( Assamese Health Tips )


যদি আপোনালোকে শৰীৰত বাঢ়ি অহা চৰ্বিৰ পৰা মুক্ত হৈ নিজৰ ওজন কমাই এক সুন্দৰ শৰীৰ  বিচাৰে তেন্তে এই লিখাটো শেষলৈকে পঢ়ক।  আমি সকলোৱে ওজন কম কৰিবৰ বাবে বিভিন্ন উপায় বিচাৰি ফুৰো আৰু ইণ্টাৰনেটত বহুতো ভিডিও চাওঁ আৰু প্ৰায় ভিডিওতে কোৱা হয় যে ফাষ্ট ফুড খাব নালাগে।  যিমান কেলৰি আপোনাৰ শৰীৰক প্ৰয়োজন আপুনি তাতকৈ কম খাব লাগে , মিঠা খাব নালাগে ইত্যাদি।  

আমি সকলোৱে এইবোৰৰ বিষয়ে ভালদৰেই জানো কিন্তু আজি আমি এক গোপন তথ্যৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম বিজ্ঞানৰ বিষয়ে। আপুনি জানে নে যদি আপোনাৰ শৰীৰত 'ক'টিছল ' ৰ মাত্ৰা বাঢ়ি থাকে আপুনি যিমান ব্যায়াম কৰিলেও আপোনাৰ ওজন কম নহব।  ক'টিছলৰ মাত্ৰা বাঢ়ি থাকিলে আমি যিমানেই ব্যায়াম কৰিম বা বিভিন্ন ধৰণৰ এক্টিভিটি কৰিম আমাৰ সিমানেই ভোক লাগিব। ভোক লগাৰ ফলত আমি যিকোনো প্ৰকাৰে লুকাই হলেও কিবা এটা খাবই লাগিব যাৰ বাবে আমি কেলৰি নিয়ন্ত্ৰণত থাকিব নোৱাৰো।


আপোনালোকে জানে নে যে এক গৱেষণাত গম পোৱা গৈছে যদি আপোনালোকে লাহে লাহে আহাৰ গ্ৰহণ কৰে অৰ্থাৎ যদি আপোনালোকে আহাৰ গ্ৰহণ কৰোঁতে ১৫ মিনিততকৈ বেছি সময় কৰে তেন্তে আপোনাৰ ভোক কম হৈ যায়। যদি আপোনালোকে শৰীৰৰ ওজন কম কৰিব বিচাৰে তেন্তে আহাৰ লাহে লাহে গ্ৰহণ কৰক। এনেদৰে লাহে লাহে আহাৰ গ্ৰহণ কৰিলে আমাৰ মগজুলৈ সংকেত গৈ পায় যে ব্যক্তজনে আহাৰ গ্ৰহণ কৰি আছে ।এই উপায়টোৱে বহুত সহায় কৰিব আপোনাক যদি আপুনি ওজন কমাব বিচাৰিছে। ( Assamese Health Tips )


ক'টিছলৰ মাত্ৰা বৃদ্ধি হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে মানসিক চাপ। যদি আপুনি মানসিক চাপত ভুগি আছে তেন্তে আপুনি কেতিয়াও ওজন কম কৰিব নোৱাৰিব। এতিয়া আপুনি এই ক্ষেত্ৰত ধ্যান ( Meditation) কৰিব  পাৰে আৰু বেছিকৈ চিন্তাত থাকিব নালাগে। এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হব যে ধ্যান কৰিলে কি লাভ হব?  ধ্যান কৰাৰ ফলত আপোনাৰ মানসিক চাপ কম হব আৰু ক'টিছলৰ মাত্ৰা কমি যাব। আৰু আপোনাৰ যি সঘনাই ভোক লাগে সেইয়া নাইকিয়া হব।  


যদি আপোনালোকে ভাবিছে যে যোগ, ব্যায়াম কৰিলে আপোনাৰ ওজন কম হব তেন্তে আপুনি সেইয়া ভুল ভাবিছে। এই ক্ষেত্ৰত আপোনালোকে ( sprinting) কৰিব পাৰে। sprinting হৈছে ৫/১০  চেকেণ্ডৰ বাবে দৌৰি অলপ সময় ৰৈ আকৌ দৌৰাৰ এক পদ্ধতি। sprinting কৰিলে আমাৰ শৰীৰৰ চৰ্বিৰ মাত্ৰা শীঘ্ৰেই কমি আহে। যদি আপোনালোকে ৰাতিপুৱা ৩০ মিনিট সময় লাহে লাহে দৌৰি আছে তেন্তে তাৰ সলনি আপোনালোকে ৪ মিনিট সময় sprinting কৰক , ই আপোনাক বেছি লাভ দিব।  যদি আপুনি লাহে লাহে দৌৰি ২০০ কেলৰি কম কৰিব পাৰিছে তেন্তে ৪ মিনিট সময় sprinting কৰিও আপুনি ২০০ কেলৰি কম কৰিব পাৰিব ।  sprinting হৈছে উত্তম উপায় আপোনাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কম কৰিবৰ বাবে।( Assamese Health Tips )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages