বনশ্ৰী(নিলাক্ষী) দাস,৩২ বছৰ
নাজিৰা টাউন,শিৱসাগৰ
২১ অক্টোবৰ,বৃহস্পতিবাৰ
বনশ্ৰী দাস আৰু ডঃ সুৰজিত গিৰি |
ICUত স্বামী প্ৰাঞ্জল দাস আৰু ৰোগী বনশ্ৰীৰ পৰা ঘটনাবোৰ জানিব চেষ্টা কৰিলোঁ।
"মংগলবাৰে তাই পেটটো বিষ বুলি কৈছিল।গেছ হৈছে বুলি গেছৰ দৰৱ খাই ভাল পায়।যিটো আমি সকলোৱে প্ৰথমে ভাবো।বুধবাৰে দিনটো অলপ অলপ বিষ আছিল যদিও বৰ আমনি নাছিল।বুধবাৰে ৰাতি প্ৰায় ২ মান বজাৰ পৰা অত্যন্ত পেটৰ বিষ হয়।ৰাতিপুৱালৈ উঠিব নোৱাৰা হয়।আজি হস্পিটেলত গাড়ীৰ পৰা নমাওঁতে তাই সম্পূৰ্ণ দুৰ্বল আৰু মাটিত পৰি গৈছিল।" স্বামী প্ৰাঞ্জল দাসে বিমৰ্শ ভাবে গোটেই কথাখিনি বিৱৰি কয়।
আমি যেতিয়া বনশ্ৰীক পৰীক্ষা কৰো, হাত ভৰি কেইটা চেঁচা, ঘন ঘন কৈ উশাহ লৈছিল, BP মাত্ৰ ৪০ মানহে আছিল, চকু,জিভা শেঁতা পৰিছিল।অৰ্থাৎ তেওঁৰ ৰক্ত ক্ষৰণ হৈছে! কিন্তু কৰ পৰা হৈছে?
"মাহেকীয়া কেতিয়া হৈছিল?"
"৪ দিনমান আগত হৈছিল।" বনশ্ৰীয়ে ফেফাই ফেফাই কয়।
পেটটোত স্থ্যেটস্কপ লগাই চালো,অলপ ফুলি আছে, পেটৰ নাড়ী ভূৰীৰ কুৰুক কাৰক শব্দ আছে।
"কালি কলা পাইখনা হৈছিল।"মাজতে বনশ্ৰীয়ে কয়।
অৰ্থাৎ বনশ্ৰীৰ খাদ্য নলীৰপৰা ৰক্তক্ষৰণ হৈছে।স্বামীক কথাখিনি কৈ ৭-৮ বটল মান তেজ যোগাৰ কৰিব কৈ, ৰক্তক্ষৰণ বন্ধ কৰিবলৈ আনুসংগিক দৰৱ পাতিৰ বিধান দিওঁ।
তথাপি যেন মোৰ ডায়গ্নছিছত মই সন্তুষ্ট হোৱা নাছিলোঁ।ICUৰ চকী খনতে বহি বনশ্ৰীলৈ চাই হব পৰা সাম্ভাব্য ঘটনাবোৰ ফঁহিয়াই আছিলোঁ।
মাহেকীয়া কেইদিন মান আগত হৈছে, অৰ্থাৎ সম্ভৱ গৰ্ভ ধাৰণ(pregnancy) হোৱা নাই।খাদ্যনলীৰ পৰা BP ইমান কম হোৱাকৈ তেজ গৈছেনে?নিজকে প্ৰশ্ন কৰিলোঁ।
বনশ্ৰীৰ চকু নিজে নিজে মুদ খাই গৈছিল।তাই জাগি থাকিব চেষ্টা কৰিছিল,কিন্তু পৰা নাছিল।অসীমলৈ যেন তাই গতি কৰিছে।সম্ভৱ মগজুয়ে অক্সিজেন পোৱা নাই, কাৰণ তাইৰ শৰীৰত তেজৰ পৰিমাণ একেবাৰে নগণ্য। তেজত থকা হিমগ্লবিনে শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেন লৈ যায়।হিমগ্লবিন একেবাৰে কম থাকিলে মগজুলৈ অক্সিজেন কেনেকৈ যাব?
চেলাইন যিমান পাৰি তীব্ৰ গতিত দিবলৈ স্বাস্থ্যকৰ্মী মৌচিনা আৰু ৰাজীৱক কলো।ইতিমধ্যে ডাঃ প্লাৱন কোঁৱৰও সহায়ৰ কাৰণে উপস্থিত হয়।
কিন্তু পেটটো সাংঘাতিক ভাবে আৰু ফুলি গৈছিল, চেলাইন বোৰও যোৱা নাছিল, হাত ভৰি চেঁচা, BP নাই,ঘন ঘন কৈ উশাহ লৈছিল আৰু তাই শুই গৈছিল।আমি যিমান পাৰো তাইক শুব দিয়া নাছিলোঁ।আকৌ পেটটোত স্থ্যেটস্কপ লগাই চালো,এইবাৰ দেখোন পেটৰ নাড়ী ভূৰীৰ কুৰুক কাৰক শব্দ একেবাৰে নাই।
হাতৰ ৰক্ত কেশীকাবোৰ BP একেবাৰে কম থকাৰ কাৰণে সম্পূৰ্ণৰূপে সংকুচিত হৈছিল বাবে চেলাইন দিব পৰা নগৈছিল।
তৎক্ষণাত কৰঙ্গনৰ ডাঙৰ ভেইন(central line) এডালত চেলাইনৰ ব্যৱস্থা কৰা হয়।কামটো কৰি থাকোতে ভাবিলোঁ,গৰ্ভ ধাৰণৰ পৰীক্ষা(pregnancy test) কৰা যাওক।নহলে ইমান কম সময়ৰ ভিতৰত পেটটো ইমান ফুলি নাযায়।পেটতে কৰবাত ৰক্তক্ষৰণ হৈছে।
পেচাবত গৰ্ভ ধাৰণৰ(pregnancy) HCG পৰীক্ষা কৰি, গৰ্ভ ধাৰণৰ কথা প্ৰমাণিত হয়।অৰ্থাৎ সম্ভৱ ভ্ৰূণটোৱে জৰায়ুত থিতাপি নলৈ বেলেগ ঠাইত থিতাপি লৈছে।সম্ভৱ এতিয়া ফুটি গৈছে আৰু পেটত অত্যাধিক ৰক্তক্ষৰণ হৈছে।অৰ্থাৎ তৎক্ষণাত অস্ত্ৰোপচাৰ কৰি,তেজ গৈ থকাটো বন্ধ কৰিব লাগিব।স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ ডাঃ অৰবিন্দ লোচন বৰুৱাক ফোনতে কথা খিনি অৱগত কৰো।
"ছাৰ যেনেতেনে মোৰ ভ্ৰূণটো বচাই দিয়ক।বহুত কষ্ট কৰি হৈছে।"মোৰ হাতখন ধৰি ফেফাই ফেফাই কথা খিনি কৈ বনশ্ৰীয়ে লেবেজান হৈ চকু মুদি দিয়ে।মই আচৰিত মানিলোঁ, নিজৰে অৱস্থা মৃতপ্ৰায়, তথাপি নিজৰ কথা চিন্তা নকৰি, আহিব লগীয়া সন্তানৰ কথাহে চিন্তা কৰিছে।
স্বামীক কথা খিনি বুজাই, তৎকালীন অস্ত্ৰোপচাৰৰ কথা অৱগত কৰোঁ।স্বামী অবাক।কেনেকৈ সম্ভৱ?কেইদিন মান আগত মাহেকীয়া হৈছে হে?
সম্ভৱ সেইয়া স্বাভাৱিক মাহেকীয়া নাছিল।ডাঃ অৰবিন্দই কথাখিনি বুজাব চেষ্টা কৰিছিল।এইখিনি সময়তে অস্ত্ৰোপচাৰ কক্ষৰ স্বাস্থ্য কৰ্মী চবিতা, বিজু, জোনালীক তৎকালীন অস্ত্ৰোপচাৰৰ কাৰণে যা যোগৰ কৰিব বিধান দিওঁ।
বনশ্ৰীৰ পৰিয়ালবৰ্গক আমি এইটোও অৱগত কৰোঁ যে এইয়া আমাৰ ক্লিনিকেল ডায়গ্নছিছ হে।কিন্তু পেটৰ ভিতৰখনত বেলেগ এটা ঘটনা হৈ থাকিবও পাৰে।যিটো আমাৰ সাধ্যৰ বাহিৰতও হব পাৰে।আমি মাত্ৰ চেষ্টাহে কৰিব পাৰো।( Assamese Health Tips )
এইটো অৱস্থাত এখন আলট্ৰাচাউণ্ড (USG) কৰি আমি ফঁহিয়াই থকা কথা বোৰৰ সত্যতা প্ৰমাণ হলহেতেন।কিন্তু সেই মুহূৰ্তত USG সম্ভৱ নহয়।আমি অস্ত্ৰোপচাৰ কক্ষলৈ বুলিহে বনশ্ৰীক লৰচৰ কৰাব পাৰিম।কাৰণ ৪০ BPত আমি বিশেষ একো কৰিব নোৱাৰো।আমি সোনকালে কিবা এটা কৰিব লাগিব।
স্বামী প্ৰাঞ্জলে কান্দি কান্দি অস্ত্ৰোপচাৰৰ সন্মতি পত্ৰত স্বাক্ষৰ কৰি কলে "ছাৰ যেনেতেনে তাইক বচাই দিয়ক।"
স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ললিত বৰা আৰু ডাঃ সুন্দৰ চাংমাইক সহায়ৰ বাবে ফোন কৰা হয়।কথা বিষম দেখি তেওঁলোকেও ততা তৈয়াকৈ প্ৰগতি হস্পিটেল পায়।
অস্ত্ৰোপচাৰ কক্ষত সংজ্ঞাহৰণ প্ৰয়োগ কৰা সময়ত,১০০% অক্সিজেন দিয়াৰ পাছতো, মনিটৰত বনশ্ৰীৰ শৰীৰত অক্সিজেন পৰিমাণ শূন্য হোৱা দেখা পাওঁ। তেতিয়ালৈকে পেটটো ফুলি ঢোল নিচিনা হৈ গৈছিল।অৰ্থাৎ বনশ্ৰীৰ পেটটো তেজেৰে উফন্দী উঠিছিল।অস্ত্ৰোপচাৰৰ আগে আগে,অস্ত্ৰোপচাৰ কক্ষত, বনশ্ৰীৰ চকু জুৰি ভাঁহি উঠিল।মোলৈ চাই তেওঁ সুধিছিল"মই ভাল হমনে?"
তাই ঘূৰি আহিবনে?আমিও নিশ্চিত নাছিলোঁ।তথাপি তাইক কলো, "সকলো ভাল হব।ঈশ্বৰক চিন্তা কৰক।আপুনি এতিয়া টোপনি যাব, অস্ত্ৰোপচাৰ শেষ হলে,মই আপোনাক জগাই দিম।"
মনে মনে ভাবিছিলোঁ আমাৰ সিদ্ধান্ত সঠিক আছিল নে?যদি আমি ভবাটো নহয়, তেনেহলে?খাদ্য নলীৰপৰা যদি ৰক্তক্ষৰণ হৈছে,তেনেহলে আমাৰ হাতত শল্য চিকিৎসক নাই, সেই মুহূৰ্তত আমি কেনেদৰে আগ বাঢ়িম, সেইবোৰ ভাবি থাকোতে,ডাঃ অৰবিন্দ/ডাঃ ললিত বৰা আৰু ডাঃ সুন্দৰ চাংমাইয়ে অতি ক্ষিপ্ৰতাৰে অস্ত্ৰোপচাৰ কৰি ৰক্ত ক্ষৰণ হোৱা ঠাইটো বান্ধি কলে "আমাৰ ডায়গ্নছিছ (diagnosis,সঠিক ৰোগ ধৰা পেলোৱা) শুদ্ধ আছিল বুজিছা।ভ্ৰূণটোৱে জৰায়ুৰ সলনি ফেলপাইন টিউবত থিতাপি লৈছিল আৰু ফাটি গৈছিল।বনশ্ৰীৰ শৰীৰত থকা সমগ্ৰ তেজখিনি পেটত আছিল বাবে পেটতো ঢোলৰ নিচিনাকৈ ফুলি গৈছিল।"
স্বস্তিৰ নিশ্বাস পেলাই, মিন্টু আৰু ৰাতুলক তেজ কেইটা তীব্ৰ গতিত বনশ্ৰীৰ দেহত প্ৰয়োগ কৰিব বিধান দিওঁ।বনশ্ৰীক সৰ্বমুঠ ৮ বটল তেজ দিয়া হয়।
এটা দোদুল্যমান সময়ৰ যৱনিকা পৰিল।যদিও আমি আমাৰ সিদ্ধান্তত প্ৰায় নিশ্চিত আছিলোঁ,তথাপি আমাৰ ডায়গনছিছ সঠিক বুলি প্ৰমাণিত কৰিবলৈ USG বা বাকী একো পৰীক্ষা নিৰীক্ষাৰ ৰিপৰ্ট নাছিল।আমাৰ হাতত মাত্ৰ পেচাবত গৰ্ভ ধাৰণৰ ৰিপৰ্টহে আছিল। মাত্ৰ ক্লিনিকেল ডায়গ্নছিছৰ ওপৰত ভৰসা কৰি আমি আগ বাঢ়িছিলোঁ।
সম্ভৱ আমি সিদ্ধান্তবোৰ লবলৈ আৰু ৫ মিনিটমান দেৰি কৰা হেতেন, সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা পালোহেতেন।ICUত ভৰ্তি হোৱাৰ পৰা প্ৰায় আধা ঘণ্টাৰ ভিতৰত ৰক্তক্ষৰণ হোৱা অংশটো বান্ধি পেলোৱা হয়।অন্যথা কথাটো ফুটা কলহত পানী ভৰোৱা নিচিনা কথা হল হেতেন।আমি বনশ্ৰীৰ দেহত তেজ প্ৰয়োগ কৰি থাকিলোঁ হেতেন,সিফালে ভ্ৰূণ ফাটি যোৱা অংশটোৰপৰা তেজ গৈ থাকিল হেতেন।
আজিকালি আমি সকলোৱে একো একোজন গুগোল ডাক্তৰ।কেতিয়াবা আমি শুনো, সামান্য গেছৰ সমস্যাৰ কাৰণে ডাক্তৰজনে পইচাৰ লোভত USGৰ পৰা আৰম্ভ কৰি বিভিন্ন তেজৰ পৰীক্ষা কৰিব দিয়ে।কেতিয়াবা আকৌ গেছৰ কাৰণে ECG কৰিব দিয়ে।হয় আপোনাৰ গেছ হব পাৰে,সকলোৰে হয়,আমাৰো হয়, কিন্তু কেতিয়াবা সেয়া গেছ নহবও পাৰে।কেতিয়াবা দুদিনমানৰপৰা গেছ গেছ বুলি বুকুত জ্বলা পূৰা হৈ থকা ব্যক্তিৰ হাৰ্ট এটেক ওলায়।যেতিয়া ৰোগী আমাৰ ওচৰলৈ দেৰিকৈ সংকটজনক অৱস্থাত আহে,কেতিয়াবা আমি সফল আৰু কেতিয়াবা বিফল হওঁ।
হয় আমি প্ৰথমে ৰোগীক পৰীক্ষা কৰি ৰোগৰ বিষয়ে এটা সিদ্ধান্তত উপনীত হওঁ।আমাৰ সিদ্ধান্তবোৰ সঠিক বুলি প্ৰমাণ কৰিবলৈ আমি বিভিন্ন তেজৰ পৰীক্ষা/CT স্কেন বা MRI কৰিবলৈ বিধান দিওঁ।কোনো স্বাস্থ্যকৰ্মীয়ে টকা/পইচাৰ কথা ভাবি পৰীক্ষা নিৰীক্ষাবোৰ নকৰে আৰু যদি কোনোবাই সেই ভাবি পৰীক্ষা নিৰীক্ষাবোৰ কৰিছে,তেনেহলে সেইয়া অত্যন্ত দুৰ্ভাগ্যজনক।
কেইদিনমান আগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ডাক্তৰ বন্ধু এজনে কৈছিল"আজিকালি সামান্য মূৰৰ বিষতে ৰোগী আৰু আত্মীয়ই ফ্ৰী CT স্কেন বা তেজ পৰীক্ষা কৰিবলৈ হেঁচা দিয়ে!কিন্তু একেজন ডাক্তৰে নাৰ্ছিং হোমত ক্লিনিকেল ডায়গ্নছিছৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ পৰীক্ষা কৰিব দিলে, সেয়া পইচাৰ লোভ বুলি কয়।কথাবোৰ কিবা বুজি নাপাওঁ।"
দুটা ঘটনা হোৱাৰ অৱকাশ আছিল।খাদ্য নলীৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা, যিটো ক্ষেত্ৰত আমাৰ সিদ্ধান্ত ভুল হল হেতেন আৰু আজি বনশ্ৰী জীয়াই নাথাকিলে হেতেন।তেতিয়াই হৈ চাই, চিঞৰ বাখৰবোৰ হলহেঁতেন, সমাজে আমাক বিভিন্ন বিশেষণেৰে বিভূষিত কৰিলে হেতেন।সমাজ/ৰাইজে কলেহেতেন ভুল চিকিৎসা বা চিকিৎসকৰ গাফিলতিৰ বাবে বনশ্ৰীৰ মৃত্যু হল।USG কেলৈ নকৰিলে, তেজৰ ৰিপৰ্টবোৰৰ কাৰণে কিয় ৰখি নিদিলে ইত্যাদি ইত্যাদি!কিন্তু আচল কথাটো শুনিবলৈ সমাজ বা ৰাইজৰ আহৰি নহলহেতেন।
স্বাস্থ্যকৰ্মী সকলক কটু কথা/বাক্য/বিশেষণ আদিৰে থকা সৰকা কৰিলহেতেন।সমাজ/ৰাইজ/বিভিন্ন টক চত উপদেশ দিয়া আমাৰ সমাজৰ মুধা ফুটাসকল ৰাতিটোৰ ভিতৰতে একো একোজন ডাক্তৰ/স্বাস্থ্যকৰ্মী হলহেঁতেন।এনেকৈ কৰিব লাগিছিল বা তেনেকৈ কৰিব লাগিছিল বুলি বৰ বৰ কথা কলেহেঁতেন।কিন্তু আচল ঘটনাটো জানিবলৈ কাৰো আহৰি নহল হেতেন?
এইয়াই সম্ভৱ একবিংশ শতিকাৰ স্বাস্থ্য কৰ্মীসকলৰ জীৱন।আধুনিক পৰীক্ষা নিৰীক্ষা কৰিলেও বিপদ, নকৰিলেও বিপদ।
প্ৰগতি চিকিৎসালয়ৰ সকলো স্বাস্থ্যকৰ্মী,বনশ্ৰীৰ স্বামী আৰু পৰিয়ালবৰ্গৰ সহযোগিতাৰ বাবে বনশ্ৰী আজি সম্পূৰ্ণ সুস্থ।সকলোকে এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
বনশ্ৰীৰ আকস্মিক ঘটনাটোৰ সাৰমৰ্ম:
আপোনাৰ পেটত হোৱা গেছ গেছ ভাবটো কেতিয়াবা গেছ নহবও পাৰে।আপোনাৰ ডাক্তৰৰ লগত কথা পাতক আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন পৰীক্ষা পাতি কৰক।
বনশ্ৰী দাস আৰু স্বামী প্ৰাঞ্জল দাসৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।( Assamese Health Tips )
ধ্যন্যবাদেৰে
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
No comments:
Post a Comment