আদা সকলোৰে পৰিচিত এবিধ মছলা জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদৰে গা গছডাল মাটিৰ ওপৰত থাকে আৰু কাণ্ড মাটিৰ তলত হয়। ( Assamese Health Tips )
মছলা জাতীয় উদ্ভিদ হোৱাৰ বাবে ৰন্ধন কাৰ্য্যত আদা প্ৰচুৰ ব্যৱহাৰ হয়। আদাৰ পৰা, আচাৰ, চাটনি, আদিও তৈয়াৰ কৰা হয়। আদাৰ বহু ঔষধি গুণ আছে। সেয়ে বিভিন্ন ৰোগৰ প্ৰতিৰোধ হিচাপে আদা ব্যৱহাৰ কৰা হয়।
আদাৰ ঔষধি গুণ সমূহ হৈছে-
১/আদাৰ ৰস, নেমুৰ ৰস, আৰু মৌ সমপৰিমানণে লৈ দিনে তিনি-চাৰিবাৰ খালে কাঁহত আৰাম পোৱা যায়।
২/ভোক নালাগিলেও আদা কাটি নিমখ চটিয়াই খালে, ভোক লাগে। পেটত গেছ হলেও এনেদৰে খালে আৰাম পোৱা যায়।
৩/মাত বহিলে আদাৰ ৰসৰ লগত মৌ মিহলাই খালে মাত ওলাই। ( Assamese Health Tips )
৪/আদাই হজম কৰাত সহায় কৰে।
৫/জ্বৰ হলে আদাৰ ৰস, পদিনাৰ ৰস আৰু সান্ধ্য লৱণ মিহলাই খালে উপকাৰ পোৱা যায়।
৬/কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে সমান পৰিমাণে আজৱাইন, আদা আৰু গুড় মিহিকে পিহি গৰুৰ ঘিউত ভাজিব লাগে। তাৰ পিছত মিশ্ৰণ খিনি পানীত দি পগাব লাগে। মিশ্ৰণ খিনি নিয়মিত ভাৱে খালে কোষ্ঠকাঠিন্য কমে।
৭/বমি হলে আদা আৰু পিয়াঁজৰ ৰস মিহলাই খালে বমি বন্ধ হয়।
৮/পাতল পায়খানা হলে আদা পিহি পানীত উতলাই সেই পানী দিনে ২-৩বাৰ ৰোগীক খুৱালে ৰোগ নিৰাময় হয়।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment